YouTube ত উপলদ্ধ পৱিত্ৰ কোৰআনৰ অসমীয়া অডিঅ' সংস্কৰণ

Story by  Ariful Islam | Posted by  [email protected] • 2 h ago
মৌলানা নুৰুল আমিন কাছিমিয়ে পবিত্ৰ কোৰআনৰ অসমীয়া সংস্কৰণৰ কণ্ঠদান কৰি থকা মুহূৰ্তৰ ছবি
মৌলানা নুৰুল আমিন কাছিমিয়ে পবিত্ৰ কোৰআনৰ অসমীয়া সংস্কৰণৰ কণ্ঠদান কৰি থকা মুহূৰ্তৰ ছবি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
কোৰআন হৈছে আল্লাহৰ পৰা নাজিল হোৱা এখন পবিত্ৰ কিতাপ। বহুতেই এই  পৱিত্ৰ গ্ৰন্থখনক কেৱল ইছলাম ধৰ্মাৱলম্বীলোকৰ বুলি কৈ সীমাবদ্ধ কৰিব বিচাৰে। আচলতে মহান আল্লাহে এই পবিত্ৰ কোৰআনখন সমগ্ৰ মানৱ জাতিৰ বাবেই প্ৰেৰণ কৰিছিল। সৎ পথত জীৱন অতিবাহিত কৰিব বিচৰা প্ৰতিজন লোকেই কোৰআন অধ্যয়ন কৰিব লাগে।
 
পবিত্ৰ কোৰআনখন মূলত আৰবী ভাষাত লিপিবদ্ধ যদিও বিভিন্ন সময়ত বিভিন্ন ভাষাত ইয়াৰ অনুবাদ কৰা হৈছে। ভাৰতবৰ্ষৰ দৰে দেশত অধিকাংশ লোকেই আৰৱী ভাষা বুজি নাপায়। ইছলাম ধৰ্মাৱলম্বী লোকসকলে শিশু অৱস্থাতে কম বেছি পৰিমানে আৰৱী বা কোৰআনৰ শিক্ষা গ্ৰহণ কৰে যদিও ইয়াৰ অৰ্থ বুজি নাপাই বা নাজানে। সেয়েহে পবিত্ৰ কোৰআনত আল্লাহে কি কৈছে বা কি উপদেশ দিছে সেই বিষয়ে আলিম-ওলেমাসকলৰ পৰা হে শুনি থাকে। কিন্তু পবিত্ৰ কোৰআনখন নিজৰ নিজৰ মাতৃভাষাত উপলদ্ধ হোৱাৰ লগে লগে নিজেই সকলো পঢ়িব পাৰে। লগতে অন্য ধৰ্মাৱলম্বী লোকেই কোৰআনৰ প্ৰতি আগ্ৰহ থাকিলে মাতৃভাষাতে পঢ়িব পাৰে।
 
এতিয়া পবিত্ৰ কোৰআনত কি আছে সেয়া জানিবলৈ আৰু অধিক সহজ হৈ পৰিছে। ইউটিউবত উপলদ্ধ হৈছে অসমীয়া অ'ডিঅ' কোৰআন। সকলো ধৰ্মাৱলম্বী লোকসকলে ইউটিউবতে পবিত্ৰ কোৰআনখন শুনিব পাৰিব। ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিৰ নেতৃত্বত এতিয়া ইউটিউবত উপলদ্ধ হৈছে অসমীয়া কোৰআনৰ অ'ডিঅ। "মোক এই মহান কামটো কৰিবলৈ আমাৰ সকলোৰে গুৰু হোজাই জালালিয়া মাদ্ৰাছাৰ শ্বেইখ-উল-হাদিছ হজৰত মৌলানা ছামছুদ্দিন চাহাবে পৰামৰ্শ দিছিল। সেই মৰ্মেই মই চেষ্টা কৰি অসমীয়া অ'ডিঅ সংস্কৰণৰ কামটো আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লোঁ", মৌলানা নুৰুল আমিন কাছিমিয়ে কয়।

৪ বছৰৰ নেৰানেপেৰা প্রচেষ্টা আৰু পৰিশ্ৰমৰ ফলত কোৰআনৰ অসমীয়া অ'ডিঅ সংস্কৰণ সম্পূৰ্ণ হৈ উঠিছিল। পবিত্ৰ কোৰআনৰ সম্পূৰ্ণ অনুবাদ মৌলানা নুৰুল আমিন কাছিমিয়ে কৰিছিল। এগৰাকী চৌদি আৰৱৰ ইমাম আৰু কাৰী আব্দুল্লাহে আৰৱী অ'ডিঅৰ বাবে কণ্ঠদান কৰিছিল আৰু অসমীয়া অনুবাদৰ সম্পূৰ্ণ কণ্ঠদান মৌলানা কাছিমিয়ে কৰিছিল।
 
মৌলানা নুৰুল আমিন কাছিমিয়ে কোৰআনৰ অসমীয়া অনুবাদৰ অ'ডিঅ'ৰ কাম কৰোঁতে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখা গৈছিল। এগৰাকী অমুছলমান যুৱক অংকুৰ শইকীয়াৰ ষ্টুডিঅ' সমগ্ৰ কোৰআনৰ ৰেকৰ্ডিঙৰ কাম কৰা হৈছিল। "ৰেকৰ্ডিঙৰ কাম কৰিবৰ বাবে আমাক ষ্টুডিঅৰ প্ৰয়োজন হৈছিল। তেতিয়া মই অংকুৰক কথাষাৰ কওঁতে, তেওঁ অতি আগ্ৰহেৰে আমাক তেওঁৰ ষ্টুডিঅ'তে কামখিনি কৰাৰ সুবিধা প্ৰদান কৰিলে। তেনেকৈয়ে আমি আমাৰ কামখিনি সম্পূৰ্ণ কৰিলোঁ", মৌলানা নুৰুল আমিন কাছিমিয়ে কয়।
 
উল্লেখযোগ্য যে যিসকলে কোৰআন পঢ়িব নাজানে কিন্তু কোৰআনত কি আছে জানিবলৈ উৎসুক, তেওঁলোকৰ বাবে এই অডিঅ' সংস্কৰণটো অতি সুবিধাজনক। মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; "ধৰ্মীয় দৃষ্টিভংগীৰে কোৰআন পঢ়িলে প্ৰতিটো আখৰত ছোৱাব (পূণ্য) পোৱা যায়। যিসকলে কোৰআন পঢ়িব নাজানে, কিন্তু কোনোবাই পঢ়িলে মনোযোগেৰে শুনে, তাতেও ছোৱাব পোৱা যায়। কোৰআনখন কেৱল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে নহয়, এই আল্লাহৰ এই পবিত্ৰ গ্ৰন্থখন সমগ্ৰ মানৱ জাতিৰ বাবেই। যিসকলে হেদায়ত বা সৎ পথ বিচাৰে, তেওঁলোকৰ বাবেই হৈছে কোৰআন। কোৰআনত প্ৰত্যেকটো জাতি ধৰ্মৰ বাবেই পথ প্ৰদৰ্শন কৰা হৈছে। যদি কোনোবাই ইয়াৰ পৰা সৎ পথ ল'ব বিচাৰে, তেন্তে নিশ্চিত ভাবে ল'ব পাৰে।"
 
মৌলানা নুৰুল আমিন কাছিমি
 
কোৰআনৰ অৰ্থ সকলোৱে পঢ়িব পাৰে নে নোৱাৰে সেই বিষয়ে সোধাত মৌলানা কাছিমিয়ে কয়; "তেনেকুৱা কোনো কথা নাই, কোৰআনৰ অৰ্থ সকলোৱে পঢ়িব পাৰে। মূল কথাটো হ'ল পবিত্ৰ কোৰআনখন বুজিব চেষ্টা কৰিব লাগে। কিন্তু তাত এটা কথা আছে, কোৰআন যিহেতু আৰৱী ভাষাত লিপিবদ্ধ আছে। তাৰ অৰ্থ বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ হোৱা দেখা যায়। যদি উপৰি উপৰি অৰ্থ পঢ়িলে কোৰআনক ভুলকৈ বুজিব পাৰে। গতিকে কোৰআন পঢ়াৰ ক্ষেত্ৰত এজন গাইড ল'ব লাগে। গাইড জন এজন আলিম হ'লে ভালদৰে বাখ্যা কৰি দিব পাৰে।"
 
উল্লেখযোগ্য যে, পবিত্ৰ কোৰআনৰ অসমীয়া অৰ্থৰ অডিঅ' সংস্কৰণ মুকলি হোৱাৰ পিছত এতিয়া মৌলানা নুৰুল আমিন কাছিমিয়ে কোৰআনৰ টফছিৰ (বাখ্যা বা ভাঙনি) অডিঅ ইউটিউব যোগে প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। "যিহেতু এই কামৰ বাবে আমাক অলপ অৰ্থৰ প্ৰয়োজন হয়। গতিকে যদি কোনো ব্যক্তিয়ে এই কামৰ বাবে আমাক আৰ্থিক অনুদান আগবঢ়াব বিচাৰে তেন্তে আমি কামটো সোনকালে আৰম্ভ কৰিব পাৰিম", মৌলানা নুৰুল আমিন কাছিমিয়ে কয়।
 
উল্লেখযোগ্য যে মৌলানা নুৰুল আমিন কাছিমিৰ নেতৃত্বত প্ৰকাশ পোৱা অসমীয়া অৰ্থৰ অডিঅ' অসমীয়াত শুনিব বিচাৰে তেন্তে ইউটিউবত Assamese Translation of Quran নতুবা Nurul Amin Qasimi বুলি বিচাৰিলে দেখা পাব। Voice of Assamese Quran নামৰ ইউটিউব চেনেলটোত এই অডিঅ' সংস্কৰণ উপলদ্ধ আছে।