শিলসাকোঁৰ পৰা উচ্ছেদ হৈ নিকুমনিৰ জীৱন হ'ল সলনি; পৰিয়ালৰ দায়িত্ব ল'লে USTM য়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
USTM ৰ অধ্যক্ষ মাহবুবুল হকৰ সৈতে নিকুমনি কলিতাৰ পৰিয়াল
USTM ৰ অধ্যক্ষ মাহবুবুল হকৰ সৈতে নিকুমনি কলিতাৰ পৰিয়াল
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
শেহতীয়াকৈ গুৱাহাটীৰ শিলসাকোঁ বিলত উচ্ছেদ অভিযানৰ সময়ত ঘৰ হেৰুওৱা অসংখ্য শিশুৰ ভিতৰত নিকুমনি কলিতা অন্যতম। জলভাগৰ বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰা ভূমিত বুলডজাৰে শ শ ঘৰ ভাঙি দিয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনক নিৰ্দেশমৰ্মে বিলখনৰ পৰা সকলো বেদখল আঁতৰাই পেলোৱা হৈছে। লগতে মুখ্যমন্ত্ৰীয়ে  সৌন্দৰ্য্যবৰ্ধন কৰি পৰ্যটকৰ আকৰ্ষণলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ দিয়ে।
 
কিন্তু সাত বছৰীয়া নিকুমনি কলিতাই উচ্ছেদ অভিযানত যোৱা বিষয়াক ১০ মিনিটৰ পিছত ঘৰ ভাঙিবলৈ আহ্বান জনোৱা ভিডিঅ’ ক্লিপটো  ভাইৰেল হৈ তেওঁৰ জীৱন সলনি কৰি পেলাই। নিকুমনিৰ পৰিয়ালে কেৱল শিশুৰ শিক্ষাৰ বাবে থাকিবলৈ নতুন ঠিকনা পোৱাই নহয়, ল’ৰাটোৰ পিতৃ-মাতৃ, আইতা আৰু ককাকৰ বাবেও কৰ্মসংস্থাপনৰ বাট মুকলি হৈছে। ডিজিটেল নিউজ পৰ্টেলৰ সৈতে তেওঁৰ মত বিনিময়ৰ পিছত ভিডিঅ’ ক্লিপটোৱে USTM (ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী) ৰ অধ্যক্ষ মাহবুবুল হকৰ দৃষ্টি আকৰ্ষণ কৰে। যিগৰাকী ব্যক্তি মহানুভৱতা আৰু দানশীলতাৰ বাবেও পৰিচিত।
 
USTM চৌহদত নিকুমনিৰ পৰিয়াল
 
ভিডিঅ’ ক্লিপটোত নিকুমনিয়ে এজন উচ্ছেদকাৰী বিষয়াক আহ্বান জনোৱা দেখা গৈছে- “ছাৰ, অনুগ্ৰহ কৰি তেওঁলোকক অলপ দেৰিকৈ আহিবলৈ কওক। আমাৰ ঘৰৰ বস্তুবোৰ এতিয়াও আন স্থানলৈ স্থানান্তৰ কৰা হোৱা নাই। আৰু অলপ সময় লাগিব ... অনুগ্ৰহ কৰি তেওঁলোকক ১০ মিনিট পিছত আহিবলৈ কওক।” ডিজিটেল নিউজ পৰ্টেলৰ সৈতে হোৱা এক মত বিনিময়ত নিকুমনিয়েও পঢ়া-শুনা কৰিবলৈ ইচ্ছুক বুলি কোৱা আৰু এংকৰক বিদ্যালয়ত ভৰ্তি কৰিবলৈ আহ্বান জনোৱা দেখা যায়। নিকুমনিয়ে ঘৰৰ খৰছৰ বাবে মাজে মাজে ভিক্ষাও  খুজিবলগীয়া হৈছিল।
 
শেহতীয়াকৈ হক ইউ এছ টি এমত নিকুমনিৰ পিতৃ-মাতৃ আৰু আত্মীয়ক নিয়োগ কৰি পৰিয়ালটোৰ দায়িত্ব লৈছে। মূলতঃ কামৰূপ জিলাৰ ৰঙিয়াৰ পৰা অহা পৰিয়ালটোক বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত থকাৰ ব্যৱস্থা কৰিছে। নিকুমনিৰ শিক্ষাৰ বাবেও হকে দায়িত্ব লৈছে। সোমবাৰে যেতিয়া নিকুমনিৰ পৰিয়ালে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ মাহবুবুল হকক ফোন কৰে, তেতিয়া তেওঁ কয় যে, “আপুনি এই বিস্তৃত শিক্ষানুষ্ঠানখন দেখিছেনে? আমাৰ ইয়াত সকলো আছে। মই তোমাক ডাঙৰ মানুহ দিম৷ আনৰ হাতত টকা আছে, কিন্তু স্কুল নাই। কিন্তু, আমাৰ হাতত টকা আৰু স্কুল দুয়োটা আছে ... মই তোমাক ডাক্তৰ, ইঞ্জিনিয়াৰ বা আই এ এছ বিষয়া বনাম।”
 
দেউতাকৰ সৈতে নিকুমনি কলিতা
 
ইউ এছ টি এমৰ সূত্ৰই জনোৱা মতে, নিকুমনিৰ পৰিয়ালে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু তেওঁলোকক দুদিনমানৰ পিছত ইউ এছ টি এম কেম্পাছলৈ স্থানান্তৰিত কৰা হ’ব। নিকুমনিৰ পিতৃ-মাতৃ, আইতাক আৰু ককাক সকলোৱে বিশ্ববিদ্যালয়খনত কৰ্মৰত হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
আহমেদাবাদৰ কংকৰিয়া হ্ৰদৰ দৰে অসম চৰকাৰে সৌন্দৰ্য্যবৰ্ধন কৰাৰ প্ৰস্তাৱ দিয়া শিলসাকোঁ বিলত উচ্ছেদ অভিযানৰ ফলত শ শ লোক গৃহহীন হৈ পৰিছে। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, গুৱাহাটীক বানমুক্ত কৰাটোৱেই মূল ধাৰণা। এই হ্ৰদটো আগতে মহানগৰীৰ বৰষুণৰ পানী নিষ্কাশনৰ  জলভাগ আছিল। কিন্তু বৃহৎ পৰিসৰৰ বেদখলৰ অভিযোগত হ্ৰদটোলৈ পানী বৈ যোৱাৰ নলা বন্ধ হৈ পৰিছে যাৰ ফলত চহৰখনৰ বেছিভাগ অঞ্চলতে পানী জমা হয় বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
 
ইয়াৰ উপৰি জিঞ্জাৰ হোটেল, ওমিঅ’ কুমাৰ দাস ইনষ্টিটিউট আৰু সদৌ অসম টেনিছ এছ’চিয়েশ্যন কমপ্লেক্সক হ্ৰদৰ পৰা মহানগৰীৰ অন্যান্য স্থানলৈ স্থানান্তৰিত কৰিবলৈও জিলা প্রশাসনক নির্দেশ দিছে মুখ্যমন্ত্রী গৰাকীয়ে।