G-20 ত অসমৰ মায়াশ্ৰী আৰু মুনমী

Story by  atv | Posted by  [email protected] • 10 Months ago
G-20 ত অসমৰ মায়াশ্ৰী আৰু মুনমী
G-20 ত অসমৰ মায়াশ্ৰী আৰু মুনমী
 
নতুন দিল্লী
 
কাইলৈৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্বৰ ২০খন দেশৰ ১৮সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অসমৰ দুগৰাকী মহিলাই মহিলা উদ্যমী হিচাপে অংশগ্ৰহণ কৰাৰ সুযোগ পাইছে। দেশৰ ২০গৰাকী মহিলাৰ ভিতৰত এই সন্মিলনৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দুগৰাকী আত্মনিৰ্ভৰশীল অসমীয়া মহিলাও নিৰ্বাচিত হোৱাটো অসমবাসীৰ বাবেই গৌৰৱৰ কথা।
 
 
উল্লেখযোগ্য যে, ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নী আৰু পৰিয়ালৰ সদস্যক লৈ অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানটোত ২০গৰাকী ভাৰতীয় মহিলাৰ ভিতৰত এগৰাকী অসমীয়া মহিলাই উদ্যমীসকলৰ হৈ মিলেটৰ খেতি আৰু তাৰপৰা উৎপাদিত সামগ্ৰী সম্পৰ্কত ব্যাখ্যা কৰিব।
 
উল্লেখযোগ্য যে মিলেট (কণী ধান)-ৰপৰা বিভিন্ন প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰা মায়াশ্ৰী বৰুৱা আৰু মুনমী শ‍ইকীয়া গগৈ জি-২০ সন্মিলনৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। দেশৰ ১০খন ৰাজ্যৰপৰা মিলেটৰ খেতি কৰা আৰু মিলেটৰপৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰা ২০গৰাকী মহিলাক উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে চৰকাৰে নিৰ্বাচন কৰিছে। কৃষি বিভাগৰ জৰিয়তে নির্বাচন কৰা ২০গৰাকী উদ্যমী মহিলাই ৯ ছেপ্টেম্বৰত ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নী বা পৰিয়ালৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। 
 
অনুষ্ঠানত ভাৰত, কানাডা, ফ্রান্স, আর্জেণ্টিনা, অস্ট্রেলিয়া, ৰিপাব্লিক অব কোৰিয়া, ব্রাজিল, চীন, জার্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্রিকা, তুৰস্ক, বৃটেইন, আমেৰিকা যুক্তৰাজ্য ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীকে ধৰি সেই দেশৰ ৰাষ্ট্ৰীয় নেতাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত নতুন দিল্লীত অনুষ্ঠানটো অনুষ্ঠিত হ'ব। অনুষ্ঠানত মিলেটৰ খেতি, মিলেটৰ জৰিয়তে উৎপাদিত খাদ্য প্রস্তুত কৰা আদি বিভিন্ন দিশৰ বুজ ল’ব ২০খন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ পৰিয়ালৰ সদস্যসকলে। 
 
দেশৰ মহিলা উদ্যমীসকলে মিলেটৰ খেতি আৰু খাদ্য প্রস্তুতৰ লগতে অন্যান্য দিশত কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰি, তাৰ পৰ্যালোচনা হ'ব। দেশৰ ২০ গৰাকী মহিলাৰ কামৰ খতিয়ান বিশ্লেষণ কৰি ৰাষ্ট্ৰপ্ৰধানৰ পৰিয়ালৰ সদস্যই কিছু জ্ঞান আহৰণো কৰিব। তেনে অনুষ্ঠানলৈ অসমৰ মায়াশ্ৰী বৰুৱা আৰু মুনমী শ‍ইকীয়া গগৈ আমন্ত্ৰিত হোৱাটো গৌৰৱৰ কথা।