পশ্চিম বংগৰ গাঁওৰ পৰা দিল্লীলৈ প্ৰব্ৰজিত শ্ৰমিক ছামা হুছেইনৰ প্ৰেৰণাদায়ী যাত্ৰা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
পাকঘৰত শ্বামা হুছেইন
পাকঘৰত শ্বামা হুছেইন
তৃপ্তি নাথ / নতুন দিল্লী

আনৰ ঘৰত ৰান্ধনীৰ কাম কৰা দক্ষিণ দিল্লীৰ পঞ্চাশ বছৰীয়া ছামা হুছেইন এতিয়া বহু দূৰ আগবাঢ়ি গৈছে। এগৰাকী ধাৰ্মিক মুছলমান মহিলা হিচাপে তেওঁ দিনটোত পাঁচবাৰ নামাজ পঢ়ে। মুছলমান হ'লেও কোনো হিন্দু পৰিয়ালে ধৰ্মৰ ভিত্তিত তেওঁক কেতিয়াও বৈষম্য কৰা নাই। 

পৰিপাটি চেহেৰাৰ ছামাই চশমা পিন্ধে আৰু তেওঁৰ দীঘল চুলি আছে। নিজৰ জীৱনৰ আৰম্ভণি পৰ্যায়ৰ কথা বৰ্ণনা কৰি শ্বামাই কয় যে ১৪ বছৰ বয়সতে তেওঁ বিবাহপাঁশত আৱদ্ধ হৈছিল। পশ্চিম বংগৰ আছানছলৰ পিছপৰা ৰাণী তালাব গাঁৱত বাস কৰা যুৱতীগৰাকীয়ে তেতিয়াৰে পৰা নেদেখাজনক প্ৰাৰ্থনা কৰিছিল যাতে তেওঁ বাহিৰত কাম কৰাৰ সুযোগ পায়।

পৰিয়ালৰ অৱস্থা ভাল নাছিল যদিও তেওঁ সন্তানক উন্নত জীৱন দিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। অৱশেষত নেদেখাজনে তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু ২০০৩ চনত ছামাই দিল্লীলৈ স্থানান্তৰিত হোৱাৰ সুযোগ পালে। এই প্ৰব্ৰজনে তেওঁৰ জীৱন সলনি কৰি দিলে। প্ৰথমতে, তেওঁৰ ল’ৰা আৰু স্বামীয়ে কামৰ বাবে দিল্লীলৈ আহিছিল। 

সেই সময়ৰ কথা স্মৰণ কৰি পাঁচটা সন্তানৰ মাতৃ ছামাই কয় যে দিল্লীত জীৱন আৰম্ভ কৰাটো তেওঁলোকৰ বাবে আছিল এক নতুন সংগ্ৰাম। “মই মোৰ মুখখন শাৰীৰ ‘পল্লু’ৰে সম্পূৰ্ণ ঢাকি ৰাখিছিলো। মোক মূৰ নুঠাকৈ খোজ কাঢ়িবলৈ শিকোৱা হৈছিল। পষেক ধৰি কাম বিচাৰি আছিলো, যদিও মানুহে মোক নিৰক্ষৰ বুলি কামত ৰাখিব বিচৰা নাছিল। তেওঁলোকে কৈছিল যে মই কথা ক’বও নাজানো গতিকে মই তেওঁলোকৰ বাবে কেনেকৈ কাম কৰিব পাৰিম।”

২০০৩ চনত দক্ষিণ দিল্লীৰ এটা পৰিয়ালে অলকনন্দাত থকা তেওঁলোকৰ ফ্লেটত ঘৰুৱা কাম কৰিবলৈ কোৱাত তেওঁৰ ভাগ্য সলনি হৈছিল। তেতিয়ালৈকে ছামা প্ৰায় হতাশ হৈ পৰিছিল। কিন্তু কামটো পোৱাৰ পিছত আৰু পিছলৈ ঘূৰি চোৱা নাছিল। বছৰ বছৰ ধৰি ছামাই দক্ষিণ দিল্লী অঞ্চলৰ বহু ঘৰত কাম কৰি আহিছে। ইয়াৰে গৰিষ্ঠসংখ্যক হিন্দু পৰিয়াল আছিল।
 

শ্বামা হুছেইনে দক্ষিণ দিল্লীত এটা পৰিয়ালৰ বাবে ৰান্ধি আছে
 
উল্লেখ্য যে, ছামাই আছানছলত দশম শ্ৰেণীলৈকে উৰ্দু মাধ্যমত অধ্যয়ন কৰিছিল। “স্কুলৰ পিছত মই মাদ্ৰাছাতো পঢ়িছিলো। মোৰ দেউতাই তীখাৰ কাৰখানাত কাম কৰিছিল আৰু মোৰ দাদা আছিল ফৰমেন আৰু মেনেজাৰ,’’ তেওঁ কয়।
সন্তান জন্ম দিয়া, সন্তানক ডাঙৰ-দীঘল কৰা, স্বামীৰ আলপৈচান ধৰা আৰু হাঁহ-কুকুৰা তথা ছাগলীৰ চোৱা-চিতা কৰাৰ মাজতে গাঁৱত তেওঁৰ জীৱনটো সীমাৱদ্ধ আছিল। নিৰক্ষৰ স্বামীয়ে মাছ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁৰ উপাৰ্জন পৰিয়ালটোৰ পোহপালৰ বাবে পৰ্যাপ্ত নাছিল। তাৰ পিছত তেওঁ জীৱন ধাৰণৰ উন্নত কৰাৰ লক্ষ্যৰে দিল্লী চহৰলৈ আহে।

ইয়াত তেওঁ ঘৰুৱা সহায়িকা হিচাপে মানুহৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ শিকে। ছামাই সময় অপচয় কৰাত বিশ্বাস নকৰে, আনৰ ঘৰত কাম শেষ হোৱাৰ পিছ মুহূৰ্ততে তেওঁ ৰন্ধন প্ৰকৰণৰ কামত লাগি যায়।  লাহে লাহে তেওঁ বিভিন্ন স্বোৱাদৰ খাদ্য ৰান্ধিব পৰা হ'ল। “মই পাঞ্জাবী, কাশ্মীৰী, দক্ষিণ ভাৰতীয়, চীনা, আৰু ইটালীয় খাদ্য ৰান্ধিব পাৰো। মই আন বহুতো খাদ্যৰ লগতে সকলো ধৰণৰ পৰঠা, পাস্তা, পিজ্জা, ইডলি, ডোছা, সম্বৰ, নুডলছ, মানচুৰিয়ান, আৰু ডম আলু বনাব জানো।’- ছামাই কয়।

পাৰ্টিৰ বাবে তেওঁ বিৰিয়ানীৰো অৰ্ডাৰো লয়। ছামাৰ ৰেচিপিবোৰ যাতে নিখুঁত হয়, তাৰ বাবে তেওঁ প্ৰায়ে ইউটিউবৰ আশ্ৰয় লয়। লকডাউনৰ সময়ত তেওঁ কিছুমান মানুহৰ ঘৰত খাদ্যৰ টিফিন দিয়াৰো দায়িত্ব লৈছিল।
মনকৰিবলগীয়া যে, পাও ভাজীৰ পৰা পাস্তালৈকে সকলো খাদ্য তেওঁ ঘড়ীৰ কাঁটাৰ দৰে নিখুঁতভাৱে প্ৰস্তুত কৰিব পাৰে। পাস্তা-বেল পেপাৰ, ব্ৰকলি, জুচিনি, আৰু জলপানৰ সৈতে খোৱা সকলো শাক-পাচলি বনোৱাতো ছামা পাকৈত। 

কাৰ্তিক নামৰ এজন মেনেজমেণ্টৰ ছাত্ৰ আৰু তেওঁৰ ভাতৃ কবীৰ ছামাৰ ৰন্ধা-বঢ়াক লৈ অত্যন্ত সুখী। কাৰ্তিকে কয়, “২০১৯ চনত আমি আমাৰ মাক হেৰুওৱাৰ পিছত উপযুক্ত ঘৰুৱা খাদ্য লাভ কৰা নাই। এতিয়া আমি ছামা ডিডিৰ ৰন্ধা-বঢ়াত অত্যন্ত সুখী। আমি তেওঁক পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিছো।"

নিজৰ দক্ষতা আৰু কাৰ্তিক-কবীৰৰ দৰে লোকৰ সমৰ্থনৰ বলত ছামাই এতিয়া সতি-সন্তানকো সহায় কৰিব পাৰিছে। তেওঁৰ নাতি-নাতিনীও আছে। প্ৰথম সন্তান ছাদিকৰ এটা কাৰখানা থকাৰ বিপৰীতে ছোৱালীকেইজনীয়ে ব্যক্তিগত খণ্ডত কাম কৰি আছে। কনিষ্ঠ কন্যা ৰেহানাই টেলিভিছন চেনেল এটাত কাম কৰে আৰু সাৱলীলভাৱে ইংৰাজী ক'ব পাৰে।

এটা সময়ত বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা ছামাই আজি সমাজত মূৰ দাঙি মৰ্যাদাৰে জীৱন যাপন কৰিব পাৰিছে। পুত্ৰ ছাদিকে পঞ্চম শ্ৰেণীলৈকেহে পঢ়াৰ বিপৰীতে কন্যা শ্ববনমে অষ্টম শ্ৰেণীলৈকে পঢ়িছিল। তেওঁৰ আনগৰাকী কন্যা চুলতানাই দশম শ্ৰেণীলৈকে পঢ়িছিল আৰু পিছলৈ নাৰ্চিং পাঠ্যক্ৰম কৰিছিল। তেওঁৰ আটাইকেইটা শিশুৰ ভিতৰত ৰেহানাই একমাত্ৰ উচ্চ শিক্ষিত, যিয়ে স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰি এটা টেলিভিচন চেনেলত কাম কৰি আছে।

ছামাই এতিয়া স্বামী আৰু ৰেহানাৰ সৈতে টুঘলাকাবাদৰ ভাড়াঘৰত থাকে। পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৬.৩০ বজালৈ তেওঁ আলাকনন্দৰ চাৰিটা এপাৰ্টমেণ্টত ভাত ৰন্ধাৰ কাম কৰি আছে। এইদৰে তেওঁ মাহে অতি কমেও ২০ হাজাৰ টকা উপাৰ্জন কৰে আৰু ইয়াক লৈ তেওঁ সন্তুষ্ট।

কবীৰ আৰু কাৰ্তিকৰ দৰে হিন্দু সম্প্ৰদায়ৰ লোকে ছামাৰ দৰে এগৰাকী মুছলমান মহিলাক ঘৰুৱা সহায়ক হিচাপে নিয়োগ কৰিছে আৰু মহিলাগৰাকীৰ কঠোৰ পৰিশ্ৰমৰ উচিত মৰ্যাদা আগবঢ়াইছে। এইদৰে হিন্দু ভাতৃদ্বয়ে দিল্লীৰ নগৰীয়া জীৱনত এক নতুন আন্তঃধৰ্মীয় সমীকৰণো স্থাপন কৰিছে।