ভাৰতক ইউৰেনিয়াম যোগান ধৰিব কানাডাই

Story by  atv | Posted by  [email protected] • 1 Months ago
প্রধানমন্ত্রী মার্ক কাৰ্নিৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী মোদী
প্রধানমন্ত্রী মার্ক কাৰ্নিৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী মোদী
 
নতুন দিল্লী
 
দীর্ঘ কূটনৈতিক সংঘাতৰ পাচত আজিৰে পৰা আৰম্ভ হ'ল ভাৰত-কানাডাৰ মাজৰ সম্পৰ্কত নতুন অধ্যায়। দুয়ো দেশে আজি এক ঐতিহাসিক পাৰমাণৱিক চুক্তি স্বাক্ষৰৰ বাবে ঐকমত্য প্রকাশ কৰে।
 
এই চুক্তি মতে অহা ১০ বছৰৰ বাবে কানাডাই ভাৰতক ইউৰেনিয়াম যোগান ধৰিব, লগতে ক্ষুদ্ৰ পাৰমাণৱিক ৰিয়েক্টৰ স্থাপন কৰিব দুয়ো দেশে। এই পাৰমাণৱিক চুক্তি হ'ব ২.৬ বিলিয়ন কানাডিয়ান ডলাৰৰ।
 
ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ প্রধানমন্ত্রী মার্ক কাৰ্নিৰ সৈতে আলোচনাৰ পাচত প্রধানমন্ত্রী মোদীয়ে এই ঘোষণা কৰি কয়- 'দুয়ো দেশে বিস্তৃত অর্থনৈতিক অংশীদাৰিত্বৰ বাবে চুক্তি স্বাক্ষৰ কৰিব, যাতে ২০২৪-২৫ বর্ষত প্রায় ৯ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত ৫০ বিলিয়নলৈ বৃদ্ধি পায়। দুয়ো দেশে অহা বছৰৰ ভিতৰত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰৰ বাবে সম্মত হ'ল।'