বাল্য বিবাহৰ খবৰ দিওঁতাক এক হাজাৰ টকাৰ পুৰস্কাৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
ৰফিকুল ইছলাম
ৰফিকুল ইছলাম
দৌলত ৰহমান / গুৱাহাটী
 
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে উপলব্ধ চৰকাৰী তথ্য অনুসৰি অসমত প্ৰতিখন তৃতীয় বিবাহ হৈছে বাল্য বিবাহ। নামনি অসমৰ বৰপেটা জিলাত সৰ্বাধিক হাৰত বাল্য বিবাহ অনুষ্ঠিত হৈ আছে। বাল্য বিবাহৰ হাৰে বৰপেটা জিলা প্ৰশাসনকো উদ্বিগ্ন কৰি তুলিছে। অলপতে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুসালে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰি কেইবালানি বাল্য বিবাহ বিৰোধী ব্যৱস্থা লবলৈ সংকল্প গ্ৰহণ কৰে।
 
উপায়ুক্ত তেজ প্ৰসাদ ভুসালে ঘোষণা কৰে যে বৰপেটা জিলাত সংঘটিত যিকোনো বাল্য ববাহৰ খবৰ দিওঁতাক এক হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ'ব। ভুসালে কয় যে অকল প্ৰশাসন আৰু পুলিচে বাল্য বিবাহ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব নোৱাৰে। ৰাইজৰ আৰু অন্যান্য অনুষ্ঠানৰ সহায় সহযোগিতা নিত্যান্ত প্ৰয়োজনীয়। 
বৰপেটা জিলাৰ উপায়ুক্তৰ নগত পুৰস্কাৰৰ ঘোষণাত আদৰণি জনায় বাল্য বিবাহ বিৰোধী নেতা ৰফিকুল ইছলামে কয় যে বৰপেটা জিলা প্ৰশাসনৰ এই পদক্ষেপে ইতিবাচক সঁহাৰি লাভ কৰিব। নগত পুৰস্কাৰৰ ঘোষণাই বহু দৰিদ্ৰ মানুহক বাল্য বিবাহৰ নিচিনা সামাজিক ব্যাধি ৰোধ কৰাত যথেষ্ট অৰিহনা যোগাব। 
ইছলামে কয়, "শাস্তিৰ ব্যৱস্থা থকা এক আইনী অপৰাধ হোৱা স্বত্বেও ৰাজ্যখনত বাল্য বিবাহৰ প্ৰথা অবিৰত ভাৱে চলি আছে। দোষী ব্যক্তি সকলৰ শাস্তি হোৱা ঘটনা তেনে বিৰল আৰু বাল্য বিবাহ সম্পন্ন কৰা লোকৰ  আইনৰ প্ৰতি ভয় যথেষ্ট কম।"
 
বাল্য বিবাহৰ প্ৰতিনিধিত্বমুলক ফটো   
 
বৰপেটা আৰু নামনি অসমৰ অন্যান্য জিলাৰ চৰ আৰু দুৰবৰ্তী অঞ্চলবোৰ বাল্য বিবাহৰ কেন্দ্ৰবিন্দু। বহু অপৰাধী আৰু অসামাজিক শক্তি এনে ধৰনৰ বাল্য বিবাহৰ লগত জৰিত হৈ আছে। এই সকলোবোৰ প্ৰতিকূলতাৰ সন্মুখীন হৈয়ো ৰফিকুল ইছলামে ২০১৫ চনত ব্যক্তিগত বিদ্যালয়ত তেওঁৰ সহজ-সৰল শিক্ষকতা বৃত্তি এৰি, বাল্য বিবাহৰ বিৰুদ্ধে এখন যুজঁত উপনীত হৈছিল। 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰফিকুলে কয়, "বৈজ্ঞানিক আৰু আইনী দৃষ্টিভংগীৰ অভাৱৰ বাবে বহুতো পিছপৰা সম্প্ৰদায়ৰ মাজত বাল্য বিবাহক এতিয়াও অপৰাধ  বুলি গণ্য কৰা নহয়। দৰিদ্ৰতা, নিৰক্ষৰতা, একাধিক সন্তান জন্ম দিয়াৰ প্ৰৱনতা  আৰু ছোৱালী সন্তানৰ প্ৰতি থকা অৱহেলাই হৈছে বাল্য বিবাহৰ মুল কাৰণ।"    
ৰফিকুলে কয়, "বাল্য বিবাহ এক আইনী অপৰাধ হোৱা সত্ত্বেও আৰক্ষী থানাত  খুব কম সংখ্যক  গোচৰ ৰুজু কৰা দেখা যায়। বাল্য বিবাহৰ বিৰুদ্ধে থকা আইনবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা নহয়। কিছু সংখ্যক অধিবক্তাই এই আইনবোৰৰ অপব্যাখ্যা কৰি বাল্য বিবাহৰ সপক্ষে কাম কৰা দেখা যায়।"
 
বাল্য বিবাহ বন্ধ কৰাৰ এক সজাগতা অনুষ্ঠান   
 
আইনী ক্ষেত্ৰত বাল্য বিবাহ এক গুৰুত্বপূৰ্ণ অপৰাধ। আইনী দৃষ্টি ভংগীৰে এখন বিবাহক বাল্য বিবাহ হিচাপে গণ্য কৰা হৈ যদিহে দৰাৰ বয়স ২১ বছৰৰ তলৰ বা কইনাৰ বয়স ১৮ বছৰৰ তলৰ হয়। এই বিবাহৰ সৈতে জড়িত সকলো প্ৰাপ্তবয়স্ক পুৰুষৰ বাবে শাস্তি হৈছে দুবছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকা জৰিমনা।
বৰপেটা জিলা আৰু কিছু পিছপৰা অঞ্চলত বিভিন্ন উৎসৱ-পৰ্বৰ গইনা লৈ বাল্য বিবাহ সম্পন্ন কৰি অহা হৈছে। এনেকুৱা ধৰনে সম্পন্ন কৰা বিবাহত আইনী ব্যৱস্থা গ্ৰহন কৰাটো অতি কঠিন। আইনী ব্যৱস্থা লোৱাত অধিক সমস্যাৰ সৃষ্টি হয়, যেতিয়া এনেকুৱা বিবাহৰ দৰা আৰু কইনা  একেটা চুবুৰীয়াতে বসবাস কৰে। এই ক্ষেত্ৰত বয়সৰ হেৰফেৰ কৰাৰ উদাহৰনো বহুত আছে বুলি ৰফিকুলে কয়।
ৰফিকুলে কয়, "বাল্য বিবাহক মুখ্য সমস্যা হিচাপে গণ্য কৰা নহয় যদিও ই সকলো মানুহৰ ওপৰত একাধিক বিৰূপ প্ৰভাৱ পেলাইছে।  সমন্বিত প্ৰচেষ্টা আৰু আন্তৰিকতাৰ অভাৱৰ বাবে অতি প্ৰয়োজনীয় শক্তিশালী বিপ্লৱৰ পৰিকল্পনা এতিয়াও বাকী আছে। চুবুৰীয়াসকলে শত্ৰুতাৰ ভয়ত বাল্য বিবাহ নিষিদ্ধ কৰিবলৈ কোনেও আগবাঢ়ি নাহে। আৰক্ষীয়ে ঠাইৰ দূৰৱৰ্তীতাৰ বাবে এনে বিবাহৰ ঘটনা প্ৰমাণ কৰিব নোৱাৰে। যেতিয়া একেটা  চুবুৰীয়াৰ লোকৰ মাজত বিবাহ সম্প্ন্ন হয়, তেতিয়া ই অধিক প্ৰত্যাহ্বানজনক হৈ পৰে। কিয়নো বিবাহ সম্পন্ন কৰোৱা লোক সকল ইজনে আনজনৰ সৈতে বন্ধুত্বপূৰ্ণভাৱৰ।  যাৰ ফলত তদন্তত ক্ষেত্ৰত যথেষ্ট  অসুবিধাৰ সৃষ্টি হয়।"  
 
বাল্য বিবাহ বন্ধ কৰাৰ বাবে ৰফিকুল ইছলামে চলোৱা এক অভিযান
 
বিভিন্ন বাধা অতিক্ৰম কৰি ৰফিকুলে এতিয়ালৈকে নামনি অসমৰ জিলা সমূহত ২০০০ ত কৈয়ো অধিক বাল্য বিবাহ প্ৰতিহত কৰিবলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হস্তক্ষেপ কৰিছে। এনে বিবাহ বন্ধ কৰি ৰফিকুলে তেওঁৰ বাবে বহুতো শত্ৰুক আমন্ত্ৰনো  জনাইছে। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলত তেওঁৰ কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে প্ৰায়ে তেওঁক সাৱধান আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দি আহিছে।
ৰফিকুলে কয়, "মই বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰিবলৈ কোনো ব্যক্তিক ভয় নকৰোঁ। আনকি মোৰ সজাগতা  অভিযানৰ বাবে মোৰ জীৱন বিপদাপন্ন হলেও মই আগবাঢ়ি যাম।" 
ৰফিকুল এতিয়া শিশুৰ গুৰুত্ব, অধিকাৰৰ লগতে সমতা, ন্যায় আৰু পাৰস্পৰিক সন্মানৰ দিশত কাম কৰা এক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠন "ইণ্ডিপেণ্ডেণ্ট থট"ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।  ইণ্ডিপেণ্ডেণ্ট থট'ৰ (Independent Thought) অধীনত তেওঁ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে অসম অধ্যায় মুকলি কৰিছে। 
 
বাল্য বিবাহ বন্ধ কৰাৰ এক সজাগতা অনুষ্ঠানত কণ কণ শিশুৱে প্লে কাৰ্ড লৈ আছে
 
ৰফিকুলে কয়,"সময়ৰ প্ৰয়োজন হৈছে জিলা প্ৰশাসন, আৰক্ষী, জিলা শিশু সুৰক্ষা গোট, গাওঁ বুঢ়া, গ্ৰাম্য সুৰক্ষা বাহিনী সংস্থা (ভিলেজ ডিফেন্স পাৰ্টি অৰ্গেনাইজেচন) আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ভালদৰে একত্ৰিত হৈ বাল্য বিবাহৰ বিৰুদ্ধে যুজঁ দিয়া। কন্যা সন্তানক অৰ্থনৈতিক স্বাধীনতা আৰু বৃত্তিমূলক শিক্ষা দিয়াতো  বাল্য বিবাহ বন্ধ কৰাত অতিকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে। শিক্ষা অধিকাৰ আইনৰ অধীনত সকলো শিশুকে ১৮ বছৰলৈ বাধ্যতামুলক শিক্ষা প্ৰদান কৰাটোৱে হব বাল্য বিবাহৰ নিচিনা অসামাজিক আৰু বে-আইনী প্ৰথা সমাজৰ পৰা চিৰ দিনলৈ মষিমূৰ কৰাৰ উপায়।"