কন্যা সন্তানক লৈ ৰহিলা বানোৰ মিছন সমগ্ৰ মহাৰাষ্ট্ৰত বিয়পি পৰিছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
কন্যা সন্তানক লৈ ৰহিলা বানোৰ মিছন সমগ্ৰ মহাৰাষ্ট্ৰত বিয়পি পৰিছে
কন্যা সন্তানক লৈ ৰহিলা বানোৰ মিছন সমগ্ৰ মহাৰাষ্ট্ৰত বিয়পি পৰিছে
দয়াৰাম বশিষ্ঠ / ফৰিদাবাদ
 
হাৰিয়ানাৰ মেৱাট অঞ্চলৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা প্ৰথমগৰাকী মুছলমান খেলুৱৈ হিচাপে চিহ্নিত হোৱাৰ পিছত ৰহিলা বানোৱে জীৱনত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। সম্প্ৰতি তেওঁ উটাৱাড় পলিটেকনিকত কম্পিউটাৰ বিজ্ঞান অধ্যাপনা কৰে আৰু পঢ়া-শুনা বাদ দিয়া মুছলমান ছোৱালীৰ মাজত শিক্ষাক লৈ সজাগতা বৃদ্ধি কৰি আহিছে। 
 
এতিয়ালৈকে তেওঁ সমগ্ৰ দেশৰ হাজাৰ হাজাৰ ল’ৰা-ছোৱালীক উচ্চ শিক্ষা গ্ৰহণ আৰু পঢ়া-শুনা বাদ দিয়া বহু শিশুক স্কুললৈ উভতি যাবলৈ অনুপ্ৰাণিত কৰিছে। পঢ়া-শুনা বাদ দিয়া শিশুসকলক পুনৰ পঢ়াশালিলৈ উভতাই অনাৰ ক্ষেত্ৰত ৰহিলাই তেওঁলোকৰ পিতৃ-মাতৃক সৈমান কৰিবলগীয়া হৈছে। 
বিদ্যুৎ নিগমৰ পৰা অৱসৰ গ্ৰহণ কৰা হাথিনৰ পাচাংগী গাঁৱৰ মহম্মদ আছঘৰৰ কন্যা ৰহিলা বানোৱে জনোৱা মতে তেওঁ কম্পিউটাৰ বিজ্ঞানত ইঞ্জিনিয়াৰিং কৰি এটা বহুজাতিক কোম্পানীত চাকৰি লাভ কৰে। কিন্তু, চাকৰি কৰি সময়ত তেওঁ উপলব্ধি কৰিছিল যে এটা ভাল জীৱনৰ  বাবে তেওঁ সমাজৰ হৈ কিবা এটা কৰিব লাগিব। 
সমাজৰ সৈতে যোগাযোগ ৰাখিবলৈ তেওঁ উচ্চ দৰমহাৰ চাকৰি এৰি উটাৱাড় পলিটেকনিকত প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ পিছতে তেওঁ মুছলমান সমাজৰ ড্ৰপআউট ছোৱালী সকলক শিক্ষা প্ৰদানৰ বাবে এক অভিযান আৰম্ভ কৰে।
 
এখন সভাত ৰহিলা বানো
 
ৰহিলা বানোৱে কয় যে গাঁওখনৰ প্ৰায়বোৰ বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকেহে পঢ়াৰ সুবিধা আছে। ইয়াৰ বাবেই অষ্টম শ্ৰেণীৰ পাছত গাঁৱৰ বাহিৰৰ বিদ্যালয়লৈ নিজক কন্যাক পঠিয়াবলৈ অভিভাৱকসকলে দ্বিধাবোধ কৰে। মেৱাট স্কুলৰ এক সমীক্ষাত তেওঁ জানিব পাৰিলে যে মুছলমান ছোৱালীয়ে সাধাৰণতে অষ্টম শ্ৰেণীৰ পিছত পঢ়া-শুনা এৰি দিয়ে।
ইয়াৰ পিছত ৰহিলাই অভিভাৱকসকলক তেওঁলোকৰ ছোৱালীক শিক্ষাৰ সুফলৰ বিষয়ে সজাগ কৰাৰ বাবে এক অভিযান আৰম্ভ কৰে। তেওঁ ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি সজাগতা বিয়পাইছিল। ফেচবুকত ৰহিলাৰ প্ৰায় ৩৫ হাজাৰ অনুগামী আছে আৰু তেওঁলোকৰ জৰিয়তে তেওঁ দেশৰ আন প্ৰান্ততো নিজৰ অভিযান প্ৰচাৰ কৰে।
২০২১ চনৰ ডিচেম্বৰত ৰাহিলা বানোৱে মহাৰাষ্ট্ৰৰ চাৰিখন জিলা ক্ৰমে জালানা, ঔৰংগাবাদ, জলগোৱান, আৰু ভিৱাণ্ডী (মুম্বাই)ত মুছলমান ছোৱালীৰ শিক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰে।
 
ৰহিলা বানোৱে গাৱৰ মুছলমান ছোৱালীক শিক্ষিত কৰি তোলাৰ বাবে অভিভাৱকসকলক কৰা মাজত কৰা সজাগতা অভিযান
 
সম্প্ৰতি পি এইচ ডি কৰি থকা বানোৱে কয় যে যিসকল শিক্ষাৰ্থীয়ে স্কুললৈ ঘূৰি আহিছে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। “বিদ্যালয় এৰি যোৱাৰ পিছত যিসকল শিশুৱে নিম্নমানৰ কাম কৰি আছিল, তেওঁলোকে এতিয়া লেপটপত কাম কৰি আছে, কিতাপ হাতত লৈ তেওঁলোকক অধ্যয়ন কৰি থকা দেখা গৈছে। তেওঁলোকৰ বহুতো সপোন আছে।’-বানোৱে কয়।