গুৱাহাটী
২০২১ চনৰ পৰা অসমত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ৬ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ২৭ নৱেম্বৰত এই তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সামাজিক কু-প্ৰথা নিৰ্মূলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ দোহাৰে।
বাল্যবিবাহ, কম বয়সত আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই অহাৰ লগতে এই কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
সামাজিক মাধ্যমত এক পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "২০২১ চনৰ পৰা আমি বাল্যবিবাহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ চলাই আহিছোঁ। ইতিমধ্যে ৬ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজিও এই অভিযান অব্যাহত আছে।"
এই কু-প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংকল্প অটল বুলি উল্লেখ কৰি তেওঁ কয় যে, কন্যাশিশুৰ মৰ্যাদা, অধিকাৰ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “বলপূৰ্বক বিবাহৰ বাবে কোনো কন্যাশিশুৱেই নিজৰ শৈশৱ বিসৰ্জন দিবলগীয়া হ’ব নালাগে।”
উল্লেখ্য যে, চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি ২৭ নৱেম্বৰ দিনটো বাল্যবিবাহ, কম বয়সত আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰিছিল। এই সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে কম বয়সত আৰু বলপূৰ্বক বিবাহৰ পৰা শিশুসকলক সুৰক্ষিত কৰাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰাই এই দিৱস পালনৰ মূল উদ্দেশ্য।