ইৰানৰ হৰমুজ প্ৰণালীৰ মূল হোতা আলিৰেজা টাংছিৰিৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
আলিৰেজা টাংছিৰি
আলিৰেজা টাংছিৰি
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দামামা। অব্যাহত আছে ইটোৰ পাছত সিটো আক্ৰমণ। এই যুদ্ধৰ কেতিয়া অৱসান ঘটিব তাক লৈ সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে।
 
বৃহস্পতিবাৰে ইজৰাইলী বাহিনীয়ে ইৰানৰ দক্ষিণৰ গুৰুত্বপূৰ্ণ বন্দৰ নগৰী বন্দৰ আব্বাছত এক নিৰ্দিষ্ট বিমান আক্ৰমণ চলাই ইৰানৰ নৌসেনা প্ৰধান আলিৰেজা টাংছিৰিক নিহত কৰা বুলি দাবী কৰে। ইপিনে হৰমুজ প্রণালী বন্ধৰ মূল হোতা আছিল তাংছিৰি।
 
উল্লেখযোগ্য যে ইজৰাইলৰ এই দাবীক লৈ ইৰান চৰকাৰ বা তেহৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইপিনে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা মতে,দক্ষিণ অঞ্চলত যুদ্ধ অব্যাহত থকাৰ সময়তে মাৰ্চ মাহৰ দ্বিতীয় তাৰিখৰ পৰা ইজৰাইলৰ আক্ৰমণত ১২০ জনতকৈ অধিক শিশুকে ধৰি কমেও ১০৯৪ জন লোক নিহত হৈছে।