গোলকীয় উষ্ণতা, বান, ঘূর্ণি বতাহ, খৰাং, অতিবৃষ্টি দুর্যোগৰ বাবেই বিশ্ব অর্থনীতিত ক্ষতি $৪.৩ ত্ৰিলিয়ন

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
জেনেভা
 
বিগত ৫০ বছৰত বিশ্বত প্রাকৃতিক দুর্যোগত প্ৰাণ হেৰুৱাইছে কমেও ২০ লাখ লোকে। অর্ধশতিকাত বিষম বতৰ, জলবায়ু পৰিবৰ্তন আৰু বান তথা খৰাং পৰিস্থিতিৰ বাবে সংঘটিত বিভিন্ন দুর্যোগত বিশ্ব অর্থনীতিত ক্ষতি হৈছে কমেও $৪.৩ ত্ৰিলিয়ন অর্থাৎ প্রায় ₹৩,৫৬,২৮,৯৪০ কোটি। ৰাষ্ট্ৰসংঘৰ পৰিবেশ সম্পর্কীয় সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।   
 
বিশ্ব জলবায়ু সংস্থাই মানৱসৃষ্ট জলবায়ু পৰিবৰ্তনক লৈ প্ৰায়ে সকীয়নি দি আহিছে যদিও এইক্ষেত্ৰত দেশসমূহে ল'বলগীয়া ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই পৰিস্থিতি ক্রমশঃ ভয়াৱহ হৈছে। জেনেভাস্থিত সংস্থাটোৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বান, ঘূর্ণি, খৰাং, অতিবৃষ্টি আদিৰ মাত্ৰা পূৰ্বতকৈ বৃদ্ধি পোৱাত ক্ষয়-ক্ষতি, লোকচানৰ পৰিমাণো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 
 
সংস্থাটোৱে প্ৰকাশ কৰা মতে, ১৯৭০ চনৰ পৰা ২০২১ চনলৈ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতি হৈছে $১.৭ ত্ৰিলিয়নৰ। বিগত ৫০ বছৰত বিশ্বত প্রাকৃতিক দুর্যোগে প্রাণ কঢ়া প্রতি ১০ জন লোকৰ ৯ জনেই উন্নয়নশীল আৰু দৰিদ্ৰ দেশৰ। শেহতীয়াকৈ ম্যানমাৰ আৰু বাংলাদেশত অহা ‘মোকা' ঘূর্ণিৰ প্ৰসংগ উল্লেখ কৰি বিশ্ব সংস্থাটোৰ সচিবপ্ৰধান পেটেৰী টালাছে কয় যে, মানৱসৃষ্ট জলবায়ু পৰিবৰ্তনৰ বাবে দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহত ক্ষতিৰ পৰিমাণ আগলৈ বছৰবোৰত আৰু বৃদ্ধি পাব।  
 
বিগত ৫০ বছৰত বিভিন্ন ধৰণৰ প্ৰায় ১২ হেজাৰটা প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰীয় এলেকাত প্ৰায় ৬৭ হেজাৰ, এছিয়া মহাদেশত প্ৰায় ১০ লাখ, দক্ষিণ আমেৰিকাত ৫৯ হেজাৰ, উত্তৰ আমেৰিকা, মধ্য আমেৰিকা আৰু কেৰিবিয়ান দ্বীপৰাষ্ট্ৰসমূহত প্রায় ৭৮ হেজাৰ আৰু ইউৰোপত ১.৬৭ লাখ লোকে প্ৰাণ হেৰুৱাইছে। 
 
স্মর্তব্য যে যোৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাই অহা ৫ বছৰৰ ভিতৰত পৃথিৱীৰ জলবায়ু ১.৫ ডিগ্রী বৃদ্ধি পাব বুলি সকীয়নি দিছিল। ইয়াৰ ফলত বিশ্বৰ মুঠ জীৱকূলৰ প্ৰায় ১৫ শতাংশ বিলুপ্ত হ'ব।