১৭ বছৰৰ দীঘলীয়া নিৰ্বাসনৰ অন্তত আজিৰে পৰা বাংলাদেশৰ সৰ্বেসৰ্বা হৈ পৰিল তাৰিক ৰহমান

Story by  atv | Posted by  Munni Begum • 1 d ago
তাৰিক ৰহমান
তাৰিক ৰহমান
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
প্ৰায় ১৭ বছৰৰ দীঘলীয়া নিৰ্বাসনৰ অন্তত বাংলাদেশৰ ৰাজনীতিত এক ঐতিহাসিক আৰু নাটকীয় অধ্যায় সূচনা কৰিলে বাংলাদেশৰ ৰাজনীতিৰ 'ডাৰ্ক প্ৰিন্স' ৰূপে অভিহিত তাৰিক ৰহমানে। ২০০৮ চনৰ পৰা বিদেশত বাস কৰি থকা এই নেতাগৰাকীয়ে সাম্প্ৰতিক ৰাষ্ট্ৰীয় নিৰ্বাচনত বৃহৎ সংখ্যাত জয়লাভ কৰি মঙলবাৰে ঢাকাত আয়োজিত এক আনুষ্ঠানিক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁৰ এই উত্থানক অনেকে 'ৰাজনৈতিক পুনৰ জন্ম' বুলি অভিহিত কৰিছে, কিয়নো দীৰ্ঘদিনীয়া অনুপস্থিতিৰ পিছতো তেওঁ দেশৰ ৰাজনীতিত নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হৈছে।
 
বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পুত্ৰ তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP)ৰ কাৰ্যকৰী সভাপতি হিচাপে তাৰিক ৰহমানে নিৰ্বাসনৰ সময়ছোৱাতো দলীয় কাৰ্যকলাপ দূৰৱৰ্তীভাৱে পৰিচালনা কৰি আহিছে। শ্বেইখ হাছিনাৰ শাসনকালত তেওঁক কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰা হৈছিল, যিবোৰ BNP-এ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছিল। ২০০৪ চনৰ ঢাকা গ্ৰেনেড আক্ৰমণৰ গোচৰত ৰহমানক তেওঁৰ অনুপস্থিতিত দোষী সাব্যস্ত কৰা হৈছিল৷ আৱামী লীগৰ এক সমাৱেশত সেই গ্ৰেনেড নিক্ষেপ কৰা হৈছিল। এই গ্ৰেনেড আক্ৰমণত ২৪ জন লোকৰ মৃত্যু হয় যদিও শ্বেইখ হাছিনা কথমপি ৰক্ষা পৰিছিল। 
 
বাংলাদেশৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত তাৰিক ৰহমান
 
২০০৭ চনত এটা দুৰ্নীতিৰ গোচৰত তাৰিক ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বন্দী অৱস্থাত তেওঁ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। পিছৰ বছৰত ৰহমানে জামিন লাভ কৰি চিকিৎসাৰ বাবে লণ্ডনলৈ বিমানেৰে যাবলৈ আদালতৰ পৰা অনুমতি লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ তাতেই পৰিয়ালসহ বসবাস কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত বাংলাদেশৰ ৰাজনীতিত গভীৰ মেৰুকৰণ আৰু উত্তেজনা চলি আছিল। তৎসত্ত্বেও দলীয়কৰ্মী আৰু সমৰ্থকসকলৰ মাজত তেওঁৰ প্ৰভাৱ অব্যাহত আছিল।  
 
২০০৮ চনত ঢাকা ট্ৰিবিউন কাকতে ২০০১-২০০৬ চনৰ ভিতৰত BNP-ৰ কাৰ্যকালত হোৱা দুৰ্নীতি আৰু বিত্তীয় অনিয়ম সন্দৰ্ভত ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত ৰহমানক "ডাৰ্ক প্ৰিন্স" বুলি অভিহিত কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ নামৰ আগত এই উপমা জড়িত হৈ পৰে৷ কিন্তু বিগত বছৰত ২০০৪ চনৰ গ্ৰেনেড আক্ৰমণকে ধৰি সকলো ডাঙৰ গোচৰৰ পৰা বাংলাদেশৰ আদালতে ৰহমানক দোষমুক্ত ঘোষণা কৰে। 
 
সাম্প্ৰতিক নিৰ্বাচন বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক চাপ আৰু সামাজিক অসন্তুষ্টিৰ মাজতে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। তাৰিক ৰহমানৰ নেতৃত্বত বিএনপিৰ জয়লাভক সমৰ্থকসকলে গণতান্ত্ৰিক ইচ্ছাশক্তিৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।  
 
বৰ্তমান বাংলাদেশ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। মূল্যবৃদ্ধি, বৈদেশিক ঋণৰ চাপ, ৰপ্তানিমুখী অৰ্থনীতিৰ অস্থিৰতা আৰু যুৱপ্ৰজন্মৰ মাজত নিবনুৱা সমস্যাৰ বৃদ্ধিয়ে চৰকাৰক কঠিন পৰিস্থিতিত পেলাইছে। তাৰ উপৰিও বিগত কেইবছৰত ৰাজপথত প্ৰতিবাদ, শিক্ষাৰ্থী আন্দোলন আৰু ৰাজনৈতিক সংঘাতে দেশৰ সামগ্ৰিক পৰিৱেশ উত্তপ্ত কৰি তুলিছিল। বহু নাগৰিকে আশা কৰিছে যে, নতুন নেতৃত্বই এই অস্থিৰতাৰ অৱসান ঘটাই দেশখনক স্থিতিশীলতাৰ পথলৈ লৈ যাব। 
 
তাৰিক ৰহমান তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে
 
বিশ্লেষকসকলৰ মতে, তাৰিক ৰহমানৰ আগত দুটা মুখ্য দায়িত্ব আছে, সেয়া হৈছে ৰাজনৈতিক সমন্বয় স্থাপন কৰা আৰু অৰ্থনৈতিক সংস্কাৰ ৰূপায়ণ কৰা। বাংলাদেশৰ অৰ্থনীতি মূলত বস্ত্ৰ উদ্যোগ আৰু প্ৰবাসী আয়ৰ ওপৰত নিৰ্ভৰশীল। এই খণ্ডসমূহক অধিক শক্তিশালী কৰাৰ লগতে নতুন বিনিয়োগ আকৰ্ষণ কৰাটো ৰহমানৰ চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। তদুপৰি, আঞ্চলিক কূটনৈতিক সমীকৰণো সূক্ষ্ম। ভাৰত, চীন আৰু দক্ষিণ এছিয়াৰ অন্যান্য দেশৰ সৈতে সমতা ৰক্ষা কৰি জাতীয় স্বাৰ্থ অটুট ৰাখিবলৈ কৌশলী পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
 
তাৰিক ৰহমানৰ শাসনকাল কেনেকুৱা হ’ব, সেই বিষয়ে বিভিন্নজনে বিভিন্ন মতামত দিছে। সমৰ্থকসকলে বিশ্বাস কৰে যে, তেওঁ নতুন প্ৰজন্মৰ ৰাজনীতিক হিচাপে আধুনিক চিন্তাধাৰা আৰু ডিজিটেল শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব। আনহাতে সমালোচকসকলে কয় যে, অতীতৰ বিতৰ্ক আৰু অভিযোগসমূহে তেওঁৰ শাসনত প্ৰভাৱ পেলাব পাৰে। সেইবাবে স্বচ্ছতা, জবাবদিহিতা আৰু ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰাটো তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।  
 
বাংলাদেশৰ জনগণে এই মুহূৰ্তত যি বেছি প্ৰয়োজনীয়তা অনুভৱ কৰিছে সেয়া হৈছে স্থিতিশীলতা আৰু আশা। দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাত আৰু বিভাজনৰ পিছত নাগৰিকে এখন সহনশীল, অন্তৰ্ভুক্তিমূলক আৰু উন্নয়নমুখী চৰকাৰ বিচাৰে। যুৱসমাজে কৰ্মসংস্থান, উন্নত শিক্ষা ব্যৱস্থা আৰু উদ্ভাৱনীমূলক সুযোগৰ আশা কৰিছে। গাঁও অঞ্চলত কৃষি আৰু ক্ষুদ্ৰ উদ্যোগক সহায়, নগৰাঞ্চলত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নাগৰিক সুবিধা উন্নত কৰাৰ আশা কৰিছে। 
 
১৭ বছৰৰ নিৰ্বাসনৰ পৰা পুনৰ ক্ষমতাৰ কেন্দ্ৰলৈ উভতি অহা তাৰিক ৰহমানৰ যাত্ৰা নিঃসন্দেহে ব্যতিক্ৰমধর্মী। এই মুহূৰ্তত সমগ্ৰ দেশৰ দৃষ্টি তেওঁৰ ওপৰত নিবদ্ধ। তেওঁৰ সিদ্ধান্ত, নীতি আৰু নেতৃত্বৰ ধৰণেই নিৰ্ধাৰণ কৰিব যে, বাংলাদেশ আগন্তুক বছৰত কিমান দূৰ আগবাঢ়িব। যদি তেওঁ প্ৰতিশ্ৰুতি অনুসৰি সুশাসন, উন্নয়ন আৰু ঐক্যৰ পথ গ্ৰহণ কৰে, তেন্তে এই অধ্যায় দেশখনৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু যদি ৰাজনৈতিক মেৰুকৰণ অব্যাহত থাকে, তেন্তে প্ৰত্যাশিত স্থিৰতা লাভ কৰাটো কঠিন হ’ব। সময়েই প্ৰমাণ কৰিব যে, ১৭ বছৰৰ অপেক্ষাৰ অন্তত আৰম্ভ হোৱা এই নতুন অধ্যায়ে বাংলাদেশক ক’লৈ লৈ যায়।