গুৱাহাটীৰ ব্যস্ত ৰাজপথত পুৰুষৰ সমানে মহিলাই চলাইছে ই-ৰিক্সা

Story by  atv | Posted by  [email protected] • 1 Years ago
ই-ৰিক্সা চালক পশ্মিনা বেগম আৰু পিংকি ৰায়
ই-ৰিক্সা চালক পশ্মিনা বেগম আৰু পিংকি ৰায়
আৰিফুল ইছলাম / গুৱাহাটী
 
গুৱাহাটীৰ ব্যস্ত ৰাজপথত ই-ৰিক্সা চলোৱাটো মুঠেও সহজ কাম নহয়। সেয়ে, ৰিক্সাচালকৰ বৃত্তিৰ সৈতে সাধাৰণতে পুৰুষসকলহে জড়িত হোৱা দেখা যায়। কিন্তু যোৱা কিছু বছৰৰ পৰা দুই-এগৰাকী মহিলাই সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি এই পুৰুষ প্ৰধান বৃত্তিত প্ৰৱেশ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে পৰিয়ালৰ বোজা হৈ নাথাকি স্বাৱলম্বিতাৰ পথ বাচি ল’বলৈ সক্ষম হৈছে। 
 
গুৱাহাটীৰ লালমাটিৰ পৰা ভেটাপাৰা-হাতীগাওঁ হৈ ৰাজধানী মছজিদলৈ ই-ৰিক্সা চলাই আত্মনিৰ্ভৰশীল হৈ উঠা এনে দুগৰাকী মহিলা হ’ল নাম পশ্মিনা বেগম আৰু পিংকী ৰায়। ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিভিন্ন বাধা-বিধিনি নেওচি তেওঁলোকে জীৱিকাৰ বাবে দৈনিক ওলাই আহে মহানগৰীৰ ব্যস্ত ৰাজপথলৈ।
 

চাকৰি বিচাৰি হাবাথুৰি খোৱা অজস্ৰজনৰ অনুপ্ৰেৰণাৰ উৎস মহিলা ৰিক্সাচালক দুগৰাকীয়ে গুৱাহাটীত ভাড়াঘৰত থাকি কৰ্মক ধৰ্ম হিচাপে গণ্য কৰি জীৱন আগুৱাই নিছে। উল্লেখ্য যে, পশ্মিনা বেগম আৰু পিংকী ৰায়ৰ স্থায়ী ঘৰ হ’ল ক্ৰমে মৰিগাঁও আৰু গোলাকগঞ্জত। এই দুয়োগৰাকী সাহসী মহিলাই ব্যক্তিগত খণ্ডৰ চাকৰিতকৈ আত্মনির্ভৰশীল হৈ উঠাটোহে শ্ৰেষ্ঠ বুলি অনুভৱ কৰে। ৰ’দ-বৰষুণ, ধুমুহা-বানপানী নেওচি তেওঁলোকে প্ৰায় প্ৰতিদিনে বেটেৰী ৰিক্সা চলাই মাহিলী প্ৰায় ২৫-৩০ হাজাৰ টকা উপাৰ্জন কৰি আছে। 
 
‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পশ্মিনা বেগমে কয়; "বেটেৰী ৰিক্সা চলোৱাৰ কথা মই এইকাৰণেই ভাবিলোঁ যে মই যদি ব্যক্তিগত খণ্ডৰ চাকৰি এটা কৰোঁ, তেন্তে মই মাহৰ শেষত পইচা পাম আৰু বেটেৰী ৰিক্সা চলালে মই সদায় পইচা পাও। গতিকে সদায় পইচা পালে মোৰ ঘৰখন চলোৱাত সুবিধা হয়। মোৰ ল’ৰা কলেজত পঢ়ি আছে আৰু এজনী সৰু ছোৱালী আছে। বেটেৰী ৰিক্সা চলাই মই মোৰ ল’ৰা ছোৱালীক যেতিয়াই তেতিয়াই সময় দিব পাৰো। সিহঁতৰ পঢ়া-শুনা আৰু সকলো খৰছ বহন কৰিবলৈ ব্যক্তিগত খণ্ডৰ চাকৰি এটা যথেষ্ট নহয়। এইবোৰ কথা ভাবিয়েই মই চাৰি বছৰ পূৰ্বে বেটেৰী ৰিক্সা চলোৱাৰ কথা ভাবিলোঁ”।
 
ই-ৰিক্সা চলাই থকা মুহূৰ্তত পশ্মিনা বেগম
 
এগৰাকী ই-ৰিক্সাচালক হিচাপে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি পশ্মিনা বেগমে কয়; "আমি ৰাজধানী মছজিদৰ পৰা লালমাটিলৈ ভাড়া মাৰো। যেতিয়া বেছিকৈ বৰষুণ দিয়ে, তেতিয়া আমাৰ যথেষ্ট সমস্যা হয়। হাতীগাঁও হাইস্কুলৰ সমীপৰ ৰাস্তাটো বহুত বেছি বেয়া হৈ যায়। কৃত্ৰিম বানপানীয়ে সমগ্ৰ পথছোৱা ডুবাই পেলাই। এবাৰ পানী হওঁতে মই এটা পথ দুৰ্ঘটনাৰো সন্মুখীন হৈছিলো। তথাপি, ৰ’দ, বৰষুণ নেওচি আমি আমাৰ কাম কৰি আছোঁ। ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমি থকাৰ বাবে ৰাইজৰো সহায় হৈছে। যাত্ৰীৰ পৰাও আমি ইতিবাচক সঁহাৰি পাওঁ। আৰক্ষীৰ ফালৰ পৰাও আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। ট্ৰেফিক নিয়ম কেতিয়াবা ভংগ হ’লেও আৰক্ষীয়ে আমাক ধুনীয়াকৈ বুজাই দিয়ে। ৰাইজৰ পৰা ইমান ধুনীয়া সঁহাৰি পাম বুলি আমি ভবা নাছিলো। এতিয়া আমাৰ কাম কৰি যথেষ্ট ভাল লাগে আৰু আমাৰ যাত্ৰাত সহায় কৰা সকলোকে ধন্যবাদো জ্ঞাপন কৰিছো”।
 
গুৱাহাটীৰ ব্যস্ত ৰাজপথত ই-ৰিক্সা আস্থান
 
আনহাতে, ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত আন এগৰাকী মহিলা ই-ৰিক্সা চালক পিংকী ৰায়ে কয়; "অন্য কাম কৰাতকৈ মই বেটেৰী ৰিক্সা চলোৱাটো বেছি পছন্দ কৰোঁ। কাৰণ নিজেই গাড়ী চলাব জানো। ব্যক্তিগত খণ্ডৰ কামতকৈ আমাৰ কামটোত আমি স্বাধীনতা অনুভৱ কৰো। যিকোনো অসুবিধাৰ সময়ত আমি গাড়ী থৈ যাব পাৰো। কিন্তু ব্যক্তিগত খণ্ডৰ চাকৰিত আমি তেনেকুৱা কৰিব নোৱাৰিম। গতিকে, মোৰ বাবে এইটোৱে ভাল কাম বুলি ভাবো। এইটো কামত মোৰ পৰিয়ালেও মোক সম্পূৰ্ণ সমৰ্থন কৰে।"
মহিলাসকল আত্মনির্ভৰশীল হোৱা উচিত বুলি উল্লেখ কৰি পশ্মিতা বেগম আৰু পিংকী ৰায়ে কয় ; "মহিলাসকল আত্মনিৰ্ভৰশীল হ'ব লাগে। নিজৰ আৰু পৰিয়ালৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা ল'ব পাৰে। ইচ্ছা কৰিলে মহিলাই সকলো কামেই কৰিব পাৰে। স্বনির্ভৰশীল হৈ সৎ কাম কৰক মহিলাসকলে। আমি গাড়ীখন চলাই আমাৰ ঘৰখন সুন্দৰভাৱে চলাই আছোঁ। যেতিয়া মহিলাসকল স্বাৱলম্বী হ'ব তেতিয়া সকলো কামতে আগভাগ ল'ব পাৰিব। কোনো মহিলাই যদি আত্মনির্ভৰশীল হ'ব বিচাৰে আমি নিশ্চয় তেওঁলোকক সহায় কৰিবলৈ সাজু আছোঁ।"
উল্লেখ্য যে, দুয়োগৰাকী মহিলাই বেটেৰী ৰিক্সা চলাই থকা সময়ত কাৰো পৰা কোনোধৰণৰ অসুবিধা পোৱা নাই। বৰঞ্চ তেওঁলোকে মানুহৰ পৰা মৰম-চেনেহ বুটলিবলৈ সক্ষম হৈছে। নিজৰ নিজৰ ৰিক্সা দুয়োখন লৈ দুয়োগৰাকী মহিলাই ৰাতিপুৱাই ওলাই আহে আৰু সন্ধিয়ালৈকে ৰিক্সা চলোৱা কামত ব্যস্ত থাকে। তাৰ মাজতে আকৌ পৰিয়ালৰ লোককো চোৱাচিতা কৰে। নিশ্চয়কৈ এনে সাহসী আৰু কৰ্মযোগী মহিলাক অনুসৰণ কৰি আন বহুতে জীৱন যুঁজত আগবাঢ়িব পাৰিব।