মঙলদৈৰ বান্দিয়া ঈদগাহ ময়দানত বিৰল দৃশ্য, সমূহীয়া নামাজত অংশ ল'লে শ শ মহিলাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
 বান্দিয়া ঈদগাহ ময়দানত শ শ  মহিলাই আগবঢ়াইছে ঈদৰ নামাজ
বান্দিয়া ঈদগাহ ময়দানত শ শ মহিলাই আগবঢ়াইছে ঈদৰ নামাজ
আছাদ আলী / মঙলদৈ 
 
সাধাৰণতে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক মছজিদত  প্ৰৱেশ কৰাকে ধৰি ৰাজহুৱাকৈ অন্যান্য ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হয়। কিন্তু, মঙলদৈ চহৰৰ নিকটৱৰ্তী বান্দিয়া ঈদগাহ ময়দানত পৱিত্ৰ ঈদ উজ জোহাৰ সমূহীয়া নামাজত এইবেলি দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। 
 
দেওবাৰে বান্দিয়া ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰিবলৈ সমবেত হ'ল বৃহত্তৰ অঞ্চলটোৰ শ শ মহিলা। মহিলা সকলে বোৰ্খা , হিজাব আদি পৰিধান কৰি শৃংখলাবদ্ধভাৱে পুৱাৰে পৰাই ঈদগাহ ময়দানত সমবেত হয়। 
মহিলাই ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি প্ৰচলিত তথাকথিত পৰম্পৰা আৰু ৰক্ষণশীলতা পৰিহাৰ কৰি  স্থানীয় মহিলা সকল ওলাই আহে। লক্ষ্যনীয়ভাৱে ঈদগাহ ময়দানত পুৰুষ নামাজী আৰু মহিলা নামাজী সকলৰ বাবে পৃথকে পৃথকে বহাৰ ব্যৱস্থা কৰা হয়। 
সেইমতে, পুৰুষ নামাজীসকলৰ শাৰীৰ  শেষত বেৰিকেড বহুৱাই মহিলা সকলে বহিব পৰাকৈ চাৰিওফালে স্ক্ৰীণ দি পৰ্দাৰ ব্যৱস্থা কৰা হয়। ফলত একেটা ময়দানত সমৱেত হৈও পুৰুষ নামাজীৰ পৰা  মহিলা নামাজী সকলে সম্পূৰ্ণ পৃথকে অৱস্থান কৰে। উক্ত ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজত ইমামতি কৰে মৌলানা ডঃ নৱাব আলীয়ে। 
 
 
মনকৰিবলগীয়া যে, বান্দিয়া ঈদগাহ ময়দানত মহিলাসকলে সমূহীয়াভাৱে নামাজ পঢ়াৰ পৰিৱেশ সৃষ্টি হৈছিল প্ৰায় কুৰি বছৰ পূৰ্বেই। বান্দিয়া ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক হাফিজুৰ ৰহমানে জনোৱা মতে, প্ৰথম অৱস্থাত মহিলাসকলে গাঁৱৰে কোনো নিৰ্দিষ্ট স্থানত কেৱল  মহিলাসকলে আছুতীয়াকৈ ঈদৰ নামাজ পঢ়িছিল । কিন্তু পাছলৈ ঈদগাহ কমিটিয়ে উদ্যোগ লৈ ঈদগাহ ময়দানত মহিলাসকলৰ বাবে পৃথকে পৰ্দাৰ ব্যৱস্থা কৰাত মহিলাসকলে উৎসাহিত হৈ ঈদৰ সমূহীয়া নামাজত পুৰুষৰ সমানে এইদৰে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, বান্দিয়া ঈদগাহ ময়দানত প্ৰায়  ১০-১২ খন  গাঁৱৰ মহিলাসকলে এইদৰে ঈদৰ নামাজত সমূহীয়াভাৱে অংশগ্ৰহণ কৰাটো অন্যান্য অঞ্চলৰ বাবে নিদৰ্শন হৈ পৰিছে। ফলস্বৰূপে দৰং জিলাৰ যোগীপাৰা ঈদগাহ ময়দান, দৈপাম ঈদগাহ ময়দান, পদোপৰী ঈদগাহ ময়দানতো অনুৰূপ ধৰণে মহিলাসকলে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। 
তদুপৰি বান্দিয়া বৰ মছজিদত সাপ্তাহিক জুম্মা (শুক্ৰবাৰ)ৰ নামাজতো মহিলা সকলে অংশগ্ৰহণ কৰি আহিছে।  স্মৰ্তব্য যে, বান্দিয়া বৰ মছজিদত ইয়াৰ বাবে দুটাকৈ মছজিদ গৃহ নিৰ্মাণ কৰা হৈছে। পশ্চিম দিশৰ গৃহত পুৰুষ আৰু পূৱ দিশে থকা গৃহত মহিলা নামাজী সকলে নামাজ আদায় কৰে। 
 
বান্দিয়া ঈদগাহ ময়দান লৈ ঈদৰ নামাজ সম্পন্ন কৰাৰ বাবে মহিলাসকলৰ আগমন
 
এইক্ষেত্ৰত স্থানীয় বৰ্ষীয়ান  মৌলানা আব্দুৰ ৰহিম দেহলৱী, ডঃ নৱাব আলী, জ্যেষ্ঠ নাগৰিক নবীৰ আলী আদিয়ে কোৰান হাদিছৰ উদ্ধৃতি দি কয় যে ইছলামত মহিলাসকলে জুম্মাৰ নামাজ কিম্বা ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি নামাজ আদায় কৰিব পাৰে। এইক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাই।