শতানন্দ ভট্টাচাৰ্য
'ডি-ভোটাৰ' (D-voter) অভিযুক্ত হৈ ডিটেইনচন কেম্পত আৱদ্ধ হৈ থকা দিপালী দাস নামৰ মহিলা এগৰাকী ১৭ মে’, ২০২১ তাৰিখে শিলচৰ ডিটেইনচন কেম্পৰ পৰা মুক্তি লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বহু আইনী প্ৰক্ৰিয়াৰ অন্তত তেওঁ চিএএ (CAA)-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে। অসমৰ ডিটেইনচন কেম্পত থকা ব্যক্তিসকলৰ জামিনত মুক্তি হোৱাৰ পিছত এইয়া প্ৰথমবাৰৰ বাবে এজনক CAA ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ল। এয়া দিপালী দাসৰ বাবে এক ঐতিহাসিক জয়।
২০১৯ চনৰ ৭ মে’ত জামিনত মুক্তি পোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ চৰ্ত অনুসৰি দিপালীয়ে প্ৰতি সপ্তাহত এবাৰকৈ কাছাৰ জিলাৰ ধলাই থানাত হাজিৰা দিবলগীয়া হৈছিল। শিলচৰ ডিটেইনচন কেম্পত থকা সময়ত মনৰ দুখত দিপালীয়ে মুখে মুখে গান ৰচনা কৰিবলৈ শিকিছিল। তেওঁ যেতিয়া সেইবোৰ গাইছিল, সকলো মহিলাই আনন্দ পাইছিল আৰু মনে মনে শুনি তেওঁৰ সৈতে সুৰ মিলাইছিল। দিপালী দাসে তেওঁৰ মনৰ সকলো জ্বলা-যন্ত্ৰণা, অপমান, অভিমান আৰু অসহায়তা গীতৰ জৰিয়তে প্ৰকাশ কৰিছিল।
দিপালী দাসে এনেদৰেই গান গাই গাই মনৰ ভাব প্ৰকাশ কৰিছিল। তেওঁৰ কথা "অসমে নাগৰিকত্ব হৰণৰ দহনলিপি" কিতাপখনৰ ২৫ নম্বৰ 'কেছ ষ্টাডী'ত উল্লেখ আছে। ইয়াৰ উপৰিও ইয়াৰ ইংৰাজী সংস্কৰণ "FROM CITIZEN TO DOUBTFUL CITIZEN: The Unending Saga of Deprivation and Dispossession in Assam"-তো ইয়াৰ উল্লেখ আছে।
নাগৰিকত্ব আইনৰ নীতিসমূহ কাৰ্যকৰী হোৱাৰ পিছত দিপালী দাসে ইয়াৰ সুবিধা ল’বলৈ চেষ্টা কৰিলে। শিলচৰৰ ৬ নম্বৰ ফৰেনাৰ্ছ ট্ৰাইবিউনেলৰ পৰা দিপালী দাসৰ কেছৰ ৰায়দানৰ আদেশসহ আৰক্ষীৰ ৰিপৰ্টৰ প্ৰমাণিত কপি (Certified copy) সংগ্ৰহ কৰা হ’ল। নিয়ম অনুসৰি, অসমত সন্দেহযুক্ত নাগৰিকৰ বাবে আৰক্ষীয়ে প্ৰথমে অনুসন্ধান চলাই ৰাজ্যৰ এছপি বৰ্ডাৰ (SP Border) অফিচত সেই ব্যক্তিজনৰ নামত ৰিপৰ্ট জমা দিয়ে। এছপি বৰ্ডাৰ অফিচৰ পৰা কেছ ৰেফাৰেন্স ফৰেনাৰ্ছ ট্ৰাইবিউনলৈ পঠিওৱা হয়। ফৰেনাৰ্ছ ট্ৰাইবিউনেলৰ সদস্যই (বিচাৰক) সেই কেছ ৰেফাৰেন্সৰ ওপৰত ভিত্তি কৰি সন্দেহযুক্ত ব্যক্তিসকললৈ নাগৰিকত্ব প্ৰমাণৰ বাবে জাননী পঠিয়াই দিয়ে। সেই সময়ত নথি-পত্ৰৰ অভাৱত তেওঁক বিদেশী ঘোষণা কৰি শিলচৰ ডিটেইনচন কেম্পত ৰখা হৈছিল।
আৰক্ষীৰ কেছ ৰেফাৰেন্সৰ এঠাইত লিখা আছিল যে দিপালী দাসে বাংলাদেশৰ ছিলেট জিলাৰ দীপপুৰ গাঁও, ডাকঘৰ ধিৰাই অঞ্চলত বাস কৰিছিল আৰু ১৯৮৮ চনত বাংলাদেশৰ ভেটি-মাটি এৰি স্বামী অভিমন্যু দাসৰ সৈতে অসমলৈ গুচি আহিছিল। তেওঁলোকৰ বিবাহ ১৯৮৭ চনত হৈছিল। অৰ্থাৎ দিপালী দাসৰ ক্ষেত্ৰত চৰকাৰী কাগজত (এসপি বৰ্ডাৰৰ কেছ ৰেফাৰেন্স) বাংলাদেশৰ এটা নিৰ্দিষ্ট ঠিকনা আছিল আৰু অসমলৈ কেতিয়া আহিছিল সেইটোও উল্লেখ আছিল।
অসমলৈ আহি দিপালীয়ে কাছাৰ জিলাৰ ধলাই অঞ্চলৰ হাৱাইথাঙত বসবাস কৰিছিল। ১৯৯৭ চনৰ ভোটাৰ তালিকাত সেই অঞ্চলৰ পৰা দিপালী দাসৰ নাম আছিল। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা আৰু পৰৱৰ্তী সময়ত ভাৰতত ভোট দিয়া— এই দুয়োটা তথ্যই মজুত থাকিল। চিএএ-ৰ নিয়মানুযায়ী ২০১৪ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ভাৰতলৈ অহাৰ পিছত আৰু দুখন কাগজৰ প্ৰয়োজন হয়, যিবোৰ অতি সহজে সংগ্ৰহ কৰিব পাৰি। যেনে— কোনো পঞ্জীয়নভুক্ত হিন্দু মন্দিৰৰ পৰা হিন্দু সম্প্ৰদায়ৰ এখন চাৰ্টিফিকেট আৰু দিপালী দাসৰ বাসস্থান হাৱাইথাং অঞ্চলৰ এজন ব্যক্তি যাৰ অসমৰ চূড়ান্ত এনআৰচি (NRC)-ত নাম আছে, তেওঁৰ পৰা এটা চৰিত্ৰৰ প্ৰমাণ পত্ৰ (Character certificate)।
যোৱা বছৰৰ ১৩ ফেব্ৰুৱাৰীত শিলচৰৰ অধিবক্তা ধৰ্মানন্দ দেৱৰ ঘৰলৈ গৈ অনলাইনযোগে আবেদন কৰা হয়। লগত আছিল দিপালী দাস আৰু তেওঁৰ পুত্ৰ আদিত্য। দিপালী দাসে অলপ চিন্তিত হৈ সুধিছিল, "মোৰ একো বিপদ নহ’ব তো?" সমাজকৰ্মী কমল চক্ৰৱৰ্তীয়ে উত্তৰ দিছিল, "দু বছৰ ডিটেইনচন কেম্পত থকাৰ পিছত নতুনকৈ আৰু কি বিপদ হ’ব পাৰে!"
স্বামী অভিমন্যু যোৱা কেইবছৰমানৰ পৰা মানসিক ৰোগত আক্ৰান্ত। শিলচৰত মানসিক ৰোগ বিশেষজ্ঞক দেখুওৱা, বিভিন্ন পৰীক্ষা আৰু ঔষধৰ খৰচ এই অসহায় মানুহখিনিৰ বাবে সাধ্যৰ বাহিৰত। কমল চক্ৰৱৰ্তীয়ে জনায় যে যোৱা কেইমাহমানৰ পৰা চিকিৎসকক দেখুওৱাটোও বন্ধ হৈ আছে।
দিপালী দাসৰ প্ৰথম শুনানি ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে শিলচৰৰ সুপারিন্টেডেণ্ট অৱ পোষ্ট অফিচত (Superintendent of Post Offices) অনুষ্ঠিত হৈছিল। সেইদিনাৰ পিছত আৰু দুবাৰ শুনানি হৈছিল। শুনানিৰ অন্তত দিপালী দাসৰ সকলো নথি-পত্ৰ অনলাইনযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ (MHA) পঠিওৱা হয়। যোৱা বছৰৰ ১২ মে’ত গৃহ মন্ত্ৰালয়ে পঠিওৱা চোৰাংচোৱা বিভাগৰ বিষয়াসহ কেইজনমান লোকে দিপালী দাসৰ হাৱাইথাঙৰ ঘৰলৈ ভৰিফিকেচনৰ (Verification) বাবে গৈছিল। ভৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পিছত চোৰাংচোৱা বিভাগে চৰকাৰলৈ ৰিপৰ্ট পঠিয়াই দিলে।
এবছৰ অতিক্ৰম কৰাৰ পিছত আকৌ দিপালী দাসক শেষবাৰৰ বাবে চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত শিলচৰ সুপারিন্টেডেণ্ট অৱ পোষ্ট অফিচলৈ মাতি পঠিওৱা হয়। অৱশেষত ৬ মাৰ্চত দিপালী দাসে ভাৰতীয় নাগৰিকত্বৰ চাৰ্টিফিকেট লাভ কৰে।
কমল চক্ৰৱৰ্তীয়ে জনায় যে শিলচৰৰ বিশিষ্ট অধিবক্তা ধৰ্মানন্দ দেৱৰ পূৰ্ণ সহযোগিতাতহে এই গোটেই কামটো কৰাটো আমাৰ পক্ষে সম্ভৱ হৈছে।
আজি দিপালী দাসৰ লগতে তেওঁৰ ল’ৰা-ছোৱালীকেইটাও মূৰৰ ওপৰৰ এক বিশাল বোজাৰ পৰা মুক্ত হ’ল। পুত্ৰ আদিত্যৰ লগতে কন্যা অৰ্পিতা, নিবেদিতা, জয়শ্ৰীসহ পৰিয়ালৰ মুঠ ছয়জন সদস্যই ভৱিষ্যতে যদি তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন উঠে, তেন্তে মাকৰ এই নাগৰিকত্বৰ চাৰ্টিফিকেটখন জমা দিলেই নাগৰিকত্ব পাই যাব, কাৰণ ল’ৰা-ছোৱালীকেইটাৰ জন্ম ভাৰততে। কমল চক্ৰৱৰ্তীৰ মতে, পৰিয়ালটোৰ বাবে ইয়াতকৈ আনন্দৰ খবৰ আৰু একো হ’ব নোৱাৰে।
অৱশ্যে দিপালী দাসক দেখি যদি অসমত কোনোবাই চিএএ-ৰ জৰিয়তে আবেদন কৰিব বিচাৰে, তেন্তে তেওঁলোকে যাতে এজন দক্ষ অধিবক্তাৰ সহায় লয়, সেই পৰামৰ্শ আগবঢ়াইছে অধিবক্তা ধৰ্মানন্দ দেৱে।