মছজিদ কৰ্তৃপক্ষৰ ১৫ বছৰীয়া দাবী পূৰণ, কৱৰস্থান সম্প্ৰসাৰণৰ বাবে ৫ বিঘা ভূমি দান ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ

Story by  Mukut Sarma | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
মুকুট শৰ্মা / গুৱাহাটী
 
হিন্দু-মুছলমানৰ মিলনৰ তীৰ্থভূমি অসম। মুছলমানৰ আজান, হিন্দুৰ শংখ ধ্বনিয়ে মুখৰিত কৰা এই অসম ভূমিত গাত গা লগাকৈ আছে মুছলমানৰ পোৱা মক্কা, হিন্দুৰ হয়গ্রীৱ মাধৱ মন্দিৰ। অসমৰ এনে সাতামপুৰুষীয়া একতা-সংহতি আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীক শেহতীয়াকৈ সৱল আৰু শক্তিশালী কৰাত আগভাগ লৈছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু মন্দিয়া জামে মছজিদ কৰ্তৃপক্ষই।     
 
 
পশ্চিম অসমৰ বৰপেটা জিলাৰ নিকটৱৰ্তী মুছলমান অধ্যুষিত অঞ্চল মন্দিয়াত অৱস্থিত জামে মছজিদ আৰু কবৰস্থানলৈ ৫ বিঘা মাটি দান কৰি বৰপেটা সত্ৰই হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। 
 
এচাম উগ্ৰ-সাম্প্ৰদায়িক মনোভাৱৰ লোকে অসমৰ সাতামপুৰুষীয়া ঐক্য, শান্তি, সংহতি আৰু পৰস্পৰৰ মাজত থকা সদ্ভাৱ, বিশ্বাস তথা ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা চলাই থকাৰ সময়তে মহাপুৰুষ মাধৱদেৱে ১৫৮৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰই মছজিদৰ নামত ৫ বিঘা মাটি দান কৰি মহানুভৱতাৰ পৰিচয় দিছে। 
 
মন্দিয়া জামে মছজিদ প্ৰাংগণত অনুষ্ঠিত হোৱা ভূমি দান ও হস্তান্তৰ সভাখন
 
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাৰ বহুদিনীয়া ইচ্ছা পূৰণ কৰি সত্ৰৰ বৰ্তমানৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা এই মহৎ প্ৰচেষ্টাই সমাজত বিয়পি থকা অসহিষ্ণুতা আৰু ঘৃণাৰ পৰিৱেশ নাশ কৰি এক সদ্ভাৱ আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিছে।
 
“২০০৮ চনৰ পৰা বৰপেটা সত্ৰ আৰু মন্দিয়া জামে মছজিদৰ সীমাক লৈ আমাৰ মাজত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে। ২০০৮ৰ পৰা আৰম্ভ হোৱা সেই আলোচনাৰ অৱশেষত আজি অন্ত পৰিল। সকলো অপেক্ষাৰ অন্ত পেলাই বৰপেটা সত্ৰ কৰ্তৃপক্ষই আমাৰ মছজিদ আৰু কৱৰস্থানৰ নামত ৫ বিঘাৰো অধিক মাটি দান কৰাৰ সিদ্ধান্ত লৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাৰ নেতৃত্বত এই কামৰ আৰম্ভণি হৈছিল। সেয়ে, আজি আমি সকলোৱে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছো,”মন্দিয়া জামে মছজিদ কমিটিৰ সদস্য আব্দুল কালাম আজাদে কয়।
 
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰয়াত বৈশিষ্ঠ দেৱশৰ্মালৈ শ্রদ্ধাঞ্জলি জনাই ভূমি দান অনুষ্ঠানত মৌন প্ৰাৰ্থনা কৰে
 
মন্দিয়া জামে মছজিদ ঈদগাহ ময়দানত উপস্থিত হৈ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক, সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসসহ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে মছজিদৰ নামত ৫ বিঘা মাটি দান কৰাটো দেশৰ সাম্প্ৰতিক পৰিস্থিতিত অত্যন্ত আদৰণীয় পদক্ষেপ বুলি আব্দুল কালাম আজাদে উল্লেখ কৰে।
 
‘বৰপেটা সত্ৰ কৰ্তৃপক্ষই আজি মানৱতাৰ পৰিচয় দিছে। তেওঁলোকে সমাজত এই বাৰ্তা দিছে যে আমি হিন্দু-মুছলমান-খ্ৰীষ্টান-জৈনৰ বাবে নহয়, মানৱতাৰ বাবে কাম কৰা উচিত। ধৰ্মক কেন্দ্ৰ কৰি সমাজক বিভেদ কৰা শক্তিসমূহে তেওঁলোকৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে,’ জামে মছজিদ কমিটিৰ সদস্য আব্দুল কালাম আজাদে পুনৰ কয়।
 
জামে মছজিদ কমিটিৰ সদস্য আব্দুল কালাম আজাদ
 
ইফালে, বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্য অশোক কুমাৰ দাসে ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, ‘মন্দিয়া জামে মছজিদ কৰ্তৃপক্ষই ২০০৮ চনতে তেওঁলোকৰ কৱৰস্থানৰ গাতে লাগি থকা বৰপেটা সত্ৰৰ কিছু মাটি বিচাৰি আবেদন জনাইছিল। তেওঁলোকে কৱৰস্থান সম্প্ৰসাৰণ কৰিবলৈ আমাৰ পৰা মাটি বিচাৰিছিল। তেতিয়াই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া সদ্যপ্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাই বিষয়টো গুৰুত্বসহকাৰে লৈ তেওঁলোকক ভূমি আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। অৱশ্যে, বহু বছৰ ধৰি বিভিন্ন কাৰণবশতঃ এই কাম পিছুৱাই আছিল। কিন্তু মছজিদ কৰ্তৃপক্ষই পুনৰ অনুৰোধ জনোৱাত যোৱা বছৰৰ আগষ্ট মাহত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া সদ্যপ্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাই মছজিদ কৰ্তৃপক্ষক ৫ বিঘা মাটি দানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি শেহতীয়াকৈ আমি মন্দিয়া জামে মছজিদ কৰ্তৃপক্ষক তেওঁলোকৰ কৱৰস্থান সম্প্ৰসাৰণৰ বাবে ভূমি দান কৰো।’
 
উল্লেখ্য যে, বুধবাৰে এক ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে সত্ৰৰ ৫ বিঘা ভূমি মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিক অৰ্পণ কৰা হয়। মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাখনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক, সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসসহ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ ১৩ জনীয়া দল এটা উপস্থিত থাকে।
 
ধৰ্মীয় একতা-সম্প্ৰীতিৰ এক মনোমোহা পৰিৱেশ সৃষ্টি হোৱা সভাখনত জামে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা বৰপেটা সত্ৰৰ বিষয়ববীয়া সকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে, সভাৰ পূৰ্বে ভূমি দানৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে। বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ প্ৰতিচ্ছবিত জামে মছজিদ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলেও পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।