কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিশেষ বিবাহ আইনৰ অধীনত পুনৰ বিবাহপাঁশত আৱদ্ধ হ'ব কেৰালাৰ মুছলমান দম্পতীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
৩ কন্যাৰ সৈতে কেৰালাৰ মুছলমান দম্পতীটো
৩ কন্যাৰ সৈতে কেৰালাৰ মুছলমান দম্পতীটো
 
কাছাৰগড (কেৰালা)

কেৰালাৰ কাছাৰাগড জিলাৰ এহাল মুছলমান দম্পতীয়ে তিনিগৰাকী কন্যাৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বিশেষ বিবাহ আইন (এছ এম এ)ৰ অধীনত পুনৰ বিবাহপাঁশত আৱদ্ধ হ'বলৈ ওলাইছে।
 
কুঞ্চাকো বোবান অভিনীত ছবি 'না থান কেছ কোডু'ত উকীলৰ চৰিত্ৰ ৰূপায়ন কৰা অধিবক্তা তথা অভিনেতা চি শুক্কুৰে পত্নী তথা মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহযোগী উপাচাৰ্য শ্বীনাৰ সৈতে অহা ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা পুনৰ বিবাহপাশত আবদ্ধ হ'ব। 
 
পশ্চিমীয়া দেশবোৰত আৰু কিছু হিন্দু লোকৰ মাজত দম্পতীসকলে প্ৰায়ে বৈবাহিক জীৱনত এক নিৰ্দিষ্ট সংখ্যক বছৰ একেলগে থকাৰ পিছত তেওঁলোকৰ পত্নীৰ সৈতে পুনৰ বিবাহ পাশত আৱদ্ধ হয়, কিন্তু এই দম্পতীহালে মুছলমান উত্তৰাধিকাৰ আইনত আৰোপ কৰা কিছুমান চৰ্তৰ বাবে বিবাহ পুনৰ পঞ্জীয়ন কৰাৰ পথ বাছি লৈছে। আইনত কোৱা হৈছে যে কন্যা সন্তানে তেওঁলোকৰ পৈতৃক সম্পত্তিৰ মাত্ৰ দুই-তৃতীয়াংশহে লাভ কৰে আৰু বাকীবোৰ পুৰুষ উত্তৰাধিকাৰীৰ অনুপস্থিতিত তেওঁৰ ভাতৃসকলৰ ওচৰলৈ যাব।
 
২৯ বছৰ ধৰি বিবাহপাশত আৱদ্ধ হৈ থকা দম্পতীহালে বিশেষ বিবাহ আইনৰ অধীনত তেওঁলোকৰ বিবাহ পুনৰ পঞ্জীয়ন কৰি পৰিস্থিতি সলনি কৰিব বুলি আশা কৰিছে। ফেচবুকত শুক্কুৰে শ্বেয়াৰ কৰিছিল যে তেওঁৰ দুবাৰকৈ মৃত্যুমুখৰ পৰা উদ্ধাৰ হোৱাৰ অভিজ্ঞতা আছে আৰু মৃত্যুক তেওঁ যথেষ্ট ওচৰৰ পৰা দেখিছে। ইয়াৰ ফলত তেওঁ ভাবিবলৈ বাধ্য হ’ল যে তেওঁ নিজৰ ছোৱালীকেইজনীৰ বাবে কি এৰি যাব, আৰু তেওঁ নোহোৱাৰ পিছত তেওঁলোকে তেওঁৰ সকলো ধন আৰু সম্পত্তি লাভ কৰিব নে?
 
তেওঁৰ চিন্তা আছিল যে ১৯৩৭ চনৰ মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) প্ৰয়োগ আইন আৰু আদালতে গ্ৰহণ কৰা স্থিতি অনুসৰি পিতৃৰ সম্পত্তিৰ মাত্ৰ দুই তৃতীয়াংশই কন্যা সন্তানৰ হাতলৈ যায় আৰু বাকীখিনি পুৰুষ বংশধৰ নাথাকিলে ভাতৃৰ হাতলৈ যাব । তদুপৰি শ্বৰীয়ত আইন অনুসৰি উইল এৰি যোৱাটো অনুমোদিত নহয় বুলিও তেওঁ নিজৰ পোষ্টত কয়। গতিকে কেৱল ছোৱালী হিচাপে জন্ম লোৱাৰ বাবেই তেওঁলোকে এনে লিংগ বৈষম্যৰ সন্মুখীন হ’ব বুলিও তেওঁ আঙুলিয়াই দিয়ে।
 
শুক্কুৰৰ মতে এই দুৰ্দশাৰ পৰা মুক্তিৰ একমাত্ৰ উপায় হ’ল বিশেষ বিবাহ আইনৰ অধীনত পুনৰ বিবাহপাঁশত আৱদ্ধ হোৱা। গতিকে তেওঁ আশা কৰে যে তেওঁৰ এই সিদ্ধান্তই মুছলমান পৰিয়ালত কন্যাসকলে সন্মুখীন হোৱা লিংগ বৈষম্যৰ অন্ত পেলোৱাৰ পথ দেখুৱাব আৰু কন্যা সন্তানৰ আত্মবিশ্বাস আৰু মৰ্যাদা বৃদ্ধি কৰাত সহায় কৰিব।
 
ফেচবুক পোষ্টত তেওঁ কয় যে আল্লাহে আমাৰ কন্যাসকলৰ আত্মবিশ্বাস আৰু মৰ্যাদা বৃদ্ধি কৰক। আল্লাহ আৰু আমাৰ সংবিধানৰ আগত সকলো সমান। তেওঁ আৰু কয় যে তেওঁলোকে পুনৰ বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰি কোনো ব্যক্তি অথবা শ্বৰীয়ত আইনক অৱজ্ঞা কৰিব বিচৰা নাই। তেওঁ কয় যে আমি কেৱল এই সম্ভাৱনাৰ সন্ধান কৰি আছো যে বিশেষ বিবাহ আইনৰ জৰিয়তে বিবাহ কৰাসকলক মুছলমান ব্যক্তিগত আইন প্ৰভাৱিত নকৰে। শ্বীনা আৰু মই আমাৰ সন্তানৰ মংগলৰ বাবে পুনৰ বিবাহত বহিম। 
 
এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে আমি কেৱল আমাৰ ছোৱালীকেইজনীৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰো। তেওঁৰ পত্নীয়েও চেনেলটোৰ সৈতে হোৱা কথা-বতৰাত কয় যে তেওঁলোকে যি অসুবিধাৰ মাজেৰে পাৰ হৈ আহিছে, সেই অসুবিধাৰ সন্মুখীন হৈছে বহু মুছলমান পৰিয়াল, যাৰ একমাত্ৰ কন্যা সন্তান আছে।
 
১৯৯৪ চনৰ ৬ অক্টোবৰত নিকাহ সম্পন্ন হোৱা এই দম্পতীহালে ৮ মাৰ্চত কাছাৰাগড জিলাৰ হোছদুৰ্গ তালুকৰ কানহাংগাডৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত কন্যাৰ উপস্থিতিত পুনৰ বিবাহপাশত আবদ্ধ হ’ব বুলি শুক্কুৰৰ ফেচবুক পোষ্টত প্ৰকাশ পাইছে।