বাল্যবিবাহৰ গোচৰত অসম চৰকাৰক ভৎৰ্সনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী উচ্চ ন্যায়ালয়
 
গুৱাহাটী
 
চলিত মাহৰ ৩ ফেব্ৰুৱাৰীৰ  পৰা ৰাজ্যত বাল্যবিবাহ বিৰোধী অভিযান চলি আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে অসম আৰক্ষীয়ে ৰাজ্যখনৰ সকলো প্ৰান্ততেই এই অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অন্তৰ্গত বাল্য বিবাহত লিপ্ত কেইবা সহস্ৰাধিক স্বামীক আৰক্ষীয়ে আটক তথা গ্ৰেপ্তাৰ কৰিছে। 
 
 
ইয়াৰে একাংশৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ কথাও ইতিমধ্যে জানিব পৰা গৈছে। এই ঘটনাই ৰাজ্যৰ বিভিন্ন ঠাইত পৰিস্থিতি উত্তপ্ত সৃষ্টি হয় কিয়নো বহুতো মহিলাই নিজৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ তথা আটক কৰাৰ বাবদ ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল। 
 
কিন্তু শেহতীয়াকৈ বাল্য বিবাহৰ গোচৰত POCSO আইন সংলগ্ন কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ এক মন্তব্য আগবঢ়াইছে। ন্যায়ালয়ে অসম চৰকাৰক এই সন্দৰ্ভত সমালোচনা কৰে। বাল্য বিবাহৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ ফেব্ৰুৱাৰীত বাল্যবিবাহৰ গোচৰত POCSO আইন সংলগ্ন কৰাৰ লগতে ধৰ্ষণৰ (376 IPC) ধাৰা সংলগ্ন কৰাক লৈ ৰাজ্য চৰকাৰক প্ৰশ্ন কৰে।
 
বাল্য বিবাহ বিৰোধী আইন, ২০০৬ r/w POCSO আইনৰ অধীনত বিভিন্ন বিষয়ত ৰুজু কৰা গোচৰৰ কিছুমান অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে এইবোৰ এনে বিষয় নহয় যাৰ বাবে আৰক্ষীৰ জিম্মাত সোধাপোছাৰ প্ৰয়োজন।
 
ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে কয় যে, ‘‘যদি বিবাহ আইন উলংঘা কৰা হৈ আছে, আইনে নিজৰ পথ ল’ব। এই ঘটনাবোৰ বহু সময়ৰ পৰাই হৈ আহিছে। আমি কেৱল বিবেচনা কৰিম যে জিম্মাত সোধাপোছাৰ প্ৰয়োজন হয় নে নহয়। এই মুহূৰ্তত, এই আদালতে ভাবে যে এইবোৰ আৰক্ষী জিম্মাত সোধা-পোছাৰ বিষয় নহয়। আমি তেওঁলোকক উপস্থিত হ’বলৈ আৰু তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ কম। এইবোৰ NDPS, চোৰাং ব্যৱসায়, চুৰি সম্পত্তিৰ গোচৰ নহয়।’’
 
ইয়াৰ উত্তৰত, যেতিয়া ৰাজ্যৰ পৰামৰ্শদাতাই যুক্তি দিছিল যে এইবোৰ গুৰুতৰ বিষয়, তেতিয়া ন্যায়াধীশ সুমন শ্যামে এনেদৰে মন্তব্য কৰিছিল, ‘‘ ইয়াত POCSO কি? কেৱল POCSO যোগ দিয়াৰ বাবে, ইয়াৰ অৰ্থ এইটো নেকি যে বিচাৰকসকলে তাত কি আছে চাব নোৱাৰে?... আমি ইয়াত কাকো নিৰ্দোষী সাৱ্যস্ত কৰা নাই। কোনেও আপোনাক অনুসন্ধান কৰিবলৈ বাধা দিয়া নাই।’’
 
বিচাৰপীঠে মন্তব্য কৰে যে, ‘‘এইবোৰ জিম্মাত সোধা-পোছাৰ বিষয় নহয়। আইন অনুসৰি আগবাঢ়িব, অভিযোগ পত্ৰ দাখিল কৰিব, যদি তেওঁলোক দোষী সাব্যস্ত হয়, তেন্তে তেওঁলোক দোষী। ই মানুহৰ ব্যক্তিগত জীৱনত সমস্যাৰ সৃষ্টি কৰিছে, শিশু আছে, পৰিয়ালৰ সদস্য আৰু বৃদ্ধ লোক আছে।’’
 
ন্যায়াধীশ শ্যামে লগতে কয় যে বাল্য বিবাহ এটা বেয়া ধাৰণা, কিন্তু সঠিক সময় আহিলে ন্যায়ালয়ে নিজৰ মতামত দিব। ন্যায়ালয়ে লগতে কয় যে এই মুহূৰ্তত, একমাত্ৰ বিষয়টো হ'ল তেওঁলোকক (অভিযুক্ত) গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ ঠেলি দিয়া উচিত হয় নে নহয়।