বঙাইগাঁৱত অনুষ্ঠিত মহিলা কাব্য মঞ্চ অসমৰ 'বাৰ্ষিক মহোৎসৱ-২০২৫'

Story by  atv | Posted by  Munni Begum • 23 h ago
মহিলা কাব্য মঞ্চ অসমৰ সদস্যসকল
মহিলা কাব্য মঞ্চ অসমৰ সদস্যসকল
 
গুৱাহাটী 
 
ৰবিবাৰে বঙাইগাঁৱত মহিলা কাব্য মঞ্চ, অসমৰ বাৰ্ষিক মহোৎসৱ-২০২৫ অনুষ্ঠিত কৰা হয়। গ্ৰন্থ উন্মোচন আৰু বহুভাষিক কবি সন্মিলনেৰে অনুষ্ঠিত এই অনুষ্ঠানৰ অধ্যক্ষতা কৰিছে মাকামৰ ৰাষ্ট্ৰীয় মহাসচিব তথা উত্তৰ ভাৰতৰ তত্বাৱধায়ক মালবিকা ৰায়মেধি দাসে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে মকামৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ডঃ ৰচনা নিগমে।  
 
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মাকামৰ ৰাষ্ট্ৰীয় মহাসচিব গৰাকীয়ে কয় যে, কবিতাৰ প্ৰতি সমৰ্পিত আন্তৰ্জাতিক সংস্থা মাকাম হৈছে মহিলা সকলৰ মনৰ পৰা মঞ্চ লৈ এক কাব্যিক অনিৰুদ্ধ যাত্ৰা। পতিয়ালা নিবাসী বিশিষ্ট কবি আৰু গায়ক ডঃ নৰেশ নাজে প্ৰতিষ্ঠা কৰা মাকামৰ শাখা ভাৰতৰ বিভিন্ন ৰাজ্যৰ উপৰিও বিদেশতো গঠন হৈছে। 
 
তেওঁ লগতে কয়, অসমৰ কামৰূপ, বঙাইগাঁও, নলবাৰী, কোকৰাঝাৰ, শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, বৰপেটা আদি জিলা সমূহত মাকামৰ শাখাই প্ৰত্যেক মাহত একোখনকৈ বছৰেকত বাৰ খনকৈ কাব্য সন্ধিয়া অনুষ্ঠিত কৰি মহিলা সকলৰ কাব্য লিখনৰ প্ৰতি থকা স্পৃহা বঢ়োৱাৰ লগতে তেওঁলোকৰ বৌদ্ধিক বিকাশতো ইন্ধন যোগাই আহিছে।
 
অনুষ্ঠানত বঙাইগাঁও শাখাৰ বাৰ্ষিক পত্ৰিকা 'কাব্যাৰ্ণৱ', বৰোদাৰ পৰা প্ৰকাশিত ৰচনা নিগমৰ সম্পাদিত তিনি মাহিলী পত্ৰিকা "নাৰী অস্মিতা"ৰ ১২৫তম সংখ্যা, গুৰুগ্ৰামৰ  ডঃ মধুলিকা সিনহাৰ "প্ৰকৃতি কোচ হমছে কহতি হাইন" আৰু নিৰ্মলা মহন্ত "স্মৃতিৰ পাজৰ" নামৰ গ্ৰন্থকেইখন উন্মোচন কৰা হয়।
 
কাঞ্চন শৰ্মা, ডঃ মঞ্জুলা হুছেইন, বন্দনা ৰায়মেধি, মীনা দেৱী আৰু অনুপমা চৰকাৰ মেধিৰ দ্বাৰা সঞ্চালিত কবি সন্মিলনত প্ৰায় ৬০ গৰাকী কবিয়ে অসমীয়া, হিন্দী, বাঙালী, বড়ো, নেপালী আদি বিভিন্ন ভাষাত বিভিন্ন ৰসৰ কবিতা পাঠ কৰে। মালা বৰুৱাই আঁত ধৰা সভা খনত প্ৰত্যেক গৰাকী কবিক মানপত্ৰ আৰু মেমেণ্ট' প্ৰদান কৰা হয়।