নতুন দিল্লী
পূৰ্বৰ তুলনাত ৰে'ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। আজিৰে পৰা ৰে'ল যাত্ৰা কৰোঁতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰ্যালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয় যে, ২১৫ কিলোমিটাৰৰ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু নন-এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ (এচি) ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত দুপইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে, ২১ ডিচেম্বৰত ৰে'ল মন্ত্ৰ্যালয়ে ২৬ ডিচেম্বৰৰ পৰা এই নতুন ভাৰা কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছিল। এবছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰে'লৰ ভাৰা বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে জুলাইত ভাৰা বৃদ্ধি কৰা হৈছিল। লগতে ৰে'ল মন্ত্ৰ্যালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিঃমিঃ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাৰা বৃদ্ধি কৰা হোৱা নাই।
ইপিনে ৰাজধানী, শতাব্দী, দুৰন্তো, বন্দে ভাৰত, তেজছ, হমছফৰ,অমৃত ভাৰত, গৰীব ৰথ, জন শতাব্দী, ছুপাৰফাষ্ট চাৰ্জ আদিত কোনো সালসলনি নহয়। ইপিনে, জি এছ টিও পূৰ্বৰ দৰে একেই থাকিব। সংশোধিত ভাৰা আজিৰে পৰা বা আজিৰ পাছত যিসকলে ৰে'লৰ টিকট বুকিং কৰিছে তেওঁলোকৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি প্ৰযোজ্য হ’ব।