বাংলাদেশ নিৰ্বাচন ২০২৬: নিৰ্বাচনী যুঁজত অৱতীৰ্ণ ৫১ টা দল; ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ ভোটদান আৰম্ভ

Story by  atv | Posted by  [email protected] • 16 h ago
বাংলাদেশ নিৰ্বাচন ২০২৬: নিৰ্বাচনী যুঁজত অৱতীৰ্ণ ৫১ টা দল; ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ ভোটদান আৰম্ভ
বাংলাদেশ নিৰ্বাচন ২০২৬: নিৰ্বাচনী যুঁজত অৱতীৰ্ণ ৫১ টা দল; ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ ভোটদান আৰম্ভ
 
ঢাকা
 
বাংলাদেশত আজি ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিৰ্বাচনক দেশখনৰ ৰাজনীতিত এক নিৰ্ণায়ক মোৰ বুলি গণ্য কৰা হৈছে, কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু আৰু শ্বেখ হাছিনাৰ আৱামী লীগৰ ওপৰত লগোৱা নিষেধাজ্ঞাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণ সলনি হোৱা দেখা গৈছে।
 
ভোটদান পুৱা ৭:৩০ বজাৰ পৰা আবেলি ৪:৩০ বজালৈ (স্থানীয় সময়) চলিব। ভোট গণনা ১২ ফেব্ৰুৱাৰীৰ আবেলি ৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু নিৰ্বাচন আয়োগে ১৩ ফেব্ৰুৱাৰীৰ পুৱা আনুষ্ঠানিক ফলাফল ঘোষণা কৰিব। ভোটদানৰ এদিন পূৰ্বে কটকটীয়া নিৰাপত্তাৰ মাজত বেলট পেপাৰ আৰু নিৰ্বাচনী সামগ্ৰীসমূহ সমগ্ৰ দেশৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হৈছে।
 
প্ৰায় ১২.৭ কোটি পঞ্জীয়নভুক্ত ভোটাৰৈ এই নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াৰ ভিতৰত প্ৰায় আধা ভোটাৰ ১৮ৰ পৰা ৩৭ বছৰ বয়সৰ, আনহাতে ৪৫.৭ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে।
 
বাংলাদেশত মুঠ ৫৯ টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল আছে, কিন্তু আৱামী লীগৰ সদস্যপদ স্থগিত থকাৰ বাবে তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই। এইবাৰ ৫১ টা ৰাজনৈতিক দল নিৰ্বাচনী মজিয়াত আছে আৰু মুঠ ১,৯৮১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, যাৰ ভিতৰত ২৪৯ জন নিৰ্দলীয় প্ৰাৰ্থীও আছে।
 
মুখ্য প্ৰতিদ্বন্দ্বী দলসমূহৰ ভিতৰত আছে বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP), জামায়াত-ই-ইছলামী, নেচনেল চিটিজেন পাৰ্টি (NCP), জাতীয় পাৰ্টি (জেপি-কোৱাডৰ), লেফ্ট ডেম’ক্ৰেটিক এলায়েন্স আৰু এ বি পাৰ্টি।
 
প্ৰমুখ ইছ্যু আৰু জনমতঃ এই নিৰ্বাচনত দুৰ্নীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক বিকাশ প্ৰধান ইছ্যু হৈ পৰিছে। বিশ্লেষকসকলৰ মতে, বৃহৎ সংখ্যক যুৱ ভোটাৰে এইবাৰ ফলাফলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বাংলাদেশ এখন সংসদীয় গণৰাজ্য, য’ত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাই কাৰ্যপালিকা পৰিচালনা কৰে আৰু ৰাষ্ট্ৰপতি আনুষ্ঠানিক ৰাষ্ট্ৰপ্ৰধান হয়।
 
নেচনেল চাৰ্টাৰ ২০২৫-ৰ ওপৰত গণভোটঃ সংসদীয় নিৰ্বাচনৰ লগতে দেশত "নেচনেল চাৰ্টাৰ ২০২৫"-ৰ ওপৰত এক গণভোটো অনুষ্ঠিত হৈছে। অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ নেতৃত্বত এই দস্তাবেজখন প্ৰস্তুত কৰা হৈছে, যিয়ে ভৱিষ্যতৰ শাসন ব্যৱস্থাৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিব।
 
কটকটীয়া নিৰাপত্তা, অনিয়মৰ বিৰুদ্ধে সকীয়নিঃ বাংলাদেশৰ গৃহ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে সকীয়াই দিছে যে যদিহে বেলট বক্স কাঢ়ি নিয়া, ভুৱা ভোটদান বা আন কোনো অনিয়মৰ ঘটনা সংঘটিত হয়, তেন্তে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব— তেওঁলোক নিৰাপত্তা বাহিনীৰ সদস্যই হওক বা নিৰ্বাচনী বিষয়াই হওক।
 
সামগ্ৰিকভাৱে, বাংলাদেশৰ এই নিৰ্বাচন কেৱল ক্ষমতা পৰিৱৰ্তনেই নহয়, বৰঞ্চ দেশৰ নতুন ৰাজনৈতিক দিশ আৰু স্থিৰতাৰ পৰীক্ষা বুলিও গণ্য কৰা হৈছে।