মুন্নী বেগম/গুৱাহাটী
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন উৎসৱ। বৰদিনত সকলোৱে মিলি মমবাতি জ্বলাই যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰাৰ লগতে আনন্দ উল্লাসেৰে দিনটো উদযাপন কৰে৷ সৰু ল’ৰা-ছোৱালীয়ে বিশেষ উপহাৰৰ বাবে চান্টালৈ অপেক্ষা কৰে। শিশুসকলৰ বাবে চাণ্টাই বিভিন্ন প্ৰকাৰৰ চকলেট, খেলনাৰ সমগ্ৰী আদি উপহাৰ হিচাপে লৈ আহে। কিয়নো বৰদিনত উপহাৰৰ এক বিশেষ ভূমিকা আছে। সেয়েহে এইবেলি বৰদিন উপলক্ষে এগৰাকী মহিলাই প্ৰস্তুত কৰিছে হেণ্ডমেড চকলেট। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ বাসিন্দা পাকিজা শইকীয়া।
শেহতীয়াকৈ মহানগৰীৰ নেডফি হাটত অনুষ্ঠিত হৈ যোৱা প্ৰি-খ্ৰীষ্টমাছ মেলাত পাকিজাই প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যসন্মত হেণ্ডমেড চকলেট গ্ৰাহকৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছে। কিয়নো তেওঁৰ চকলেট এক অনন্য সোৱাদ আৰু স্বাস্থ্যপোকাৰী গুণেৰে ভৰপূৰ।
'আৱাজ-দ্য ভইচ অসম'ক পাকিজা শইকীয়া কয়, "মই সাধাৰণতে বেকেৰীৰ কামৰ সৈতে জড়িত। মই ময়দা, মিলেট (বাজৰা) আদিৰ পৰা বিভিন্ন প্ৰকাৰৰ কেক, বিস্কুট, গাৰ্লিক ব্ৰেড, পিজ্জা, পণীৰ ব্ৰেড, বাটাৰ বিস্কুট, নানকাটা, লাড়ু-পিঠা আদি প্ৰস্তুত কৰি আহিছো। যিহেতু মই বনাই ভাল পাওঁ, সেয়েহে মই ঘৰতে স্বাস্থ্যসন্মত চকলেট প্ৰস্তুত কৰাৰ কথা ভাবিলো। তেনেকৈয়ে মই ঘৰতে চকলেট প্ৰস্তুৰ কাম আৰম্ভ কৰিলো। মই দৈনিক পুৱা ফজৰৰ নামাজৰ পিছতে ঘৰৰ অন্যন্য কাম কৰা আৰম্ভ কৰো আৰু পুৱা ৯ বজাত ঘৰৰ সকলো কাম শেষ কৰো। তাৰ পিছত মই বেকেৰী আৰু চকলেট বনোৱা কামত মগ্ন হৈ পৰো। বৰ্তমান মোৰ চকলেটবোৰে গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰিছে। এইবেলি মই নেডফি হাটত অনুষ্ঠিত হৈ যোৱা প্ৰি-খ্ৰীষ্টমাছ মেলাত বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যসন্মত হেণ্ডমেড চকলেট তথা কেক গ্ৰাহকৰ বাবে লৈ আহিছিলো, য'ত খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ উপৰিও অন্য ধৰ্মালম্বী লোকে মোৰ পৰা চকলেট আৰু কেক ক্ৰয় কৰিছে।"
বৰদিন উপলক্ষে পাকিজাই প্ৰস্তুত কৰা হেণ্ডমেড চকলেট আৰু কেক
উল্লেখ্য যে, চকলেট হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খাদ্য আৰু ফ্লেভাৰ। চকলেট হৈছে বহু খাদ্য সামগ্ৰী বিশেষকৈ কেক, পুডিং, মুচ, চকলেট ব্ৰাউনি আৰু চকলেট চিপ কুকিজ আদিৰ এক মূখ্য উপাদান। বহু কেণ্ডি মিঠাইৰ ভিতৰত চকলেট থাকে নাইবা চকলেটৰ প্ৰলেপ দিয়া হয়। চকলেট বাৰত কঠিন চকলেট বা চকলেটত প্ৰলেপ দিয়া অন্যান্য উপাদানেৰে তৈয়াৰ কৰা হয়। ইয়াক স্নেক্স হিচাপে খোৱা হয়। খ্ৰীষ্টমাছ, ইষ্টাৰ, ভেলেণ্টাইন দে' আদিৰ দৰে কিছুমান পশ্চিমীয়া উৎসৱৰ সময়ত বিভিন্ন আকৃতিৰে সজ্জিত চকলেট উপহাৰ হিচাপে দিয়াৰ পৰম্পৰা পালন কৰা হয়।
পাকিজাই কয়, "চকলেট অৰ্থাৎ ডাৰ্ক চকলেটক পুষ্টি গুণৰ ভঁৰাল আখ্যা দিব পাৰি। ইয়াত থকা উচ্চ মাত্ৰাৰ আঁহে পাকস্থলীত চৰ্বিৰ শোষণৰ মাত্ৰা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত মেদবহুলতা বহু পৰিমাণে হ্ৰাস পায়। ইয়াত থকা পটাছিয়ামে ষ্ট্ৰোকত বাধা দিয়ে। আকৌ ইয়াত থকা আইৰনে শৰীৰত আইৰনৰ ঘাটি পূৰণ কৰে। ডাৰ্ক চকলেটত থকা আন এটা উপাদান মেগনেছিয়ামে মধুমেহ, উচ্চ ৰক্তচাপ আৰু কেতবোৰ হৃৎপিণ্ডৰ বিসংগতি হোৱাত বাধা দিয়ে। আনহাতে, ইয়াত থকা মেংগানিজ, ফছফৰাছ, জিংক আৰু ছেলেনিয়ামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডাৰ্ক চকলেটত থকা থিঅ’ব্ৰ’মাইনে দাঁতৰ এনামেল সবল আৰু কঠিন কৰি তোলাৰ লগতে আন আন বহু উপকাৰিতা আছে। ইমানবোৰ স্বাস্থ্য উপকাৰী গুণ থকা চকলেটক মই ঘৰতে নিজৰ কিছু সংমিশ্ৰণেৰে আৰু অধিক সোৱাদযুক্ত আৰু স্বাস্থ্যসন্মত কৰি তুলিছো। মই বিশেষকৈ ভোট জলকীয়া, গৰম মছলা, বিভিন্ন প্ৰকাৰৰ নাটছ, মিলেট, মাছৰূম, ড্ৰাই ফ্ৰুটছ আদিৰেও চকলেট প্ৰস্তুত কৰো।"
পাকিজাই প্ৰস্তুত কৰা কেক আৰু বিভিন্ন প্ৰকাৰৰ আচাৰ
অন্য বস্তুৰ লগতে হওঁক বা অকলে হওঁক চকলেট খোৱাটো আটাইতকৈ আনন্দদায়ক মুহূৰ্ত হিচাপে গণ্য কৰা হয়। বিশ্বৰ সকলো নহলেওঁ অধিকাংশ লোকৰ বাবে চকলেট অতি প্ৰিয়। বিভিন্ন উৎসৱ-পাৰ্বণ বিশেষকৈ বৰদিনত উপহাৰ হিচাপেও চকলেটৰ ব্যহুলভাৱে ব্যৱহাৰ হোৱা দেখা যায়।
অলপতে নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হৈ যোৱা অষ্টলক্ষ্মী মহোৎসৱত অসমৰ পৰা খাদ্যৰ শাখাত অংশগ্ৰহণ কৰা পাকিজাই চকলেটৰ ব্যৱসায়ৰ সন্দৰ্ভত কয় যে, "বৰ্তমান সময়ত চকলেট ব্যৱসায় হৈছে এক অতি লাভজনক ব্যৱসায়। কিয়নো চকলেট শিশুৰ পৰা বৃদ্ধালৈ সকলো শ্ৰেণীৰ লোকৰ বাবে প্ৰিয়। কাৰণ চকলেটৰ সোৱাদ এনেকুৱা যে, ইয়াক প্ৰতিটো শ্ৰেণীৰ মানুহে খাবলৈ ভাল পায়। বৰ্তমান বজাৰত বিভিন্ন ব্ৰেণ্ডৰ, বিভিন্ন প্ৰকাৰৰ চকলেট উপলব্ধ যদিও ঘৰতে প্ৰস্তুত কৰা চকলেটৰ চাহিদা খুবেই বৃদ্ধি পাইছে। সেয়েহে মই ভাবো যে, সম্প্ৰতি মানুহে অতি সহজতে কৰিব পৰা এবিধ ব্যৱসায় হৈছে চকলেট প্ৰস্তুতৰ ব্যৱসায়। যাৰদ্বাৰা মানুহে আৰ্থিকভাৱে স্বাৱলম্বী হব পাৰে। চকলেটৰ ব্যৱসায়ৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল পেকেজিং। চকলেটৰ পেকেজিং আকৰ্ষনীয় ধৰনে কৰিব লাগে। কাৰণ পেকেজিং ভাল হ'লেহে ব্যৱসায়ো ভাল হ'ব। কিয়নো আজিকালি মানুহে জন্মদিন, বিবাহ বাৰ্ষিকী, বিহু তথা অন্যন্য অনুষ্ঠানত গিফ্ট হিচাপে চকলেট দিব বিচাৰে।"
অলপতে নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হৈ যোৱা অষ্টলক্ষ্মী মহোৎসৱত অসমৰ পৰা খাদ্যৰ শাখাত অংশগ্ৰহণ কৰা পাকিজাৰ বিপণি
অতি কম সময়ত অধিক ডিজাইন আৰু বিভিন্ন প্ৰকাৰৰ চকলেট প্ৰস্তুত কৰিব পাৰি বুলি উল্লেখ কৰি পাকিজাই কয় যে, "মই চকলেট বনাই খুব ভাল পাওঁ। কাৰন ইয়াৰ জৰিয়তে মই চাপমুক্ত আৰু আনন্দ অনুভৱ কৰোঁ। চকলেটৰ ওপৰত মোৰ বহু কাম কৰাৰ ইচ্ছা আছে। মই ভৱিষ্যতলৈ চকলেটৰ ভেৰাইটি অনাৰ বাবে কাম কৰিম। বৰ্তমান মই এঘণ্টাত মুঠ ১০০ বিধমান ভিন্ন ডিজাইন আৰু সোৱাদৰ চকলেট প্ৰস্তুত কৰোঁ। মোৰ তাত ২০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত চকলেট উপলব্ধ। আনহাতে উপহাৰৰ বাবে চকলেটৰ গিফ্ট পেকেটবোৰো উপলব্ধ।"
কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে চকলেট প্ৰস্তুত কৰা পাকিজাই কয় যে, চকলেটৰ লোভনীয় গোন্ধই তেওঁক চাপমুক্ত আৰু আনন্দ অনুভৱ কৰোৱায়। তেওঁ বৰ্তমানলৈ ১০ ৰ পৰা ১৫ প্ৰকাৰৰ চকলেট প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰিছে। তেওঁ কয়, "মই চকলেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰিস্কাৰ-পৰিছন্নতাৰ ওপৰত খুবেই গুৰুত্ব দিওঁ। আনহাতে চকলেট প্ৰস্তুত কৰিবলৈও মই উন্নত মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ। ইয়াৰোপৰি মই চকলেট কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে তথা শিশুৱে চকলেট কেতিয়া আৰু কেনেকৈ খাব, সেই বিষয়েও গ্ৰাহকক পৰামৰ্শ দিওঁ।"