বেগম জাহানাৰা শ্বাহনাৱাজে ভাৰতীয় মহিলাসকলৰ ভোটদানৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল

Story by  Saquib Salim | Posted by  Munni Begum • 2 Months ago
বেগম জাহানাৰা শ্বাহনাৱাজ
বেগম জাহানাৰা শ্বাহনাৱাজ
 
চাকিব চেলিম
 
দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা মহিলা সংৰক্ষণ বিধেয়কখন বৰ্তমান সংসদত গৃহীত কৰিবলৈ সাজু হৈছে। এই সময়তে বেগম জাহানাৰা শ্বাহনৱাজক বিশেষভাৱে স্মৰণ কৰিব লাগিব। কিয়নো বেগম জাহানাৰা শ্বাহনাৱাজে প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল যিগৰাকীয়ে মহিলাসকলক ভোটদানৰ অধিকাৰ দিয়াবলৈ অহৰহ সংগ্ৰাম কৰি গৈছিল।        
 
জাহানাৰা শ্বাহনাৱাজে দুগৰাকী মহিলা প্ৰতিনিধিৰ এগৰাকী হিচাপে প্ৰথম পৰ্যায়ৰ মেজ সন্মিলনত (আৰটিচি) অংশগ্ৰহণ কৰিছিল, তিনিগৰাকী মহিলা প্ৰতিনিধিৰ ভিতৰত এগৰাকী হিচাপে দ্বিতীয় পৰ্যায়ৰ মেজ সন্মিলনত আৰু একমাত্ৰ মহিলা অংশগ্ৰহণকাৰী হিচাপে তৃতীয় পৰ্যায়ৰ মেজ সন্মিলন অংশগ্ৰহণ কৰিছিল। তেওঁ যুটীয়া নিৰ্বাচিত সমিতিৰ একমাত্ৰ মহিলা সদস্য আছিল, যাক পিছত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ খচৰা প্ৰস্তুত কৰিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
১৯২৭ চনত যেতিয়া চাইমন কমিচনে ভাৰত ভ্ৰমণ কৰিছিল, তেতিয়া ভাৰতীয় মহিলাসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। জাহানাৰাই নিখিল ভাৰত মহিলা আয়োগৰ সন্মুখত যুক্তি দিছিল যে ভাৰতীয় মহিলাসকলক বিধায়িনী দলত সংৰক্ষণ আৰু ভোটাধিকাৰ দিয়া উচিত।
 
যদিও ই চাইমনক "ভাৰতৰ ভৱিষ্যত মহিলাৰ হাতত" বুলি দাবী কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, তথাপিও ভাৰত চৰকাৰৰ ডেচপেচে "মহিলাৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা উচিত নহয়" বুলি পোষকতা কৰিছিল।
 
ভাৰতীয় নেতাসকলক ব্ৰিটিছ চৰকাৰৰ ওচৰত তেওঁলোকৰ অভিযোগ উত্থাপন কৰাৰ সুযোগ দিবলৈ লণ্ডনত আৰটিচি অনুষ্ঠিত কৰা হৈছিল যিহেতু তেওঁলোকে চাইমন কমিছনৰ ফলাফলৰ প্ৰতিবাদ কৰি আছিল। ১৬ কোটি ভাৰতীয় মহিলাৰ হৈ এই আলোচনা চক্ৰসমূহত অংশগ্ৰহণৰ বাবে জাহানাৰাক নিৰ্বাচিত কৰা হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰথম ঘূৰণীয়া মেজ সন্মিলনত জাহানাৰাই কয় যে ভাৰতৰ মানুহে "নিজৰ মাতৃভূমিৰ স্বাধীনতা"ৰ  বিষয়ে আলোচনা কৰি আছিল আৰু এই উচ্চাকাংক্ষাক দমন কৰিবলৈ ব্ৰিটিছ অক্ষম আছিল। মহিলাসকলৰ বিশেষ বিশেষাধিকাৰ থাকিব লাগে আৰু মহিলাসকলৰ ভোটাধিকাৰ স্পষ্টভাৱে উল্লেখ কৰিব লাগে বুলিও তেওঁ পোষকতা কৰিছিল। 
 
এনে সমাৱেশত প্ৰথমবাৰৰ বাবে  মহিলাসকলক অন্তৰ্ভূক্ত কৰা হৈছিল সেই কথা জাহানাৰাই দৃঢ়ভাৱে স্বীকাৰ কৰিছিল। জাহানাৰাই ইংলেণ্ডত থাকি ভাৰতীয় মহিলাসকলৰ ভোটাধিকাৰৰ বাবে সক্ৰিয়ভাৱে পোষকতা কৰিছিল। ১৯৩৩ চনত তিনিটা আৰ টি চি সম্পূৰ্ণ হোৱাৰ পিছত গঠন হোৱা নিৰ্বাচিত সমিতিৰ সদস্য আছিল জাহানাৰা।
 
ইংলেণ্ডত ভাৰতীয় মহিলাৰ ভোটাধিকাৰ আৰু সংৰক্ষণৰ বাবে সমৰ্থন সংগ্ৰহৰ বাবে লেডী ৰিডিং, লেডী এষ্টাৰ, লেডী পেথউইক লৰেন্স, মিছ ৰাথব’ন আদিকে ধৰি লণ্ডনৰ বিশিষ্ট মহিলা প্ৰচাৰকসকলৰ সৈতে সংযোগ স্থাপন কৰিছিল। ১৯৩৫ চনত যেতিয়া ভাৰত চৰকাৰ আইনখন অৱশেষত প্ৰকাশ পাইছিল, তেতিয়া ৬ লাখৰো অধিক মহিলাক ভোটাধিকাৰ প্ৰদান কৰি বিধানসভাত তেওঁলোকৰ বাবে সংৰক্ষণ স্থাপন কৰা হৈছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদিও এইয়া জাহানাৰাৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিৰ আকাংক্ষাৰ পৰা আঁতৰি গৈছিল, তথাপিও ভাৰতীয় মহিলাসকলৰ বাবে ই আছিল এক উল্লেখযোগ্য জয়। ১৯৩৭ চনৰ নিৰ্বাচনত সংৰক্ষণৰ ফলত ৮০ গৰাকী মহিলা প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হয়। যিয়ে ইতিমধ্যে ইতিহাস ৰচনা কৰিছিল।   
 
আজি বেগম জাহানাৰা শ্বাহনৱাজ ভাৰতৰ এনে এগৰাকী মহিলা যিগৰাকী মহিলা পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু তেওঁৰ সপোন বৰ্তমান যেন বাস্তৱায়িত হৈছে, কাৰণ অৱশেষত মহিলা সংৰক্ষণ বিধেয়কখনক সংসদত স্থান দিবলৈ অনুমোদন লাভ কৰিছে।