এসময়ত পিচিঅ’ডি ৰোগত আক্ৰান্ত আলিয়া ফাৰুক এতিয়া কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা ফিটনেছ প্ৰশিক্ষক

Story by  atv | Posted by  Munni Begum • 1 Years ago
মহিলা ফিটনেছ প্ৰশিক্ষক আলিয়া ফাৰুক
মহিলা ফিটনেছ প্ৰশিক্ষক আলিয়া ফাৰুক
 
আৱাজ-দ্য ভইচ / গুৱাহাটী ব্যুৰো
 
কাশ্মীৰৰ প্ৰথমগৰাকী স্বীকৃতিপ্ৰাপ্ত মহিলা ফিটনেছ প্ৰশিক্ষক হৈছে আলিয়া ফাৰুক। তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ লিংগ বৈষম্য, বিভিন্নজনৰ উপহাস আৰু হতাশাৰ সৈতে বহু যুঁজ দিবলগীয়া হৈছিল। ফিটনেছে তেওঁক কেনেকৈ পুনৰ আৱিষ্কাৰ কৰাত সহায় কৰিছিল আৰু কেনেকৈ তেওঁ আন মহিলাসকলকো সহায় কৰিছিল, সেই বিষয়ে জানিলে আপুনিও অনুপ্ৰাণিত হ'ব।
 
বছৰ বছৰ ধৰি বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হোৱা কাশ্মীৰ উপত্যকাত এটা ডাঙৰ সমস্যা বহুলাংশে সমাধান নোহোৱাৰ পৰ্যায় আহি পৰিছে। সেয়া হ'ল কাশ্মীৰৰ মহিলাসকলৰ স্বাস্থ্য।
 
চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ৫ৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ প্ৰায় এক তৃতীয়াংশ মহিলা অতিৰিক্ত ওজন বা মেদবহুলতাত আক্ৰান্ত। ২০১৫ চনৰ আন এক সমীক্ষাত দেখা গৈছে যে উপত্যকাটোৰ আধাসংখ্যক মহিলাই হতাশাত ভুগিছে। প্ৰচলিত পুৰুষতান্ত্ৰিক সমাজৰ বাবে অৱহেলিত হৈ থকা এই সংকটৰ সৈতে মোকাবিলা কৰাটো কিমান জৰুৰী সেই বিষয়ে এনে তথ্যই চৰ্চা দিয়ে। 
 
এক অনুষ্ঠানত মহিলা জিম প্ৰশিক্ষক আলিয়া ফাৰুকে বক্তৃতা দি থকা এক দৃশ্য 
 
উদাহৰণস্বৰূপে, শ্ৰীনগৰৰ বাসিন্দা মেহেকক ফিটনেছ চেণ্টাৰলৈ যাবলৈ দিয়া হোৱা নাছিল কাৰণ বেছিভাগ জিমতে পুৰুষ সদস্য আৰু প্ৰশিক্ষকৰ আধিপত্য থাকে। ২৪ বছৰীয়া যুৱতী গৰাকী পিচিঅ’ডি (পলিচিষ্টিক অভেৰিয়ান ডিজিজ) ৰোগত আক্ৰান্ত আছিল। যিটোয়ে চিকিৎসাজনিত অৱস্থাৰ ফলত ওজন বৃদ্ধি, ঋতুস্ৰাৱৰ অনিয়ম, জন্মৰ সময়ত জটিলতা আদিৰ সৃষ্টি কৰে। “ছমাহ ধৰি মোৰ মাহেকীয়া হোৱা নাছিল আৰু সঁচাকৈয়ে ইয়াৰ বাবে মই বিচলিত হৈ পৰিছিলোঁ। মই ঔষধ খাইছিলো, কিন্তু একোৱেই কাম কৰা নাছিল। যিহেতু আমাৰ এই অঞ্চলসমূহত বেছিভাগ জিমত পুৰুষ প্ৰশিক্ষক থাকে, সেয়েহে চিকিৎসকে পৰামৰ্শ দিলেও মোৰ পৰিয়ালে মোক জিমত যোগদান কৰিবলৈ দিয়া নাছিল", মেহেকে কয়।
 
প্ৰাৰম্ভিক বিৰোধিতাৰ পিছত তেওঁক মহিলাৰ ফিটনেছ চেণ্টাৰত যোগদান কৰিবলৈ দিয়া হয়। ছমাহৰ ভিতৰতে তেওঁৰ ওজন ২৩ কেজি হ্ৰাস পায়। “মই বিৰতি লোৱা নাছিলো আৰু নিয়মিতভাৱে জিমলৈ গৈছিলো। জিমত যোগদান কৰাৰ সিদ্ধান্ত লৈ মোৰ সঁচাকৈয়ে ভাল লাগিছিল। এতিয়া নিয়মিতভাৱে মাহেকীয়া হয়। মোৰ মানসিক স্বাস্থ্যৰ বাবেও ই ভাল", যুৱতীগৰাকীয়ে লগতে কয়।
 
প্ৰায় ৮০ লাখ টকা বিনিয়োগেৰে স্থাপন কৰা আলিয়া ফাৰুকৰ জিম
 
ইয়াৰ বাবে মেহেকে তেওঁৰ প্ৰশিক্ষক আলিয়া ফাৰুকৰ নিষ্ঠাৰ শলাগ লয়, যিগৰাকীক কাশ্মীৰৰ প্ৰথমগৰাকী স্বীকৃতিপ্ৰাপ্ত মহিলা জিম প্ৰশিক্ষক বুলি জনা যায়। দুই সন্তানৰ মাতৃ আলিয়াই নিজৰ কেৰিয়াৰ বাছনিৰ জৰিয়তে কু-সংস্কাৰ ভংগ কৰিছে। “মোৰ কামৰ বাবে, মোৰ জিমৰ সাজ-পোছাকৰ বাবে, মই কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে মোক সদায় সমালোচনা কৰা হৈছিল। আনকি মোৰ মা-দেউতাকো ইয়াৰ বাবে গালি-গালাজ কৰা হৈছিল। মানুহে ভাবে যে এই কাম কেৱল পুৰুষৰ বাবেহে", ৩৫ বছৰীয়া আলিয়াই এইদৰে কয়। 
 
কাশ্মীৰত মহিলাসকলৰ সুস্থ হৈ থকাৰ আগ্ৰহে ফিটনেছ চেণ্টাৰলৈ যোৱাৰ বাবে সন্মুখীন হোৱা সমালোচনা হোৱাৰ ভয়ক নাইকীয়া কৰি পেলায়। “এই মহিলাসকলৰ অধিকাংশই উদ্বেগ আৰু পিচিঅ’এছত আক্ৰান্ত। কিন্তু তেওঁলোকক জিমলৈ যাবলৈ দিয়া হোৱা নাছিল, কাৰণ ইয়াত এনে মহিলাক হেয়জ্ঞান কৰা হয়। তেওঁলোকে বুজি নাপায় যে ব্যায়াম আৰু মানসিক স্বাস্থ্যৰ মাজতো সম্পৰ্ক আছে। মই এই চিন্তাধাৰাৰ উৰ্ধত গৈ কথাবোৰ অন্য ধৰণে ভাবিছিলোঁ", আলিয়াই বুজাই দিয়ে। 
 
অলিয়া ফাৰুক তেওঁৰ দুই সন্তানৰ সৈতে (বাওঁফালে) আৰু নিজৰ জিমত আলিয়া ফাৰুক (সোঁফালে)
 
২০১২ চনত স্নাতকগৰাকীয়ে স্বামীৰ মালিকানাধীন শ্ৰীনগৰস্থিত জিমত মহিলাসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁ হাজাৰ হাজাৰ কাশ্মীৰী মহিলাক প্ৰশিক্ষণ দি ফিট হোৱাত সহায় কৰিছে। ফিটনেছ চেণ্টাৰ আৰম্ভ কৰাৰ কেইবছৰমান আগতে আলিয়াই নিজেও একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। দ্বিতীয় গৰ্ভাৱস্থাৰ পিছত মেদবহুলতা আৰু প্ৰসৱৰ পিছৰ হতাশাৰ দৰে বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
 
"আমি আৰ্থিকভাৱে সুস্থিৰ নাছিলোঁ। মোৰ স্বামীৰ উপাৰ্জন ভাল নাছিল আৰু তেওঁৰ বৃহৎ পৰিমাণৰ ঋণ আছিল। মোৰ বেছিভাগ আত্মীয় ডাক্তৰ আৰু চৰকাৰী বিষয়া আছিল আৰু তেওঁলোকে আমাক প্ৰায়ে ঠাট্টা-মস্কৰা কৰিছিল। এইবোৰ চিন্তাই মোৰ টোপনি কাঢ়ি নিছিল। প্ৰথম প্ৰসৱৰ কম বিৰতিৰ পিছত মই আন এটা সন্তান গৰ্ভধাৰণ কৰিলোঁ। মই ইমানেই মানসিক চাপত আছিলো যে মই চাৰি মাহৰ গৰ্ভৱতী বুলিও নাজানিছিলো", অলিয়াই আবেগিক ভাৱে কয়। 
 
“মই মোৰ বিয়া আৰু সন্তান জন্ম দিয়াৰ সিদ্ধান্তক লৈ মনত প্ৰায়ে প্ৰশ্ন উত্থাপন হৈছিল। মই প্ৰসৱৰ পিছত বহুত বেছি হতাশাত ভুগিছিলোঁ আৰু শেষত আত্মহত্যাৰ দৰেও চিন্তা মনলৈ আহিছিল", অলিয়াই লগতে কয়। 
 
একে সময়তে তাইৰ পুত্ৰ দ্বিপাক্ষিক নিউমোনিয়াত  আক্ৰান্ত হৈছিল। দম্পতীহালে চিকিৎসাৰ বাবে নতুন দিল্লীলৈ গৈছিল, য’ত আলিয়াইও নিজৰ চিকিৎসা বিচাৰিছিল। চিকিৎসকৰ পৰামৰ্শ মতে অলিয়াই স্থানীয় জিমত যোগদান কৰি মাত্ৰ চাৰি মাহতে ২৮ কিলো ওজন কমাবলৈ সক্ষম হৈছিল। 
 
আলিয়া ফাৰুকে তেওঁৰ জিমত শৰীৰ চৰ্চা কৰি থকা এক মূহুৰ্ত
 
“এইটোৱে মোৰ আত্মবিশ্বাসো বৃদ্ধি কৰিলে। মোৰ অনুভৱ হ’ল মই নতুন জীৱন এটা পাইছো৷ মোৰ ল’ৰা-ছোৱালীক মই আকৌ ভাল পাবলৈ ধৰিলোঁ। নতুনকৈ চুলিও কাটিলোঁ। ঘূৰি আহোঁতে মোক কোনেও চিনি পোৱা নাছিল", তেওঁ হাঁহিমুখে কয়। 
 
ঘৰলৈ উভতি অহাৰ পিছত তেওঁ বুজি পাইছিল যে পুৰুষ প্ৰশিক্ষকৰ কাষত মহিলাসকল কিয় আৰামদায়ক নহয়। “মোৰ স্বামীৰ জিমৰ মহিলাসকলে মোক কৈছিল যে পুৰুষ প্ৰশিক্ষকে তেওঁলোকক অনুচিতভাৱে স্পৰ্শ কৰে। আমি সেই ব্যক্তিজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলোঁ আৰু তেতিয়াই মই সেই মহিলাসকলৰ বাবে ফিটনেছ ট্ৰেইনাৰ হোৱাৰ সিদ্ধান্ত লৈছিলো", তেওঁ লগতে কয়।
 
২০১১ চনত হায়দৰাবাদলৈ গৈ তিনিমাহ ধৰি ভাৰোত্তোলন আৰু বডি বিল্ডিঙৰ প্ৰশিক্ষণ লয়। “এই জ্ঞানৰ সহায়ত মই মহিলাসকলক ওজন কমোৱাত সহায় কৰিব পৰা হ'লো। মই মোৰ স্বামীৰ জিমত ১০ গৰাকী মহিলাক প্ৰথমে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ আৰু অতি কম সময়তে অধিক মহিলাই আমাৰ জিমত যোগদান কৰিলে", দৈনিক ৪০ গৰাকী মহিলালৈকে প্ৰশিক্ষণ দিয়া আলিয়াই লগতে কয়। 
 
আলিয়া ফাৰুকে শৰীৰ চৰ্চা কৰা এক মূহুৰ্ত
 
ইয়াৰ ফলত আলিয়াইও নিজৰ আত্মবিশ্বাস ঘূৰাই পাবলৈ সক্ষম হৈছিল। প্ৰথম মাহত তেওঁ ৩০ হাজাৰ টকা উপাৰ্জন কৰিছিল, আৰু এতিয়া অলিয়াই লাখ টকা উপাৰ্জন কৰে। সেই টকাৰে এলিয়াই পুত্ৰক ভাল স্কুলত নামভৰ্তি কৰিলে, লগতে নিজৰ জিমৰ বাবে অত্যাধুনিক সঁজুলি আৰু মেচিন কিনিবলৈ ধৰিলে।
 
"মই মোৰ জিমত এতিয়ালৈকে প্ৰায় ৮০ লাখ টকা বিনিয়োগ কৰিছো। মই বুজিলোঁ যে মোৰ নিজাববীয়াকৈ কিবা এটা কৰাৰ ক্ষমতা আছে। মই নিজৰ ঘৰ কিনি স্বামীৰ ঋণ পৰিশোধ কৰাত সহায় কৰিলোঁ। মোক নিৰক্ষৰ বুলি ঠাট্টা কৰা আত্মীয়ই এতিয়া অন্য মানুহক মোৰ আদৰ্শ দিয়ে", আলিয়াই গৌৰৱেৰে কয়।
 
কিন্তু কাশ্মীৰত জিমৰ ব্যৱসায় চলোৱাটো সহজ নাছিল। “অন্য প্ৰশিক্ষকৰ দৰে মই মহিলাৰ দেহ ৰূপান্তৰৰ পিছৰ ছবি মোৰ ছ’চিয়েল মিডিয়াত আৰামত শ্বেয়াৰ কৰিব নোৱাৰো। তাৰোপৰি মই য’ত থাকো সেয়া বিতৰ্কিত অঞ্চল। আমি নিশ্চিত নহয় যে, কাইলৈ সাৰ পোৱাৰ পিছত আকৌ নতুন সংঘাত হ’ব পাৰে আৰু নতুন লকডাউন জাৰি কৰা হ’ব পাৰে", মহিলাগৰাকীয়ে লগতে কয়।
 
কিন্তু এই কষ্টৰ মাজতে আলিয়াই নাৰীৰ প্ৰতি থকা কু-সংস্কাৰ আৰু নিষেধাজ্ঞা ভংগ কৰিয়েই আছে। তেওঁৰ এই প্ৰচেষ্টাত কাশ্মীৰত প্ৰথমবাৰৰ বাবে মহিলাসকলৰ বাবে ফিটনেছ চেণ্টাৰসমূহক উৎসাহিত কৰা হয়।