ডুবাইত পুনৰ ড্ৰোণ আক্ৰমণ; বিমানবন্দৰতে আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী-পৰ্যটক

Story by  atv | Posted by  [email protected] • 1 h ago
ডুবাইত পুনৰ ড্ৰোণ আক্ৰমণ; বিমানবন্দৰতে আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী-পৰ্যটক
ডুবাইত পুনৰ ড্ৰোণ আক্ৰমণ; বিমানবন্দৰতে আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী-পৰ্যটক
 
নতুন দিল্লী
 
ইৰান আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ অব্যাহত আছে। ইজৰাইল আৰু আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইৰাণে আমেৰিকাৰ সৈতে জড়িত বিভিন্ন সামৰিক ঘাটি আদিতো আক্ৰমণ কৰিছে। বিশেষকৈ উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সম্পত্তি বা ঘাটিত ইৰাণে আক্ৰমণ অব্যাহত ৰাখিছে। তাৰ অংশ হিচাপে পুনৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত থকা ইন্ধনৰ টেংকত ড্ৰোণ আক্ৰমণ কৰে। যাৰ ফলত ইন্ধনৰ টেংক বিস্ফোৰিত হয়। যুদ্ধ আৰম্ভ হোৱাৰ পিছত ডুবাই বিমানবন্দৰত এয়া তৃতীয়টো ঘটনা। যাৰ ফলত ডুবাই বিমানবন্দৰত বিমান সেৱা পুনৰ বন্ধ কৰি দিয়া হৈছে।
 
ড্ৰোণ আক্ৰমণৰ পিছত ডুবাইৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানবন্দৰত বিমান সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
 
এক্সৰ এটা পোষ্টত কোৱা হৈছে, "যাত্ৰীসকলক তেওঁলোকৰ বিমান সন্দৰ্ভত শেহতীয়া আপডেটৰ বাবে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগে অধিক আপডেট অফিচিয়েল চেনেলৰ জৰিয়তে ঘোষণা কৰা হ'ব।"
 
এনে পৰিস্থিতিত কোনোমতে ইৰানৰ পৰা ওলাই আহি ডুবাই পোৱা ভাৰতীয় শিক্ষাৰ্থী আৰু পৰ্যটক পুনৰ আবদ্ধ হৈ পৰিছে । তেওঁলোকে এতিয়া ভাৰতলৈ উভতি অহাৰ পথ পুনৰ বন্ধ হৈ পৰিছে।
 
আবদ্ধসকলৰ ভিতৰত ৮০ জনীয়া ভাৰতীয় শিক্ষাৰ্থী আৰু পৰ্যটকৰ এটা দলো আছে । দলটোৱে ইৰাণৰ পৰা আৰ্মেনিয়া হৈ ডুবাইত উপস্থিত হৈছিল । আৰ্মেনিয়াৰ ইয়েৰেভানৰ ভাৰ্টনটছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেওঁলোকৰ বিমানখন (ফ্লাইডুবাই এফজেড৪৪১) বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ ডুবাইত ষ্টপ অভাৰৰ বাবে ৰৈ আছিল।
 
কিন্তু ড্ৰোণ আক্ৰমণৰ পিছতে ডুবাই বিমানবন্দৰ বন্ধ হোৱাৰ বাবে শিক্ষাৰ্থীসকল বিমানবন্দৰতে আবদ্ধ হৈ পৰে । জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় আহ্বায়ক নাছিৰ খুয়েহামীয়ে কোৱা মতে শিক্ষাৰ্থীৰ দলটো স্বদেশলৈ উভতি অহাত পলম হ'ব । শিক্ষাৰ্থীসকলক প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি থকা হৈছে বুলি নেতাজনে কৈছে। ভাৰত অভিমুখী বিমানখন পুৱা ৯:৫৫ বজাৰ ভিতৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল।
 
ইয়াৰ মাজতে আৰ্মেনিয়াৰ পৰা যাত্ৰা কৰা প্ৰায় ৩০ জনীয়া আন এটা দল মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে। একেদৰে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় ১০০ৰো অধিক শিক্ষাৰ্থীৰ প্ৰথমটো দল।
 
উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় কৰ্তৃপক্ষই ২৩ ফেব্ৰুৱাৰীত ইৰাণ এৰিবলৈ নাগৰিকসকলক পৰামৰ্শ দিছিল। কিন্তু তাৰ পিছতো চলি থকা সংঘাতৰ মাজতে ইৰাণত আবদ্ধ হৈ পৰে মূলতঃ এম বি বি এছ অধ্যয়ন কৰা প্ৰায় ১২০০ গৰাকী শিক্ষাৰ্থী। শিক্ষাৰ্থীসকলে ইৰাণ এৰিব পৰা নাছিল। তেওঁলোকে বাধ্যতামূলক পৰীক্ষাৰ কথা উল্লেখ কৰে কাৰণ বিশ্ববিদ্যালয়সমূহে পৰীক্ষাসমূহ পিছুৱাই দিবলৈ অস্বীকাৰ কৰাৰ ফলত তেওঁলোক অসুবিধাত পৰে।
 
টেহৰাণত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ চহৰসমূহত শিক্ষাৰ্থীসকল আতংকিত হৈ পৰে। তেওঁলোকৰ লগতে পৰিয়ালবোৰেও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।
 
অৱশেষত ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলক নিজৰ খৰচত চুবুৰীয়া ৰাষ্ট্ৰ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ স্থল সীমাৰে প্ৰস্থানৰ পৰিকল্পনা কৰে।
 
কিন্তু আৰ্মেনিয়াৰ পৰা নতুন দিল্লীলৈ প্ৰতিজন ব্যক্তিৰ বাবদ টিকটৰ মূল্য ৬০,০০০-৭০,০০০ টকাৰ ভিতৰত আছিল, যাৰ ফলত চৰকাৰী সাহায্যৰ অভাৱত উভতি অহাত তেওঁলোক সমস্যাত পৰে।