নতুন দিল্লী
ভাৰতীয় নাগৰিক আৰু কানাডাত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী তথা কানাডা ভ্ৰমণৰ পৰিকল্পনা কৰা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰত চৰকাৰে এই সতৰ্কবাণী জাৰি কৰিছে।
বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কানাডাত ভাৰতীয় নাগৰিক আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱা কানাডাৰ অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
বিশেষকৈ কানাডাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক অত্যন্ত সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
কানাডাত থকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলে অট’ৱাত থকা ভাৰতীয় উচ্চায়ুক্ত বা টৰন্টো আৰু ভেংকুৱাৰত থকা ভাৰতৰ কনছুলেট জেনেৰেলৰ ৱেবছাইট বা MADAD পৰ্টেল madad.gov.inত পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে কোনো জৰুৰীকালীন পৰিস্থিতিত কানাডাত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে ভালদৰে সংযোগ স্থাপন কৰিব পৰা যায়।
সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰাৰ আঁৰত ভাৰত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত, কানাডাৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে। ভাৰতত সন্ত্ৰাসবাদী হিচাপে চিহ্নিত নিজ্জাৰক ১৮ জুনত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ পাৰ্কিং এলেকাত গুৰদ্বাৰাৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কানাডাত ক্ৰমবৰ্ধমান ভাৰত বিৰোধী কাৰ্যকলাপ আৰু ঘৃণাজনিত অপৰাধ, হিংসাৰ পৰিপ্ৰেক্ষিতত তাত থকা সকলো ভাৰতীয় নাগৰিক আৰু ভ্ৰমণৰ কথা চিন্তা কৰাসকলক অতি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।
শেহতীয়াকৈ দেশখনত ভাৰত বিৰোধী এজেণ্ডাৰ বিৰোধিতা কৰা ভাৰতীয় কূটনীতিবিদ আৰু ভাৰতীয় সম্প্ৰদায়ৰ একাংশক লক্ষ্য কৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰিছে। এম ই এয়ে কয় যে কানাডাত থকা ভাৰতৰ উচ্চ আয়োগ, কনছুলেট জেনেৰেলে কানাডাত থকা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ বাবে কানাডা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।