নতুন দিল্লী
এক চৰকাৰী সূত্ৰই জনোৱা মতে, কাবুলৰ পৰা উৰা মৰা এখন বিমানৰ লেণ্ডিং গিয়াৰ কম্পাৰ্টমেণ্টৰ ভিতৰত কেনেবাকৈ সোমাবলৈ সক্ষম হোৱাৰ পিছত এজন ১৩ বছৰীয়া আফগান যুৱক আফগানিস্তানৰ পৰা দিল্লীলৈ আহিছে।
দেওবাৰে পুৱা প্ৰায় ১১ বজাত কে এ এম এয়াৰলাইন্সৰ বিমান নম্বৰ আৰ কিউ-৪৪০১ ২ ঘণ্টীয়া যাত্ৰাৰ অন্তত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই) বিমানবন্দৰত উপস্থিত হয়। সূত্ৰই জনোৱা মতে, কিশোৰজনক অৱশ্যে দেওবাৰে নিজেই আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হয়, একেখন বিমানতে।
তেওঁলোকে জনোৱা মতে, বিমান কৰ্তৃপক্ষই বিমানবন্দৰৰ নিৰাপত্তা নিয়ন্ত্ৰণ কক্ষত বিমানখন স্পৰ্শ কৰাৰ পিছত বিমানখনৰ ওচৰত ঘূৰি ফুৰা এজন ১৩ বছৰীয়া ল’ৰাৰ বিষয়ে খবৰ দিয়ে।
কুণ্ডুজ চহৰৰ বাসিন্দা ল’ৰাজনক বিমান সংস্থাৰ লোকে আটক কৰি কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ জোৱানক গতাই দিয়ে আৰু তেওঁক সোধা-পোছাৰ বাবে বিমানবন্দৰৰ ৩ নং টাৰ্মিনেললৈ লৈ আহে।
তেওঁ বিষয়াসকলক জনায় যে, তেওঁ কাবুল বিমানবন্দৰত লুকাই চুৰকৈ সোমাইছিল আৰু কোনোমতে উক্ত বিমানখনৰ পিছফালৰ চেণ্ট্ৰেল লেণ্ডিং গিয়াৰ কম্পাৰ্টমেণ্টৰ ভিতৰলৈ সোমাবলৈ সক্ষম হৈছিল। তেওঁ কৌতুহলৰ বাবেই এই কাম কৰা বুলিও সূত্ৰই জানিবলৈ দিয়ে।
প্ৰশ্ন কৰাৰ পিছত আফগান যুৱকজনক নিশা প্ৰায় ১২:৩০ বজাত যাত্ৰা কৰা একেখন বিমানেৰে উভতাই পঠিয়াই দিয়া হয় বুলি তেওঁলোকে জনায়।
কে এ এম বিমান সংস্থাৰ নিৰাপত্তাৰক্ষীয়ে লেণ্ডিং গিয়াৰৰ ডবাটোৰ নিৰাপত্তা পৰীক্ষা কৰি ৰঙা ৰঙৰ সৰু স্পীকাৰ এটা পাইছিল, যিটো এই যুৱকজনে কঢ়িয়াই লৈ ফুৰিছিল। বিমানখনক পুংখানুপুংখ পৰিদৰ্শন কৰি কৰা পৰীক্ষাৰ অন্তত নিৰাপদবুলি বুলি তেওঁলোকে জানিবলৈ দিয়ে।