জেহৰা নাকভীৰ গ্ৰন্থ 'The Reluctant Mother'-এ উন্মোচিত কৰিছে গৰ্ভধাৰণ আৰু মাতৃত্বৰ বহু অপ্ৰকাশিত কথা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
জেহৰা নাকভী
জেহৰা নাকভী
এ টি ভি অসম ব্যুৰো

সন্তান সম্ভৱা মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ছোৱাত প্ৰায়ে নিজৰ আৰু কেঁচুৱাৰ যতন সম্পৰ্কে বিভিন্ন দিহা-পৰামৰ্শ সন্নিবিষ্ট কিতাপ পঢ়ে। কিন্তু উদীয়মান লেখক আৰু সাংবাদিক জেহৰা নাকভীৰ The Reluctant Mother: A Story No One Wants To Tell নামৰ নতুন গ্ৰন্থখনে এক পৃথক দৃষ্টিভংগী উপস্থাপন কৰিছে। গ্ৰন্থখনত গৰ্ভাৱস্থা, প্ৰসৱ আৰু শিশুক ডাঙৰ-দীঘল কৰোতে এগৰাকী মহিলাই সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা হৈছে। 

লেখিকাই গ্ৰন্থখনত উল্লেখ কৰিছে যে তেওঁ এক সফল সাংবাদিকতাৰ কেৰিয়াৰ আৰু সুখময় বৈবাহিক জীৱন কটাই থকাৰ সময়তে অপ্ৰত্যাশিতভাৱে গৰ্ভধাৰণ কৰে আৰু তেতিয়া তেওঁ সমাজে আশা কৰা ধৰণে উৎসাহিত হোৱাৰ পৰিৱৰ্তে অত্যন্ত উদ্বিগ্ন আৰু অসন্তুষ্ট অনুভৱ কৰিছিল। সাধাৰণতে এগৰাকী বোৱাৰী বা মহিলাই গৰ্ভধাৰণ কৰিলে যিদৰে সুখ আৰু আনন্দত মতলীয়া হয়, সেয়া তেওঁৰ বপাবে সম্ভৱ হোৱা নাছিল আৰু তেওঁ আতংকিত হৈ কান্দি উঠিছিল।

গৰ্ভধাৰণৰ পিছত কিদৰে তেওঁৰ জীৱনটো সলনি হ'ল আৰু তেওঁ জীৱনৰ ভালপোৱা কামবোৰ কৰিবলৈ কেনেকৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল, সেই বিষয়েও নাকভীয়ে গ্ৰন্থখনত মুকলি মনেৰে স্বীকাৰ কৰিছে। কেঁচুৱাক সঠিকভাৱে লালন-পালন কৰা আৰু ভৱিষ্যত জীৱনৰ বাবে সাজু কৰাৰ সময়ত মাতৃ এগৰাকীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়েও কিতাপখনত আলোচনা কৰা হৈছে।

 
অতি সহজ ভাষা আৰু ধেমেলীয়া সুৰত লিখিলেও নাকভীয়ে গ্ৰন্থখনৰ জৰিয়তে এগৰাকী নাৰীয়ে গৰ্ভৱতী অৱস্থাত আৰু মাতৃ হোৱাৰ পিছত সন্মুখীন হোৱা দুখ, কষ্ট আৰু ত্যাগ সকলো দিশ অতি সাহসিকতাৰে প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে The Reluctant Mother হৈছে এনে এখন গ্ৰন্থ, যিয়ে মাতৃত্ব আৰু সাধাৰণ জীৱনৰ ওপৰত এক অন্য দিশ উন্মোচন কৰে।

 
উল্লেখ্য যে, বহুচৰ্চিত লেখিকা নকভিয়ে বাতৰি কাকতত কাম কৰাৰ লগতে এগৰাকী স্তম্ভ লেখিকাও। এক কথোপকথনত তেওঁ নিজৰ গ্ৰন্থ সন্দৰ্ভত কয় যে তেওঁ লিংগ, সাহিত্য, সামাজিক-ৰাজনৈতিক, অৰ্থনীতি, দৰ্শন, জলবায়ু, সংস্কৃতি আৰু  অভিভাৱকত্বকে ধৰি বিভিন্ন বিষয়ত যোৱা এটা দশকৰ পৰা বিভিন্ন লেখা লিখি আহিছে। 

ইণ্ডিয়ান এক্সপ্ৰেছ, ৰিডাৰছ ডাইজেষ্ট, আউটলুক, দ্য ৱায়াৰ, দ্য হিন্দু, দ্য কুইণ্ট, ফাইনেন্সিয়েল ক্ৰনিকল, উইমেনছ ৱেব এণ্ড চাইল্ড মেগাজিন আদি প্ৰখ্যাত মিডিয়াত জেহৰা নাকভিৰ প্ৰবন্ধ, স্তম্ভ আৰু অ’পি-এড প্ৰকাশ পাইছে।

 
তেওঁ উত্তৰ প্ৰদেশৰ ট্ৰেইল ব্লেজাৰছৰ ওপৰত ৰাজ্যসভাৰ টিভিৰ এখন তথ্যচিত্ৰত আৰু উত্তৰ প্ৰদেশৰ শীৰ্ষ ১০০ প্ৰেৰণাদায়ক মুছলমান মহিলাৰ আৰ বি টি চিৰ তালিকাত স্থান লাভ কৰিছে। লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ওপৰত ভাষণ দি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ’তো নাকভিয়ে নিজৰ কণ্ঠ দাঙি ধৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ গ্ৰন্থপ্ৰেমীৰ মাজত বিশেষকৈ মহিলাসকলৰ মাজত তেওঁৰ "দ্য ৰিলাক্টেণ্ট মাদাৰ: এ ষ্ট’ৰী ন’ ৱান ৱান্টছ টু টেল" নামৰ  গ্ৰন্থখনে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই গ্ৰন্থখনত গৰ্ভাৱস্থা, প্ৰসৱ আৰু শিশুক লালন-পালনৰ প্ৰকৃত পৰীক্ষা আৰু কষ্ট আদিৰ বিষয়ে বিস্তৃত বৰ্ণনা আগবঢ়োৱা হৈছে। গৰ্ভাৱস্থাৰ সময়ত এগৰাকী মহিলাই অন্য গ্ৰন্থবোৰৰ লগতে এই গ্ৰন্থখন নিশ্চয়কৈ অধ্যয়ন কৰা উচিত।   

গ্ৰন্থখনত সাহসী মহিলা সাংবাদিক নকভিয়ে লিখিছে কিদৰে গৰ্ভাৱস্থাই তেওঁৰ জীৱনটো হঠাতে স্তব্ধ কৰি তুলে, বমিৰ অনুভৱ হোৱাৰ ফলত বহু প্ৰত্যাশিত পেছাদাৰী ভ্ৰমণ বাতিল, পেটৰ কেচুঁৱাৰ নিৰাপত্তাৰ বাবে পথৰ ভ্ৰমণ স্থগিত ৰখা, আনকি বাহিৰত খাদ্য খোৱাৰ দৰে সাধাৰণ আনন্দবোৰো সংবেদনশীল পেটৰ বাবে বাধাগ্ৰস্ত  হয়। 

অৱশ্যে যিসকলে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰি গৰ্ভধাৰণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই অনুভৱবোৰ কিছু পৃথক হ’ব পাৰে। কিন্তু, অ-পৰিকল্পিত গৰ্ভাৱস্থাত যেতিয়া আপুনি উপভোগ কৰি থকা এটা জীৱনৰ পৰা বিৰতি ল’বলৈ বাধ্য হয়, তেতিয়া ইয়াৰ বাবে দায়ী ব্যক্তিজনক আৰু  কিছু ক্ষেত্ৰত শিশুটিকো ভাল পোৱাটো যথেষ্ট কঠিন হৈ পৰে। নকভিয়ে সাহসীকতাৰে এই সত্যটো গ্ৰন্থখনত উল্লেখ কৰিছে। 
 

 
গ্ৰন্থখনত নকভিয়ে এই কথাও উল্লেখ কৰিছে যে, গৰ্ভাৱস্থা যদি কঠিন হয়, তেন্তে  শিশুৰ পিছৰ অৱস্থা তাতকৈও কঠিন হয়। শিশুক ডাঙৰ-দীঘল কৰাৰ বাবে লোৱা দীঘলীয়া বিশ্ৰামৰ অন্ত পেলাই কিদৰে, এগৰাকী মাতৃয়ে নতুনকৈ জীৱনটো আৰম্ভ কৰিবলগীয়া হয়, সেই বিষয়েও গ্ৰন্থখনত সুন্দৰকৈ উপস্থাপন কৰা হৈছে।  

এক কথোপকথোনত জেহৰা নাকভিয়ে আঙুলিয়াই দিয়ে যে মাতৃত্বৰ বিষয়ে আমি ৰখা কু-সংস্কাৰসমূহ পুনৰ বিবেচনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ মাতৃসকলো একো একোজন মানুহ, আৰু তেওঁলোকক আন যিকোনো মানুহৰ দৰেই নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ দিয়া উচিত। শশী দেশপাণ্ডে ৰাইটিং ফ্ৰম দ্য মাৰ্জিন এণ্ড অদাৰ এছেছত লিখাৰ দৰে: "মাতৃত্ব এক অস্থিৰ অভিজ্ঞতা, অভূতপূৰ্ব উত্থান-পতনেৰে ভৰা মিশ্ৰিত আৱেগ আৰু আভ্যন্তৰীণ সংগ্ৰামেৰে ভৰপূৰ অনুভূতি।"

নাকভীয়ে কয় যে নাৰীৰ উত্থানৰ বাবে এই চিন্তাও তেওঁলোকৰ মনৰ পৰা আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় যে কোনোবাই তেওঁলোকৰ বিষয়ে চিন্তা কৰিছে, যেতিয়ালৈকে মহিলাসকলে নিজেই তেওঁলোকৰ উত্থানৰ কথা নাভাবে তেতিয়ালৈকে সমাজত তেওঁলোকৰ মৰ্যাদা উচ্চ নহ’ব। 

লেখক তথা সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ আলিগড়ত জন্ম গ্ৰহণ কৰিছিল আৰু ২০০৯ চনত দিল্লীলৈ আহিছিল। সকলো কৰ্মক্ষেত্ৰত মহিলাৰ উন্নতিৰ হকে কাম কৰি থকা নাকভীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ কয় যে চৰকাৰে মহিলাসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে তেওঁলোকে জীৱনত নিজৰ গুৰুত্ব উপলব্ধ কৰিব পাৰে আৰু নতুন চিন্তাৰে আগুৱাব পাৰে।