অসমৰ নেমুৱে জৈৱিক বৈশিষ্টতা হেৰুৱাব নেকি ? ছফিয়া বানুৰ নেতৃত্বত চলিছে গৱেষণা

Story by  Ariful Islam | Posted by  [email protected] • 9 Months ago
অধ্যাপক ছফিয়া বানু
অধ্যাপক ছফিয়া বানু
 
আৰিফুল ইছলাম / গুৱাহাটী
 
নেমু অবিহনে অসমীয়া মানুহৰ ভাতসাজ প্ৰায় আধৰুৱা বুলিয়ে ক'ব পাৰি। বিশেষকৈ গৰমৰ দিনত নেমু টেঙা অসমীয়া পৰিয়ালৰ ডাইনিং টেবুলৰ নিয়মীয়া খাদ্য হৈ পৰে। অসমৰ নেমু এতিয়া বিশ্বৰ বহু দেশলৈ ৰপ্তানিও কৰা হয়। কিন্তু ৰাজ্যখনৰ এই নেমুৱে নিজৰ জৈৱিক বৈশিষ্ট্যতা হেৰুৱাইছে নেকি ? শেহতীয়াকৈ অধ্যাপক আৰু গৱেষক ছফিয়া বানুৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে অসমৰ নেমুৰ জৈৱিক বৈশিষ্ট্যতাৰ ওপৰত গৱেষণা আৰম্ভ কৰিছে।   
 
এইখিনিতে উল্লেখ কৰা দৰকাৰ যে ১৯৫৬ চনত অসমৰ শিৱসাগৰ জিলাত এক বিশেষ নেমু আবিষ্কাৰ হৈছিল। এই নেমুবিধ চীন-কাঘী জাতৰ পৰা আহিছিল আৰু ইয়াৰ অনন্য সুগন্ধি আৰু সোৱাদে অন্য নেমুৰ পৰা ইয়াক পৃথক কৰিছিল। 
 

'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছফিয়া বানুৱে কয়, "অসমৰ নেমুৰ এক বিশেষ জৈৱিক বৈশিষ্ট্যতা আছে। অসমৰ নেমুৰ এক বিশেষ সুগন্ধি আছে, যিটো ভাৰতৰ অন্য ৰাজ্যৰ নেমুত দেখিবলৈ পোৱা নাযায়। কিন্তু সময় বাগৰাৰ লগে লগে অসমৰ নেমুৱে ইয়াৰ বিশেষ জৈৱিক বৈশিষ্ট্যতা সলনি কৰা দেখা গৈছে। উদাহৰণ স্বৰূপে অসমৰ নেমুৰ পূৰ্বতে কেতিয়াও বীজ দেখা পোৱা নগৈছিল। কিন্তু এতিয়া অসমত উৎপাদন হোৱা নেমুৰ মাজত বীজ দেখা যায়। ইয়াৰে কাৰণ কি হ'ব পাৰে, তাকেই আমি গৱেষণা কৰি আছো।"
 
ছফিয়া বানুৰ নেতৃত্বত চলি থকা গৱেষণাটোৰ আন গৱেষক কেইগৰাকী হ'লঃ ৰাজা আহমেদ, ছুৰাইয়া আখতাৰ, খালিদা বেগম আৰু অংকুৰ দাস। ভাৰত চৰকাৰৰ Biotechnology বিভাগে এই গৱেষণাৰ বাবে পুঁজি যোগান ধৰিছে। তেওঁলোকৰ গৱেষণা পত্ৰ Nature Indiaৰ Genetic Resources and Crop Evolution ত প্ৰকাশ পাইছে। দেশৰ অন্যতম শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে চিনাক্ত হোৱাটো তেওঁলোকৰ বাবে এক বৃহৎ স্বীকৃতি। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
ইতিমধ্যে অসমৰ নেমুৱে জি আই টেগৰ বাবেই প্ৰাধান্য লাভ কৰিছে আৰু সাম্প্রতিক সময়ত অসমৰ বহু যুৱক-যুৱতী নেমুৰ খেতিৰ সৈতে জড়িত হৈ পৰিছে।
 
ছফিয়া বানুৱে কয়, "আমাৰ এই গৱেষণাটো ২০১৮ চনৰ পৰা আৰম্ভ কৰিছিলোঁ। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ নেমুৰ প্ৰকাৰ সম্পৰ্কে এক গৱেষণা আৰম্ভ কৰিছিলোঁ। কিন্ত ক'ভিড-১৯ আৰম্ভ হোৱাৰ বাবে বৰ্তমান আমাৰ এই গৱেষণা কেৱল অসমৰ পৰিধিৰ মাজতে কৰি আছোঁ। অসমৰ নেমু যদিও অসমীয়া মানুহৰ খাদ্যৰ এক অপৰিহাৰ্য অংশ, কিন্তু অসমত নেমুৰ আবিৰ্ভাৱ হোৱা মাত্ৰ ৬৭ বছৰহে হৈছে। তাৰ পিছত আমাৰ গৱেষকৰ দলটোৱে বিগত ৬৭ বছৰত অসমৰ নেমুত কি কি জিনীয়  পৰিৱৰ্তন হৈছে, তাৰ বিষয়ে সন্ধান উলিয়াব আৰম্ভ কৰিলোঁ।"
 
গৱেষক ছফিয়া বানু আৰু তেওঁৰ দলটোৱে বিচাৰি উলিয়াইছে যে তেওঁলোকে অধ্যয়ন কৰা নেমুৰ নমুনাবোৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে স্বতন্ত্ৰভাৱে উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি।
 
প্ৰতিনিধিত্বমূলক ফটো
 
ছফিয়া বানু আৰু তেওঁৰ দলটোৱে অসম নেমুৰ জিনীয় বৈশিষ্টতা সংৰক্ষণৰ গুৰুত্বৰ ওপৰত গৱেষণা কৰে আৰু তেওঁলোকৰ মতে এই নেমুৰ বৰ্তমানৰ জনসংখ্যাক ইয়াৰ অনন্য গুণসমূহ বজাই ৰাখিবলৈ এক বিস্তৃত পৰিচালনা আৰু কৌশলেৰে সংৰক্ষণ কৰিব লাগে। যিহেতু চাইট্ৰাছ প্ৰজাতিৰ সংকৰকৰণৰ স্বাভাৱিক প্ৰৱণতা থাকে, গতিকে জিনীয় বৈচিত্ৰ্যক সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ।
 
গৱেষকসকলে জানিবলৈ দিয়ে যে, অসমৰ নেমু কেৱল কৃষকৰ বাবেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও তাৎপৰ্যপূৰ্ণ, কিয়নো ইয়াৰ সুকীয়া সুগন্ধি, সোৱাদৰ আৰু ঔষধিক গুণৰ বাবে ইয়াৰ ব্যৱসায়িক সম্ভাৱনা আছে। অসমৰ নেমুক জনপ্ৰিয় আৰু প্ৰচাৰৰ প্ৰচেষ্টা আৰম্ভ হৈছে মাত্ৰ। অবিৰত মনোনিৱেশ আৰু সহযোগিতাৰে ভৱিষ্যত প্ৰজন্মই উত্তৰ-পূব ভাৰতৰ গৌৰৱ অসমৰ নেমুৰ পৰা লাভম্বিত হ'ব পাৰিব।
 
উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি অসমৰ নেমুৰ চাহিদা দেখিবলৈ পোৱা যায়। যোৱা বছৰ বাকছা জিলাৰ পৰা লণ্ডনলৈ প্ৰেৰণ কৰা কৰিছিল ৬০০ কিলোঁগ্ৰাম নেমু। বাকছাৰ শালবাৰীৰ নীলাচল এগ্ৰ’ প্ৰডাক্টছ কোম্পানী লিমিটেডে প্ৰেৰণ কৰিছিল এই বৃহৎ সংখ্যক নেমু। বাকছাৰ পৰা গুৱাহাটী হৈ নেমুবোৰ দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পৰা পুনৰ পেক কৰি লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। অসমীয়া নেমু মূলতঃ ভিটামিন চিৰ সমৃদ্ধ উৎসৰ বাবে জনাজাত আৰু ইয়াৰ সোৱাদো অতি সুন্দৰ।