এন ডি এৰ তিনিগৰাকী প্ৰাৰ্থীয়ে ৰাজ্যসভাৰ মনোনয়ন দাখিল কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 6 h ago
প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে, বৃহস্পতিবাৰে
প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে, বৃহস্পতিবাৰে
গুৱাহাটী

অসমৰ শাসকীয় এন ডি এৰ ৰাজ্যসভাৰ তিনিগৰাকী আকাংক্ষী -– বিজেপিৰ যোগেন মোহন আৰু তেৰশ গোৱালাৰ লগতে ইউ পি পি এলৰ প্ৰমোদ বড়োৱে -- বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

যিহেতু বিৰোধীয়ে ৰাজ্যৰ বিধায়িনী দলত প্ৰয়োজনীয় সংখ্যাৰ অভাৱত কোনো প্ৰাৰ্থী ঘোষণা কৰা নাই, সেয়েহে এন ডি এৰ তিনিজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এন ডি এৰ তিনিজন সদস্যই মনোনয়ন পত্ৰ দাখিল কৰে।

বিৰোধী সমৰ্থিত নিৰ্দলীয় অজিত কুমাৰ ভূঞাৰ সৈতে বিজেপিৰ ভুৱনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলীৰ তিনিখন ৰাজ্যসভাৰ আসনৰ ম্যাদ অহা ৯ এপ্ৰিলত শেষ হ’ব।
মাহমৰা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা মোহন বৰ্তমান পৰিবহণ, পাহাৰীয়া অঞ্চল উন্নয়ন, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ ৰাজ্যিক কেবিনেট মন্ত্ৰী।

দুলীয়াজান বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা গোৱালাই চাইকেলেৰে বিধানসভালৈ গৈ মনোনয়ন দাখিল কৰে।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য বড়ো ৰাজ্যসভাত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ দ্বিতীয়জন সাংসদ হ’ব।

উচচ সদনৰ আন সদস্যসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ কনদ পুৰকায়স্থ, অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ইউ পি পি এলৰ ৰংৰা নাৰ্জাৰী।

১২৬ জনীয়া অসম বিধানসভাত বিজেপিৰ ৬৪ জন, মিত্ৰ দল অগপৰ ৯ জন, ইউপিপিএলৰ ৭ জন আৰু বডো পিপলছ ফ্ৰণ্টৰ তিনিজন বিধায়ক আছে।

বিৰোধী কংগ্ৰেছত ২৬ জন, এ আই ইউ ডি এফৰ ১৫ জন সদস্য থকাৰ লগতে চি পি আই (এম)ৰ এজন আৰু এজন নিৰ্দলীয় বিধায়ক আছে।