হিংসাত্মক ঘটনাৰ পিছতে তৎপৰ আৰক্ষী-প্ৰশাসন, পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি

Story by  atv | Posted by  [email protected] • 1 h ago
হিংসাত্মক ঘটনাৰ পিছতে তৎপৰ আৰক্ষী-প্ৰশাসন, পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি
হিংসাত্মক ঘটনাৰ পিছতে তৎপৰ আৰক্ষী-প্ৰশাসন, পশ্চিম কাৰ্বি আংলঙত BNSSৰ ১৬৩ ধাৰা জাৰি
 
গুৱাহাটী
 
পাহাৰীয়া কাৰ্বি ভূমিত সোমবাৰে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ প্ৰতিবাদী উত্তেজিত লোকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ ডংকামোকামস্থিত বাসগৃহত অগ্নিসংযোগ কৰাৰ পিছতে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। 
 
উল্লেখ্য যে জিলাখনত বিশেষকৈ খেৰনিৰ সমীপৰ প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ, চমুকৈ PGR আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত অঞ্চলসমূহত ভূমি বেদখলৰ সমস্যাক লৈ শেহতীয়াকৈ বৃদ্ধি পাইছিল উত্তেজনা। সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ পৰা অবৈধ বসতিস্থলসমূহ উচ্ছেদৰ দাবী উত্থাপন হৈ আহিছিল। কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে একত্ৰিত হৈ বিগত প্ৰায় এপষেক ধৰি সাব্যস্ত কৰি আছিল প্ৰতিবাদ। ইয়াৰ মাজতে একাংশ লোকে আমৰণ অনশন কাৰ্যসূচী হাতত লৈছিল। 
 
দেওবাৰে এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক লৈ সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ প্ৰতিবাদকাৰীয়ে। কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকামৰ পূৰ্বৰ বাসগৃহ অৰ্থাৎ পিতৃগৃহত প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। লগে লগেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তেজিত প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিবাদৰ নামত উপস্থিত হোৱা উত্তেজিত লোকে অগ্নিসংযোগ কৰে তুলিৰামৰ বাসগৃহত। 
 
বিগত এবছৰে কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে চৰকাৰৰ ভূমিনীতি অনুসৰি কাৰ্বি আংলঙৰ পৰা অনা কাৰ্বি লোকক বহিষ্কাৰৰ দাবীত বিগত কেইবা সপ্তাহ ধৰি সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। অৱশেষত এপষেক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা প্ৰতিবাদকাৰীৰ সৈতে পৰিষদে কোনো আলোচনাত মিলিত নোহোৱাত অধিক ক্ষোভিত হৈ পৰে সংঠনকেইটা। যাৰ পৰিণতিত অৱশেষত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয় পাহাৰীয়া কাৰ্বিভূমিত। তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিয়াৰ সমান্তৰালকৈ আৰক্ষীয়েও লাঠীচালনা, গুলীচালনা কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ফলত কেইবাজনো লোক হতাহতি হোৱা বুলিও জানিব পৰা গৈছে।
 
ইপিনে, সোমবাৰে মাজ নিশা ডংকামোকামত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হাৰমিত সিং৷ ডিজিপি সিঙে নিশাই স্থানীয় প্ৰতিবাদকাৰীৰ সৈতে ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে।
 
ক্ষুব্ধ প্ৰতিবাদী জনতাই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ ডংকামোকামস্থিত ঘৰ জ্বলাই দিয়াৰ পিছত তৎপৰ হৈ পৰিছে পশ্চিম কাৰ্বি আংলং আৰক্ষী৷ পশ্চিম কাৰ্বি আংলঙৰ সকলো থানা এলেকাত ভাৰতীয় ন্যায় সংহিতা (BNSS)ৰ ১৬৩ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। জিলাখনত প্রতিবাদ, ৫জনতকৈ অধিক লোক সমবেত হোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজহুৱা ভাষণ, বেনাৰ-পোষ্টাৰ লগোৱাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে, সামাজিক মাধ্যমতো চোকা নজৰ ৰাখিছে প্রশাসনে। শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা সকলো ধৰণৰ কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে প্ৰশাসনে।