কাছাৰত বাল পঞ্চায়তৰ জৰিয়তে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক অভিযান আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 Years ago
বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক সভাৰ এক মুহূৰ্ত
বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক সভাৰ এক মুহূৰ্ত
 
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাক লৈ সমগ্ৰ দেশত চৰ্চা চলি থকাৰ সময়তে দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কাছাৰত চৰকাৰে সাধাৰণ মানুহৰ মাজত বাল্য বিবাহৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে বাল পঞ্চায়তৰ জৰিয়তে সজাগতা সভা আয়োজন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কথা জানিবলৈ দিছে। দেওবাৰে কাছাৰ জিলাত আনুষ্ঠানিকভাৱে এই পদক্ষেপ আৰম্ভ কৰা হয়। জিলাখনত বাল্য বিবাহৰ সৰ্বাধিক প্ৰৱণতা থকা ১০টা স্থান চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
 
কাছাৰৰ জিলা উপায়ুক্ত ৰোহন ঝা'ৰ  মতে বাল পঞ্চায়তসমূহে বাল্যবিবাহৰ প্ৰৱণতা অধিক থকা অঞ্চলসমূহক লক্ষ্য কৰি ল'ব আৰু পঞ্চায়তৰ সভাপতিসকলে ন’ডেল বিষয়া হিচাপে কাম কৰিব। তেওঁলোকক সহায় কৰিব অংগনবাড়ী কৰ্মী, আশা কৰ্মী, চিকিৎসক, আৰক্ষী আদিয়ে। উপায়ুক্তগৰাকীয়ে কয়, "য'ত বেছিভাগ বাল্যবিবাহৰ বাতৰি পোৱা গৈছে, সেই স্থানবোৰ চিনাক্ত কৰা হৈছে। আজি আমি সভাৰ আয়োজন কৰি পৰিয়ালবোৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিলোঁ।"

ইফালে, বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰচেষ্টাক বাল পঞ্চায়তসমূহে সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। "আমি অসম আৰক্ষীৰ প্ৰচেষ্টাক উপায়ুক্তসকলৰ নিৰ্ণায়ক আৰু কৌশলগত হস্তক্ষেপৰ দ্বাৰা সহায় কৰি আছো। সকলোকে বাল্য বিবাহ প্ৰৱণতা থকা স্থানসমূহ চিনাক্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তাৰ পিছত মানুহক সংবেদনশীল আৰু সজাগ কৰিবলৈ বাল পঞ্চায়ত অনুষ্ঠিত কৰা হয়। ইয়াৰ পৰা ভাল ফলাফল পোৱা গৈছে," মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰত লিখিছে ।

উল্লেখযোগ্য যে, কাছাৰ জিলাৰ সোনাই ব্লকৰ অন্তৰ্গত নতুন ৰামনগৰ গাঁও পঞ্চায়ত, ছালচাপ্ৰা ব্লকৰ অন্তৰ্গত বুৰিবাইল গাওঁ পঞ্চায়ত, নৰশিংপুৰ ব্লকৰ অন্তৰ্গত পানীভৰা গাঁও পঞ্চায়তত অনুষ্ঠিত বাল পঞ্চায়তত উপাযুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমল মহন্তকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। মহন্তই কয়, "বাল্য বিবাহৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ উপৰিও আমি গ্ৰাম্য অঞ্চলত সজাগতা কাৰ্যসূচীও আয়োজন কৰিছো। জিলা উপায়ুক্তৰ ফালৰ পৰা এই অতিৰিক্ত প্ৰচেষ্টাই আমাক শক্তিশালী কৰিব।"
 
উল্লেখ্য যে, অসম আৰক্ষীয়ে যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ইয়াৰ সৈতে জড়িত ৩০০০ৰো অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰৰ পৰা জনা মতে অসমত এই পৰ্যন্ত আৰক্ষীয়ে ৪২৩৫টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৬৭০৭জন অভিযুক্তক চিনাক্ত কৰিছে।  ধৃত ৩০৪৭ জনৰ ভিতৰত ৯৩ গৰাকী মহিলা আৰু ২৯৫৪ গৰাকী পুৰুষ।