নতুন দিল্লী
ভাৰতৰ বুৰঞ্জীকাৰ তথা প্ৰশংসিত লেখক প্ৰবীণ সাংবাদিক মাৰ্ক টালিয়ে দেওবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ ঘনিষ্ঠ বন্ধুৱে জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।
কিছুদিন ধৰি অসুস্থ হৈ থকা বঁটা বিজয়ী সাংবাদিকগৰাকী বিগত এসপ্তাহ ধৰি ছাকেটৰ মেক্স হাস্পতালত ভৰ্তি হৈ আছিল। টালিৰ প্ৰবীণ সাংবাদিক তথা ঘনিষ্ঠ বন্ধু সতীশ জেকবে কয় যে, আজি বিয়লি মেক্স হাস্পতাল ছাকেটত মাৰ্কৰ মৃত্যু হয়।
১৯৩৫ চনৰ ২৪ অক্টোবৰত কলিকতা (বৰ্তমান কলকাতা)ত জন্মগ্ৰহণ কৰা টালি ২২ বছৰ ধৰি বিবিচি, নতুন দিল্লীৰ ব্যুৰোৰ মুৰব্বী আছিল। এজন প্ৰশংসিত লেখক টালি বিবিচি ৰেডিঅ’ ৪ৰ অনুষ্ঠান ‘ছামথিং আণ্ডাৰষ্টড’ৰ উপস্থাপকও আছিল।
২০০২ চনত নাইট উপাধি লাভ কৰি ২০০৫ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। টালিয়ে ভাৰতৰ ওপৰত ‘ন’ ফুল ষ্টপছ ইন ইণ্ডিয়া’, ‘ইণ্ডিয়া ইন শ্লো মোচন’, আৰু ‘দ্য হাৰ্ট অৱ ইণ্ডিয়া’ আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।