ঘাট প্ৰতিঘাট নেওচি জীৱনৰ বাটত আগবাঢ়ি যোৱাটোৱে প্ৰকৃত নাৰী সৱলীকৰণ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
(বাওঁফালৰ পৰা) শ্বাহিন আখটাৰ, চৈয়দা আজহাৰা জান্নাত চুলতানা, ৱাহিদা ৰহমান
(বাওঁফালৰ পৰা) শ্বাহিন আখটাৰ, চৈয়দা আজহাৰা জান্নাত চুলতানা, ৱাহিদা ৰহমান
মুন্নী বেগম / গুৱাহাটী
 
নাৰী মাথো দুটি বৰ্ণৰে গঠিত এটি শব্দ নহয়, নাৰী হ'ল সৃষ্টিৰ মূল আধাৰ। আজি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ মূল উদ্দেশ্য হৈছে নাৰীসকলক শোষনৰ পৰা মুক্ত কৰি  লিংগ বৈষম্য, আতঁৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা। নাৰীক ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি সকলো দিশতে সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। অসমৰ মুছলমান মহিলাসকলৰ মাজত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ বহু ইতিবাচক দিশ আছে। কিয়নো তেওঁলোকৰ মাজৰ এক বৃহৎ অংশই আজি পূৰ্বৰ তুলনাত শিক্ষা, নিযুক্তি, স্বাস্থ্যসেৱাৰ সুবিধা, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক নেতৃত্বৰ অধিক উন্নত প্ৰৱেশাধিকাৰ লাভ কৰিছে। 
 
আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আৱাজ-দ্যা ভইছৰ সৈতে হোৱা সাক্ষাৎকাৰত অসমৰ মুছলমান সম্প্ৰদায়ৰ কেইগৰাকীমান বিশিষ্ট মহিলাই নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয়:
 
শ্বিলং মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ আয়েছা আশ্ৰফ আহমেদে কয়, "এগৰাকী নাৰীয়ে উপযুক্ত শিক্ষা দীক্ষাৰে পৰিপুষ্ট হৈ ঘৰৰ ভিতৰতেই হওঁক অথবা বাহিৰতে হওঁক, নিজৰ বিবেকেৰে পৰিচালিত হৈ যি কোনো ঘাট-প্ৰতিঘাট নেওচি জীৱনৰ বাটত আগুৱাই যাব পৰাটোৱে হৈছে প্ৰকৃত নাৰী সবলীকৰণ। মোৰ মতে, এনে অন্তৰ্নিহিত কথাবোৰ মহিলাসকলৰ লগতে পুৰুষসকলেও বুজি উঠিলেহে পুৰুষ আৰু নাৰী যে ইজনে সিজনৰ পৰিপূৰক, (complimentary to each other) সেই কথাটো ফুটি উঠিব আৰু তেতিয়া প্ৰকৃত নাৰী দিৱস উদযাপনৰ তাৎপৰ্য সফল হব।
 
ডঃ আয়েছা আশ্ৰফ আহমেদ
 
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা আধিবক্তা শ্বেহনাজ ৰহমানে কয়, "আজিৰ পৰা এশ বছৰ পূৰ্বে নিউয়ৰ্ক চহৰত নাৰীৰ অধিকাৰ বিচাৰি এক বিপ্লৱৰ সূচনা হৈছিল। যি বিপ্লৱক তেতিয়াৰ পৰাই আন্তৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে উদযাপন কৰি আহিছে। ১৯৫৫ চনৰ পৰা প্ৰতি বছৰে বিশেষ বিষয়বস্তু লৈ ভাৰততো আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি অহা হৈছে। এইবাৰৰ এই দিৱস বিষয়বস্তু হৈছে  "equality today for a sustainable tomorrow"। কিন্তু আমাৰ ৰাজ্যত আজিও লিংগ বৈষম্যতাই গীজগিজাই থকা দেখা যায়। বিভিন্ন ক্ষেত্ৰত নাৰীসকল লাঞ্চিত তথা বঞ্চিত হৈ আহিছে। নাৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে বহু অইন প্ৰণয়ন হৈছে যদিও নাৰীসকল নিৰ্যাতিত হৈ আহিছে। আজিও আমাৰ সমাজত ব্যাপক হাৰত নাৰীৰ ওপৰত ঘৰুৱা হিংসা, ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত হৈ আহিছে।"
আধিবক্তা শ্বেহনাজ ৰহমানে কয়"অতি দুখৰ কথা যে আমাৰ সমাজখনে আজিও নাৰীৰ সুৰক্ষাৰ বাবে থকা আইনবোৰৰ বিষয়ে অৱগত নহয়। যিসকলে এই আইনৰ বিষয়ে জানে তেওঁলোকে মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰাত ব্যৰ্থ হৈছে। সেয়াহে মই ভাবোঁ যে আমি নাৰীসকলক তেওঁলোকৰ সুবিধা তথা সুৰক্ষাৰ বাবে থকা আইনৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগিব। তেওঁলোকক মুকলিকৈ নিৰ্ভয়ে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিব পৰা এক পৰিবেশৰ সৃষ্টি কৰিব লাগিব তেতিয়াহে নাৰী দিৱসৰ তাৎপৰ্য সফল হব।"
প্ৰথম আধুনিক অসমীয়া গহনা ডিজাইনাৰ ৱাহিদা ৰহমানে কয়, "নাৰীৰ বাবে এটা নিৰ্দিষ্ট ভাল দিন কেতিয়াও হব নোৱাৰে। নাৰী দিৱসৰ তাৎপৰ্য হ'ল এখন সমাজ তথা এখন ৰাষ্ট্ৰত নাৰীৰ সমান অধিকাৰ, সমতা আৰু সক্ষমতা সমান হোৱা। আমি এখন পুৰুষ প্ৰধান সমাজত বাস কৰোঁ। যিখন সমাজত এগৰাকী নাৰী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা সত্বেও কোনো কাম তথা সিদ্ধান্ত নিজে ল'ব নোৱাৰে। মই ভাবোঁ এগৰাকী নাৰীৰ বাবে শাৰীৰিক তথা মানসিক সকলো ফালৰ পৰা স্বাধীনতা থাকিব লাগে।"
 
শ্বেহনাজ ৰহমান
 
ৱাহিদা ৰহমানে কয়, "মই ভাবোঁ যে নিজৰ নিজৰ ক্ষেত্ৰত সফলতা অর্জন কৰা নাৰীসকলে আগবাঢ়ি আহিব লাগে আৰু সমাজৰ পিছপৰি থকা আন ১০ গৰাকী মহিলাক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে। এইটো যথেষ্ট কঠিন কাম হয়, যদিও নাৰীসকলক আত্মনির্ভৰশীল কৰি তুলিবলৈ হ'লে আমাৰ দৰে সফল মহিলাসকলে সহায়ৰ হাতত আগবঢ়াব লাগিব তেতিয়াহে নাৰী দিৱস সাৰ্থক হব।"
 
উদীয়মান কবি শ্বাহিন আখটাৰে কয়, "মোৰ বাবে, এগৰাকী মহিলা হোৱাৰ অৰ্থ হৈছে 'কণ্ঠ'। জনসাধাৰণ, এখন সমাজ আৰু এখন ৰাষ্ট্ৰৰ 'কণ্ঠ'। মহিলাসকল হৈছে এগৰাকী কৰ্ণধাৰ, পথ নিৰ্ধাৰণকাৰী আৰু মাশ্বাল বাহক। নাৰীত্বৰ স্পৰ্শ থকা সকলোবোৰেই সুন্দৰ, সেয়া মহিলা হওঁক বা প্ৰকৃতি মাতৃ হওঁক।"
কবি শ্বাহিনে কয়, "এলবাৰ্ট আইনষ্টাইনে কৈছিল, "প্ৰকৃতিৰ গভীৰতালৈ চাওক আৰু তাৰ পিছত আপুনি সকলোবোৰ ভালদৰে বুজি পাব।" মই অনুভৱ কৰোঁ যে তেওঁৰ এই কাঠাফাঁকি নাৰী জাতিৰ সৈতে সম্পৰ্কিত। কিয়নো এগৰাকী মহিলাও প্ৰকৃতিৰ দৰে গভীৰ, প্ৰকৃতিৰ দৰে সুন্দৰ, কোমল, শান্ত আৰু পৰ্যবেক্ষণকাৰী হোৱাৰ লগতে শক্তিশালী আৰু নীৰৱ আৰু ভয়ংকৰও হয়।  প্ৰকৃতি আৰু এগৰাকী নাৰীৰ সাৰাংশ একে হোৱাৰ কাৰণবোৰৰ বাবে প্ৰকৃতিক সদায় নাৰীসুলভ বুলি গণ্য কৰা হয়। সেয়েহে, মই নিজেও  প্ৰথমে এগৰাকী নাৰী আৰু তাৰ পিছত কবি হোৱাৰ বাবে মই সদায় প্ৰকাশৰ শক্তিৰ ওপৰত বিশ্বাস কৰি আহিছো। সঁচা কোৱাৰ সামৰ্থ্য, নিজৰ বাবে থিয় দিয়া, অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া আদি এগৰাকী নাৰীৰ বাবে এটা কণ্ঠ হ'ব।"
মডেল চৈয়দা আজহাৰা জান্নাত চুলতানাই কয়, "নাৰী দিৱস প্ৰতি বছৰে ৮ মাৰ্চত নাৰী দিৱস পালন কৰা হয় ৷ নাৰীৰ অধিকাৰ আৰু মৰ্যাদা  প্ৰতিষ্ঠাৰ বাবে সুদীৰ্ঘকাল ধৰি সমগ্র বিশ্বই নাৰী দিৱস পালন কৰি আহিছে। আন্তৰ্জাতিক নাৰী দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে “লিংগ বৈষম্যহীন সম অধিকাৰৰ সমাজ নিৰ্মাণ৷” মোৰ দৃষ্টিত নাৰী এগৰাকী নেত্ৰীত্ব বহন কৰিব পৰা ক্ষমতাৰ অধিকাৰী৷ নাৰীক অনুপ্ৰাণিত আৰু সন্মান প্ৰদান কৰিলেহে নাৰীয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবলৈ সুবিধা লাভ কৰিব৷ মই ভাবোঁ কোনো ক্ষেত্ৰতে নাৰীক দুৰ্বল বুলি ভৱা উচিত নহয়৷ সমাজত নাৰীয়ে যদি পুৰুষৰ দৰে স্বাধীনতা নাপায় তেনেহ’লে নাৰী দিৱসৰ মূল্যই বা ক’ত ....!"
 
চৈয়দা আজহাৰা জান্নাত চুলতানা
 
আজহাৰাই কয়, "নাৰী সদায় কোনোবা নহয় কোনোবা খিনিত বঞ্চিত আৰু সংকোচিত হৈ আহিছে৷ প্ৰায়ে নাৰীসকল মানসিকভাৱে আঘাতপ্ৰাপ্ত৷ কিয়নো বহু কথা নাৰীসকলে গোপনে ৰাখি থয়৷ নাৰীক সন্মান আৰু সম মৰ্যাদা দিব পাৰিলেহে নাৰী স্বাধীনতা লাভ কৰিব৷
 
আন্তৰ্জাতিক নাৰী দিৱস হিচাৱে সকলো নাৰীলৈ মোৰ শুভকামনা জনালোঁ৷ নাৰীসকল মানসিক আৰু শাৰীৰিক ভাৱে সৱল হওঁক৷ সজাগ আৰু মুক্ত কণ্ঠৰ অধিকাৰী হওঁক।"