নতুন দিল্লী
অহা মাহৰ আৰম্ভণিৰে পৰা ভাৰত আৰু চীনে প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। নাম প্ৰকাশ নকৰা এক সূত্ৰৰ উদ্ধৃতি দি ব্লুমবাৰ্গে প্ৰকাশ কৰা এক খবৰ অনুসৰি দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ লক্ষণ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ৰ দৰে বিমানসেৱা প্ৰতিষ্ঠানক কম সময়ৰ ভিতৰতে চীনলৈ বিমান চলাচল কৰিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সংযোগ বন্ধ হৈ আছে। ২০২০ চনৰ জুন মাহত পূব লাডাখৰ গালৱান উপত্যকাত সৈন্যৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিছতে ভাৰত–চীনৰ সম্পৰ্ক উত্তেজিত হৈ পৰিছিল। এই ঘটনাৰ ফলত দুয়োখন দেশৰ মাজত সম্পৰ্কৰ তীব্ৰ অৱনতি ঘটিছিল। এই সংঘৰ্ষৰ পিছত দুয়োখন ৰাষ্ট্ৰই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) সৈন্য নিয়োগ বৃদ্ধি কৰে আৰু কেইবাটাও পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক আলোচনাত মিলিত হয়।
দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিৰ ফলত অৰ্থনৈতিক দিশতো প্ৰভাৱ পৰিছিল। ভাৰতত চীনৰ বিনিয়োগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, আমদানিৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হৈছিল, আৰু মহামাৰীৰ সময়ত প্ৰত্যক্ষ বিমান সেৱা বন্ধ কৰা হৈছিল। যোৱা কেইমাহমানত অৱশ্যে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ সৰু সৰু লক্ষণ দেখা গৈছে আৰু উত্তেজনা লাঘৱ কৰিবলৈ দুয়োপক্ষই আলোচনা অব্যাহত ৰাখিছে।
চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিয়ানজিন ভ্ৰমণ কৰিব, যিটো ২০১৯ চনৰ পিছত তেওঁৰ প্ৰথমটো চীন ভ্ৰমণ। চীনে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক আদৰণি জনাই কয় যে শীৰ্ষ সন্মিলনখন সংহতি, বন্ধুত্ব আৰু ফলপ্ৰসূ ফলাফলৰ সমাৱেশ হ'ব বুলি তেওঁলোকে বিশ্বাস কৰে।
মন কৰিবলগীয়া যে, বিগত কেইমাহমানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনত এছচিঅ’ সম্পৰ্কীয় বৈঠকত ধাৰাবাহিকভাৱে অংশ লোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক টিয়ানজিন ভ্ৰমণ দুয়োখন দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ'ব।