৭০০ৰো অধিক মহিলাক সংস্থাপনৰ সুযোগ ফ্লিপকাৰ্টৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
৭০০ৰো অধিক মহিলাক সংস্থাপনৰ সুযোগ ফ্লিপকাৰ্টৰ
৭০০ৰো অধিক মহিলাক সংস্থাপনৰ সুযোগ ফ্লিপকাৰ্টৰ
 
গুৱাহাটী 
 
ঘৰুৱা ই কমার্চ প্রতিষ্ঠান ফ্লিপকার্টে ইয়াৰ কর্মশক্তিত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীৰে পৰিচালিত দুটা নতুন প্ৰচাৰী ফুলফিলমেন্ট চেণ্টাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। 
 
ইয়াৰে গুৱাহাটীস্থিত ফুলফিলমেন্ট কেন্দ্ৰটো ১.২৩ লাখ বর্গফুটজুৰি বিস্তৃত হৈ আছে। কেৱল মহিলা কৰ্মচাৰীৰে পৰিচালিত এই কেন্দ্ৰটোত ৭০০তকৈ অধিক মহিলাই বিভিন্ন শাখাত দায়িত্ব পালন কৰি আহিছে। তদুপৰি এই কেন্দ্ৰটোৰ জৰিয়তে আগৰতলা, আইজল, দার্জিলিং, ডিব্ৰুগড়, ইম্ফল, কাহিমা আৰু শ্বিলঙৰ দৰে সমীপৱৰ্তী চহৰ আৰু নগৰসমূহত ফ্লিপকার্টৰ ৰেচনৰ যোগান শৃংখল অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ই কমার্চ প্রতিষ্ঠানটোৱে। 
 
ইয়াৰ জৰিয়তে স্থানীয় উপভোক্তাক উন্নত মানৰ থলুৱা সামগ্ৰীৰ বিস্তৃত বেঞ্জৰ পৰা নিৰ্বাচনৰ বিকল্প আগবঢ়োৱা হ'ব। মহিলা কর্মশক্তিৰ অৱদানৰ কথা প্ৰকাশ কৰি ফ্লিপকার্টে গুৱাহাটীস্থিত ফুলফিলমেন্ট কেন্দ্ৰৰ সৈতে জড়িত থকা ২৩ বছৰীয়া বৰ্ণালী দেৱীৰ জয়যাত্ৰাৰ কাহিনী বর্ণনা কৰিছে। 
 
বর্ণালী দেৱীয়ে এই ফুলফিলমেন্ট কেন্দ্রটোৰ সৈতে জড়িত থাকি নিজৰ সাতজ্ঞনীয়া পৰিয়ালটোক আর্থিকভাবে পোহপাল দিয়াৰ লগতে ভাতৃ-ভগ্নীৰ শিক্ষা ৰায়ৰ এক দায়িত্ব বহন কৰিছে।