ফিলিপাইনছত টাইফুনৰ সন্ত্ৰাস; জৰুৰীকালীন অৱস্থাৰ ঘোষণা

Story by  atv | Posted by  [email protected] • 3 h ago
ফিলিপাইনছত টাইফুনৰ সন্ত্ৰাস
ফিলিপাইনছত টাইফুনৰ সন্ত্ৰাস
 
নতুন দিল্লী
 
প্ৰাকৃতিক দুৰ্যোগে বিভীষিকাৰ সৃষ্টি কৰিছে দক্ষিণ-পূব এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ দ্বীপৰাষ্ট্ৰ ফিলিপাইনছত। কেতিয়াবা যদি ভূমিকম্প, কেতিয়াবা আকৌ ঘূৰ্ণীবতাহ। দেশখনৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়াকৈ টাইফুন কালমেইগীৰ ফলত ১১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক নিৰুদ্দেশ হৈ পৰিছে।
 
এনে পৰিস্থিতিত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে বৃহস্পতিবাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। বেছিভাগ লোকেই কৃত্ৰিম বানৰ ফলত মৃত্যুমুখত পৰিছে। এতিয়াও ১২৭ গৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ কথা জানিব পৰা গৈছে। কেন্দ্ৰীয় প্ৰদেশ চেবু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে দ্বীপপুঞ্জৰ পৰা দক্ষিণ চীন সাগৰৰ মাজেৰে পাৰ হৈ যায় গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ৷
 
অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ে জনোৱা মতে প্ৰায় ২০ লাখ লোক টাইফুনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৫ লাখ ৬০ হাজাৰতকৈ অধিক লোক গৃহহীন হৈ পৰিছে। ইয়াৰে প্ৰায় ৪ লাখ ৫০ হাজাৰ লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।
 
টাইফুনৰ পিছৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি মাৰ্কছে উল্লেখ কৰা মতে 'ৰাষ্ট্ৰীয় দুৰ্যোগ পৰিস্থিতি' ঘোষণা কৰিলে চৰকাৰক জৰুৰীকালীন পুঁজি দ্ৰুতভাৱে বিতৰণ কৰাৰ সুবিধা প্ৰদান কৰিব আৰু খাদ্য সামগ্ৰী জমা হোৱা আৰু অতিৰিক্ত মূল্য বৃদ্ধি ৰোধ কৰিব পাৰিব।
 
দেশখনৰ মধ্যম অঞ্চলটোৱে কালমেইগীৰ ভয়ংকৰ আৰু বিধ্বংসী প্ৰভাৱৰ সৈতে যুঁজি থকাৰ সময়তে দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়াসকলে সকীয়াই দিছে যে প্ৰশান্ত মহাসাগৰৰ পৰা অহা আন গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহে অহা সপ্তাহৰ আৰম্ভণিতে তীব্ৰতৰ হৈ ছুপাৰ টাইফুনলৈ পৰিণত হ'ব পাৰে আৰু উত্তৰ ফিলিপাইনছত আঘাত কৰিব পাৰে।
 
ফিলিপাইনছৰ বায়ুসেনাৰ এখন হেলিকপ্টাৰ মঙলবাৰে দক্ষিণ প্ৰদেশ আগুছান ডেল ছুৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৬ গৰাকী লোকৰ মৃত্যু হয়। সামৰিক বাহিনীয়ে জনোৱা মতে টাইফুন ক্ষতিগ্ৰস্ত প্ৰদেশসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ বাবে হেলিকপ্টাৰেৰে ক্ৰুসকল গৈ আছিল।
 
কালমেইগীৰ ফলত চেবু প্ৰদেশৰ এখন নদী আৰু অন্যান্য উপনৈ ওফন্দি উঠে । যাৰ ফলত বানৰ সৃষ্টি হয় । প্ৰদেশৰ বিষয়াসকলে কয় যে বানে আৱাসিক এলেকা প্ৰভাৱিত কৰিছে । যাৰ ফলত বাসিন্দাসকলে নিজৰ নিজৰ ঘৰৰ ছাদত উঠিবলৈ বাধ্য হয় । প্ৰভাৱিত লোকসকলে প্ৰশাসনৰ সহায়ৰ বাবে অনুৰোধ কৰিছে ।
 
অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ে জনোৱা মতে চেবুত কমেও ৭১ জন লোকৰ মৃত্যু হৈছে । আনহাতে ৬৫ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ৬৯ গৰাকী আহত হোৱাৰ খবৰ পোৱা গৈছে।
 
লগতে কোৱা হৈছে যে চেবুৰ সমীপৰ নেগ্ৰ'ছ অক্সিডেণ্টেলত আন ৬২ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । চেবুৰ গৱৰ্ণৰ পামেলা বাৰিকুয়াট্ৰ'ই টেলিফোনযোগে সংবাদ মাধ্যমক কয়, "আমি টাইফুনৰ বাবে যিমান পাৰো সকলো কৰিছো কিন্তু আপুনি জানে কৃত্ৰিম বানৰ দৰে কিছুমান অপ্ৰত্যাশিত সমস্যাই দেখা দিছে।" গৱৰ্ণৰে লগতে কয় যে বছৰ বছৰ ধৰি চলি থকা খনন কাৰ্যৰ ফলত সমীপৰ নদীবোৰ ওফন্দি উঠিছে আৰু বান নিয়ন্ত্ৰণ প্ৰকল্পৰ অৱনতি ঘটিছে।
 
ফিলিপাইনছত বান নিয়ন্ত্ৰণ প্ৰকল্পৰ সৈতে জড়িত দুৰ্নীতিৰ কেলেংকাৰীয়ে যোৱা কেইমাহমানৰ পৰা জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। ৩০ ছেপ্টেম্বৰত ৬.৯ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ পৰা কোনো মতে চেবু উদ্ধাৰ হৈছিল। য'ত কমেও ৭৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল। কিন্তু তাৰ পিছত বানে পুনৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
 
গৱৰ্ণৰে কয় যে ভূমিকম্পৰ ফলত গৃহহীন উত্তৰ চেবুৰ হাজাৰ হাজাৰ বাসিন্দাক টাইফুন অহাৰ পূৰ্বে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। তেওঁ লগতে কয় যে ভূমিকম্পৰ ফলত বিধ্বস্ত উত্তৰ দিশৰ অধিকাংশ চহৰ কালমেইগীৰ প্ৰভাৱত এতিয়ালৈ অহা নাই।
 
উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে টাইফুনৰ বাবে সাগৰলৈ ফেৰী চলাচল আৰু মাছ ধৰা নাৱৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যাৰ ফলত প্ৰায় ১০০ টা সাগৰীয় বন্দৰত ৩৫০০ ৰো অধিক যাত্ৰী আৰু কাৰ্গো ট্ৰাক চালক আবদ্ধ হৈ পৰিছে। প্ৰায় ১৮৬ খন ঘৰুৱা বিমান বাতিল কৰা হৈছে।