দাৰিদ্ৰ আৰু জলবায়ু বিপর্যয়ৰ সংকটত দেশৰ ২২.২ কোটি শিশু

Story by  atv | Posted by  Munni Begum • 1 Years ago
দাৰিদ্ৰ আৰু জলবায়ু বিপর্যয়ৰ সংকটত দেশৰ ২২.২ কোটি শিশু
দাৰিদ্ৰ আৰু জলবায়ু বিপর্যয়ৰ সংকটত দেশৰ ২২.২ কোটি শিশু
নতুন দিল্লী
 
ভাৰতৰ প্ৰায় ২২.২ কোটি শিশুৱে দাৰিদ্ৰ আৰু জলবায়ু বিপর্যয়ৰ মাজত বাস কৰিছে। এই সংখ্যা দেশৰ মুঠ শিশুৰ প্ৰায় ৫১ শতাংশ। শিশু অধিকাৰৰ সৈতে জড়িত আন্তর্জাতিক সমাজসেৱী সংগঠন 'ছেভ দা চিলড্রেন' আৰু বেলজিয়ামৰ 'ভিজ ইউনিভাৰছিটি ব্ৰাছেলছ'ৰ যৌথ সমীক্ষাত এই তথ্য প্রকাশ পাইছে। 
 
সমীক্ষাটোত কোৱা হৈছে সমগ্র এছিয়াৰ প্ৰায় ৩৫ কোটি (যাৰ ভিতৰত ভাৰতৰ ২২.২ কোটি) শিশু দাৰিদ্র্য আৰু জলবায়ু বিপর্যয়ৰ সন্মুখীন হৈছে। এছিয়াৰ দেশসমূহৰ ভিতৰত আনুপাতিক হাৰত কম্বোডিয়াৰ শিশুসকল আটাইতকৈ বেছি দ্বৈত সংকটৰ সন্মুখীন হৈছে। কম্বোডিয়াত ৭২ শতাংশ শিশুৱে এনে দ্বৈত সংকটৰ মাজত দিন কটাইছে। 
ইয়াৰ পিচতে ৰৈছে ম্যানমাৰ (৬৪ শতাংশ) আৰু আফগানিস্তান (৫৭ শতাংশ)। এনে দ্বৈত সংকটৰ মোকাবিলা কৰা শিশুৰ সামগ্রিক সংখ্যাৰ পৰিপ্ৰেক্ষিতত ভাৰতে বিশ্বব্যাপী সর্বোচ্চ স্থান লাভ কৰিছে। বিশ্বৰ ৭৭.৪ কোটি শিশু দাৰিদ্র্য আৰু জলবায়ু সংকটৰ সন্মুখীন হৈছে। ভাৰতৰ ৩৫.১৯ কোটি শিশুৰ অর্ধেক শিশু বছৰত অন্ততঃ এটা হ'লেও জলবায়ু বিপৰ্যাৰ দ্বাৰা ক্ষতিগ্ৰস্ত এই আহিছে বুলি সমীক্ষাটোত পোহৰলৈ আহিছে। 
ভাৰতৰ ছেভ দ্য চিলড্রেনছৰ মুখ্য কাৰ্যবাহী সুদর্শন মুচিয়ে কয়, অসম, কেৰালাৰ লগতে ঘূর্ণি বতাহ প্রবণ উৰিষ্যাত বাস কৰা লোক প্রাকৃতিক দুৰ্যোগৰ বাবে চৰম বিপর্যয়ৰ সন্মুখীন হৈছে। হেজাৰ হেজাৰ মানুহ ক্ষুধার্ত হৈ পৰাৰ লগতে গৃহহাৰা হৈ পৰিছে। এনে ধৰণৰ সংকটে মানুহক গভীৰ দাৰিদ্ৰাৰ দিশে লৈ গৈছে। উল্লেখযোগ্য যে এই সমীক্ষাটোত এছিয়াৰ ২০ খন দেশক সামৰি লোৱা হৈছে।