কাজিৰঙাৰ প্ৰথমগৰাকী মহিলা মুৰব্বী হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিব সোণালী ঘোষে

Story by  atv | Posted by  Munni Begum • 1 Years ago
ভাৰতীয় বন সেৱা বিষয়া সোণালী ঘোষ
ভাৰতীয় বন সেৱা বিষয়া সোণালী ঘোষ
 
আৱাজ-দ্য ভইচ' অসম ব্যুৰো
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ জন্মত প্ৰথম এগৰাকী মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ প্ৰায় এশ বছৰতকৈও অধিক সময় ওকলি যোৱাৰ পিছত পুনৰ এগৰাকী মহিলাই উদ্যানখনৰ কাম-কাজৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে। মহিলা গৰাকী হৈছে ভাৰতীয় বন সেৱা বিষয়া সোণালী ঘোষ। 
 
চৰকাৰে ২৫ আগষ্টত ভাৰতীয় বন সেৱাৰ বিষয়া সোণালী ঘোষক পৃথিৱীৰ ভিতৰত সৰ্বাধিক এশিঙীয়া গঁড়ৰ বাসস্থান হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰৱৰ্তী ক্ষেত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে।
 
বৰ্তমান মুখ্য বন সংৰক্ষক (গৱেষণা, শিক্ষা আৰু কৰ্ম পৰিকল্পনা) হিচাপে কাৰ্যনিৰ্বাহ কৰা ঘোষে বৰ্তমানৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ পৰা ১ ছেপ্টেম্বৰত দায়িত্ব গ্ৰহণ কৰিব। ৰাজ্যখনৰ পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত তথা সচিব এম ডি ফাৰুক আলমে স্বাক্ষৰিত এক অধিসূচনাত কোৱা হৈছে যে ৩১ আগষ্টত যতীন্দ্ৰ  শৰ্মাই তেওঁৰ দ্বায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিব।  
 
বনকৰ্মী সকলৰ সৈতে সোণালী ঘোষ
 
বন বিষয়াসকলে কয় যে ১৯৮৫ চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা ১১৮ বছৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা প্ৰথমগৰাকী মহিলা হ’ব ঘোষ।
 
উত্তৰাখণ্ডৰ ৰাজধানী চহৰ ডেৰাডুনৰ কন্যা ঘোষ হৈছে ২০০০ চনৰ ভাৰতীয় বন সেৱাৰ বেছৰ অসম-মেঘালয় কেডাৰৰ বিষয়া। ৱাইল্ডলাইভ ইনষ্টিটিউট অব ইণ্ডিয়াৰ পৰা বন্যপ্রাণী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঘোষে প্রশিক্ষণ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিষয়াগৰাকীয়ে উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল। 
 
বিশ্বৰ অন্যতম সংৰক্ষণ সফলতাৰ কাহিনী হিচাপে গণ্য কৰা ১,৩৫৫ বৰ্গ কিলোমিটাৰ বাঘ সংৰক্ষিত বনাঞ্চলত ২০২২ চনৰ  মাৰ্চ মাহৰ লোকপিয়ল অনুসৰি ২,৬১৩ টা ডাঙৰ এশিঙীয়া গঁড় থকাৰ অনুমান কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত বাঘৰ সংখ্যাও অধিক। কাজিৰঙাক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ১৯০৫ চনৰ ১ জুনত প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট টেগৰ সৈতে ঘোষণা কৰা হৈছিল। 
 
বনাঞ্চলত বনকৰ্মীৰ সৈতে সোণালী ঘোষ
 
তদানীন্তন ভাইচৰয় লৰ্ড জৰ্জ নাথানিয়েল কাৰ্জনৰ পত্নী বেৰনেছ মেৰী ভিক্টোৰিয়া লেইটাৰ কাৰ্জনে ১৯০৪ চনত কাজিৰঙা বনাঞ্চল ভ্ৰমণ কৰিছিল আৰু কাজিৰঙাৰ জন্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি কোৱা হয়।
 
মেৰী ভিক্টোৰিয়াই তেওঁৰ স্বামীক বালাৰাম হাজৰিকা ওৰফে নিগোনা চিকাৰী নামৰ এগৰাকী পশু অনুসৰণকাৰীৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ কৈছিল। যিয়ে তেওঁক গঁড়বোৰক চিকাৰী আৰু চোৰাংচিকাৰীয়ে হত্যা কৰাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছিল।