আৱাজ-দ্য ভইছ অসম ব্যুৰ'
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীত মহিলাৰ শক্তি বৃদ্ধিৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে উল্লেখ কৰাৰ লগতে ভাৰতীয় নৌসেনাৰ পদৱীৰ নাম দেশৰ সংস্কৃতি অনুসৰি সলনি কৰা হ’ব বুলিও মন্তব্য কৰিছে।
ছাত্ৰপতি শিৱাজী মহাৰাজৰ দৃষ্টিভংগী আৰু যুদ্ধ কৌশলৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে ১৭ শতিকাৰ মাৰাঠা ৰজাই নৌশক্তিৰ গুৰুত্বৰ বিষয়ে জানিছিল। মুম্বাইৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মহাৰাষ্ট্ৰৰ উপকূলীয় সিন্ধুদুৰ্গ জিলাৰ মালভানত অনুষ্ঠিত নৌসেনা দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰতিনিধিত্বমূলক ছবি
এগৰাকী মহিলা বিষয়াই নৌসেনাৰ জাহাজৰ কমাণ্ডিং কৰিব বুলি ঘোষণা কৰাৰ পিছতে নৌসেনাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে, "আমি সশস্ত্ৰ বাহিনীত মহিলাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আৰু ভাৰতীয় সংস্কৃতি অনুসৰি ভাৰতীয় নৌসেনাৰ পদৱীৰ নাম সলনি কৰা হ’ব।"
নৌসেনাৰ বিষয়াসকলে সজোৱা এপ্লেটসমূহত দেশৰ প্ৰথম আধুনিক নৌসেনা নিৰ্মাণৰ কৃতিত্ব লাভ কৰা ছাত্ৰপতি শিৱাজীৰ প্ৰতিফলন থাকিব বুলিও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কিংবদন্তি মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকগৰাকীয়ে এখন দেশৰ বাবে নৌশক্তিৰ গুৰুত্বৰ বিষয়ে জানিছিল আৰু তেওঁৰ ৰাজত্বকালত এক শক্তিশালী সামুদ্ৰিক বাহিনী গঢ়ি তুলিছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ছাত্ৰপতি শিৱাজীৰ পৰা প্ৰেৰণা লৈ ভাৰতে দাসত্বৰ মানসিকতাক এৰি সকলো দিশতে আগবাঢ়িছে। ভাৰতে নিজৰ বাবে বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ’বলৈ নিজৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰি আছে। বিশ্বই ভাৰতক বিশ্ব মিত্ৰ (সাৰ্বজনীন বন্ধু) হিচাপে প্ৰত্যক্ষ কৰি আহিছে।"
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বন্দৰ নেতৃত্বাধীন উন্নয়নক অভূতপূৰ্ব সমৰ্থন আগবঢ়াইছে। ব্যৱসায়ী জাহাজ চলোৱাকো উৎসাহিত কৰা হৈছে। ভাৰতে নিজৰ মহাসাগৰৰ সম্ভাৱনাক ব্যৱহাৰৰ দিশত আগবাঢ়ি গৈ আছে।
নৌসেনা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু সময়ৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট দুৰ্গত ছাত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় নৌসেনাৰ জাহাজ, চাবমেৰিন, বিমান আৰু বিশেষ বাহিনীয়ে তৰকাৰলি বিলৰ পৰা চলোৱা ‘অপাৰেচনেল ডেম’ষ্ট্ৰেচন’ৰ সাক্ষী হৈ পৰে।
প্ৰতিনিধিত্বমূলক ছবি
উপকূলীয় সৰু চহৰ মালভানতো নৌসেনাৰ শক্তিৰ এক আকৰ্ষণীয় প্ৰদৰ্শন দেখা গৈছিল। নৌসেনাই নিজৰ সম্পত্তিৰ এক শৃংখল ক্ৰমে ফ্ৰণ্টলাইন যুদ্ধজাহাজ, চাবমেৰিন, বিমান আৰু হেলিকপ্টাৰ ড্ৰিলৰ বাবে নিয়োগ কৰিছিল।
আই এন এছ বিক্ৰমাদিত্য, আই এন এছ কলকাতা, আই এন এছ আই এন এছ কোচি, আই এন এছ বিশাখাপট্টনম, আই এন এছ চেন্নাই, আই এন এছ ব্ৰহ্মপুত্ৰ, আই এন এছ বীছ, আই এন এছ বেতোৱা, আই এন এছ টাবৰ, আই এন এছ সুভদ্ৰা আই এন এছ বিনাশ আৰু আই এন এছ ৱিপুল এই ড্ৰিলৰ অংশ আছিল।
ইয়াৰ উপৰিও নৌসেনাই নিজৰ কাৰ্য্যকৰী দক্ষতা আৰু সামৰ্থ্য প্ৰদৰ্শনৰ সময়ত ছাবমেৰিন খাণ্ডেৰী, হেলিকপ্টাৰ চেটাক, কামভ ৩২, ছীকিণ্ড ৪২বি, আৰু ডৰ্নিয়াৰ, পি ৮ আই চোৱাচিতা আৰু ৰিকনেইছান্স বিমান, লাইট কম্বেট এয়াৰক্ৰাফ্ট আৰু মিগ২৯কে নিয়োগ কৰে।
প্ৰতিনিধিত্বমূলক ছবি
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নৌসেনা দিৱসত শুভেচ্ছা জ্ঞাপন কৰি কয় যে ভাৰতৰ সাগৰৰ সুৰক্ষাৰ ক্ষেত্ৰত নৌসেনাৰ জোৱানসকলৰ দায়বদ্ধতা তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অটল সমৰ্পণ আৰু জাতিৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ।