হিজাব পৰিধান আৰু দীঘলকৈ দাড়ি ৰখাত নিষেধাজ্ঞা আৰোপ এখন মুছলমান ৰাষ্ট্ৰৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
ইছলামিক দেশত প্ৰায়ে দেখিবলৈ পোৱা যায় দীঘল দাড়ি থকা পুৰুষ আৰু হিজাব পৰিহিত মহিলা। কিন্তু এই পৰম্পৰাগত নীতি-নিয়মৰ পৰা বিচ্ছিন্ন এনে এখন ইছলামিক দেশ আছে, য'ত মহিলাসকলে হিজাব পৰিধান কৰাত আৰু পুৰুষে দাড়ি দীঘল কৰি ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা কঠোৰ নীতি ৰূপায়ণ কৰিছে।  
 
এই দেশখন হৈছে তাজিকিস্তান, যিখন দেশ সাংবিধানিকভাৱে ধৰ্মনিৰপেক্ষ আৰু ইয়াত ৯৫ শতাংশতকৈ অধিক মুছলমান সংখ্যাগৰিষ্ঠতা আছে। তাজিকিস্তানৰ এক চহকী ইতিহাস আছে, য’ত ৰাষ্ট্ৰপতি ইমোমালি ৰহমোনে প্ৰায় তিনিটা দশক ধৰি ৰাষ্ট্ৰপতি হিচাপে কাৰ্য নিৰ্বাহ কৰি আহিছে। 
 
তাজিকিস্তানৰ যুৱতী
 
২০১৫ চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৮ বছৰৰ তলৰ যুৱতী তথা ছাত্ৰীক হিজাব পৰিধান কৰাত বাধা আৰোপ কৰা নিয়মো আছে।  ১৮ বছৰৰ তলৰ লোকক অন্ত্যেষ্টিক্ৰিয়াৰ বাহিৰে ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ অনুমতি দিয়া নহয়। অন্ত্যেষ্টিক্ৰিয়া আৰু বিয়া আদিৰ দৰে ব্যক্তিগত অনুষ্ঠানৰ ওপৰতো ৰাজ্যৰ নিয়ন্ত্ৰণ থাকে। যদিও এই অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হোৱা নাই, অনুমতি প্ৰদানৰ বাবে চৰকাৰী নিয়ন্ত্ৰণত পৰে আৰু কিমান লোক উপস্থিত থাকিব সেইটোও চৰকাৰে নিৰ্ধাৰণ কৰে। দেশখনত আজিও এই প্ৰথাৰ প্ৰচলন অব্যাহত আছে।   
 
আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা প্ৰতিবেদন (USCIRF) ২০২৪ ত উল্লেখ কৰা হৈছে যে বৰ্তমানৰ ধৰ্মীয় স্বাধীনতাৰ ক্ষেত্ৰত তাজিকিস্তান চৰকাৰৰ স্থিতি নিৰাশাজনক আছিল যদিও বৰ্তমান আৰু অধিক বেয়াৰ দিশে ধাৱমান হৈছে।  
 
তাজিকিস্তানৰ ইছলাম ধৰ্মালম্বী লোক সকলে নামজ পঢ়ি থকা এক দৃশ্য
 
ৰাষ্ট্ৰপতি ইমোমালি ৰহমমোনৰ শাসন ব্যৱস্থাই নিজৰ দমনমূলক নীতি ৰক্ষা কৰি আহিছে। ই ৰাজহুৱা ধৰ্মীয় অনুভূতিক দমন কৰে আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰে। তেওঁলোকে বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দৰে অনুষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞাৰ লগতে দাড়ি আৰু হিজাবও নিষিদ্ধ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে পুৰুষসকলে তেওঁলোকৰ মুখ পৰিষ্কাৰ-মুণ্ডিত কৰি ৰখাটো বাধ্যতামূলক।
 
তদুপৰি আমেৰিকাৰ প্ৰতিবেদন অনুসৰি ২০২২ চনত দুশানবেত ইছলামিক কিতাপৰ দোকানসমূহ বলপূৰ্বকভাৱে বন্ধ কৰি দিয়া হৈছিল। চৰকাৰে তেওঁলোকৰ অনুমোদনৰ প্ৰয়োজনীয় ধৰ্মীয় সামগ্ৰী আমদানি কৰাত বাধা আৰোপ কৰা হৈছিল। অৱশ্যে ২০২৩ চনত ইয়াক পুনৰ মুকলি কৰা হৈছিল। পুনৰ মুকলি কৰা দোকানসমূহত এতিয়া ইছলামিক কিতাপ বিক্ৰীৰ অনুমতি নাই বুলি জানিব পৰা গৈছে। তাজিকিস্তান চৰকাৰে উগ্ৰবাদ ৰোধৰ বাবে নিজৰ নীতিক প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। যিহেতু তাজিকিস্তানে আফগানিস্তানৰ সৈতে সীমান্ত ভাগ কৰি ৰাখিছে সেয়েহে ই তালিবান আৰু আইছিছৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে।