বেইজিং
আমেৰিকা যুক্তৰাষ্ট্ৰই দ্য ৰেজিছটেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ পিছত, চীনে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগাম আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে, য'ত ২৬ জন সাধাৰণ নাগৰিক নিহত হৈছিল। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্থিৰতা নিশ্চিত কৰিবলৈ আঞ্চলিক সহযোগিতাৰ বাবে আহ্বান জনায়। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই যি প্ৰচেষ্টা গ্ৰহণ কৰিছে তাৰো শলাগ লয় তেওঁ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে টিআৰএফক বিদেশী সন্ত্ৰাসবাদী সংগঠন আৰু বিশেষভাৱে মনোনীত বিশ্ব সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিছে কিয়নো এই গোটটোৱে পহালগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছছিল। টি আৰ এফে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ বাবে দায়ী পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তাইবাৰ সহযোগী বুলি বিশ্বাস কৰা হয়।
লিন জিয়ানে জোৰ দি কয় যে চীনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে আৰু পেহেলগাম আক্ৰমণৰ তীব্ৰ নিন্দা কৰে। সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা আৰু আঞ্চলিক সুৰক্ষা আৰু স্থিৰতা বজাই ৰখাৰ বাবে চীনে আঞ্চলিক দেশসমূহক আহ্বান জনায়।
উল্লেখযোগ্য যে, আমেৰিকাৰ বিবৃতিত ট্ৰাম্প প্ৰশাসনে ৰাষ্ট্ৰীয় সুৰক্ষা স্বাৰ্থ সুৰক্ষিত কৰা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্ব আৰোপ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা বিভাগেও LeT ৰ FTO পদটো বাহাল ৰাখিছে আৰু TRFক সন্ত্ৰাসবাদী সংগঠনসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।