নতুন দিল্লী
পাকিস্তান-অধিকৃত কাশ্মীৰত প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০ জনতকৈও অধিক লোক নিহত হৈছে আৰু প্ৰায় ২০০ জন লোক আহত হৈছে। কৰ্তৃপক্ষই অঞ্চলটোৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষোভক লৈ প্ৰতিবাদৰ নেতৃত্ব দি অহা এটা প্ৰধান নাগৰিক সমাজৰ মিত্ৰগোট 'যুটীয়া আৱামী একচন কমিটি' (JAAC) ক নিষিদ্ধ কৰাৰ পিছতেই এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে।
জনশৃংখলা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে কৰ্তৃপক্ষই জেএএচিক বেআইনী ঘোষণা কৰিছিল। শুকুৰবাৰে নিশা আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে হোৱা এক মুখামুখিৰ সময়ত এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠাৰ পিছত ৰাৱলাকোট অঞ্চলত উত্তেজনা বৃদ্ধি পায় আৰু সংঘৰ্ষ আৰম্ভ হয়।
ভাৰতৰ স্থিতি এই যে পাকিস্তানে জম্মু-কাশ্মীৰ আৰু লাডাখ নামৰ কেন্দ্ৰীয় শাসিত অঞ্চল দুটাৰ অন্তৰ্গত ভাৰতীয় ভূখণ্ড বেআইনীভাৱে দখল কৰি ৰাখিছে।
আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে জেএএচিৰ প্ৰতিবাদকাৰীসকলে এখন চিকিৎসালয়ৰ মৰ্গৰ (শৱ পৰীক্ষা কৰা গৃহ) বাহিৰত সমবেত হৈছিল, য’ত আৰক্ষীৰ গুলীচালনাত মৃত্যু হোৱা মিত্ৰগোটটোৰ আন এজন সদস্যৰ মৃতদেহ ৰখা হৈছিল।
আৰক্ষীৰ মতে, নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰোঁতে, গোটটোৰ কৰ্মীসকলে তেওঁলোকক লক্ষ্য কৰি স্বয়ংক্ৰিয় ৰাইফেল, পেট্ৰ’ল বোমা আৰু অন্যান্য মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰে।
অঞ্চলটোৰ পুঞ্চ খণ্ডৰ কমিছনাৰ চৰ্দাৰ ৱাহিদ খানে সংবাদ সংস্থা ৰয়টাৰ্ছক কয়, "আইন প্ৰয়োগকাৰীকাৰীসকলৰ প্ৰত্যুত্তৰৰ ফলত ছয়জন প্ৰতিবাদকাৰী নিহত হয়।"
এই অভিযানৰ সময়ত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা বুলিও কৰ্তৃপক্ষই নিশ্চিত কৰিছে। অৱশ্যে, স্থানীয় বাসিন্দা আৰু জেএএচিৰ সমৰ্থকসকলে চৰকাৰী তথ্য অস্বীকাৰ কৰিছে আৰু দাবী কৰিছে যে সাধাৰণ নাগৰিকৰ হতাহতৰ সংখ্যা ইয়াতকৈ বহুত বেছি।
আগন্তুক ২৭ জুলাইত অঞ্চলটোৰ বিধানসভাৰ ৪৫ খন আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনত শৰণাৰ্থীসকলৰ বাবে ১২ খন আসন সংৰক্ষণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জেএএচিয়ে এটা ধৰ্মঘটৰ আহ্বান জনাইছিল। এই পৰিকল্পিত প্ৰতিবাদৰ ঠিক এদিন পূৰ্বেই এই ভয়ংকৰ সংঘৰ্ষৰ ঘটনাটো সংঘটিত হয়।