ট্ৰাম্পৰ সাহসক মই সদায়ে সন্মান কৰো: পুটিন

Story by  atv | Posted by  [email protected] • 1 d ago
ট্ৰাম্পৰ সাহসক মই সদায়ে সন্মান কৰো: পুটিন
ট্ৰাম্পৰ সাহসক মই সদায়ে সন্মান কৰো: পুটিন
 
নতুন দিল্লী
 
দুদিন আগলৈকে আমেৰিকাক খোজে প্ৰতি হুংকাৰ দি অহা পুটিনৰ সুৰ হঠাতে সলনি হ'ল। শেহতীয়াকৈ আমেৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন।
 
ট্ৰাম্পৰ কাম-কাজ আৰু তেওঁৰ চিন্তাধাৰাক ভূয়সী প্ৰশংসা কৰি পুটিনে কয় যে, ডনাল্ড ট্ৰাম্প অতিকৈ এগৰাকী সাহসী ব্য়ক্তি। দুবাৰকৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা ট্ৰাম্পাৰ বাহাদুৰিক মই সদায়ে সন্মান কৰো।
 
ট্ৰাম্পৰ প্ৰশংসাত ইমানতে ক্ষান্ত নাথাকিল পুটিন। তেওঁ লগতে কলে যে, তেওঁ সচাঁ হৃদয়ৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অৱসান বিচাৰিছে। ইয়াত পিছত কোনো স্বাৰ্থ নাই বুলি মই বিশ্বাস কৰো। মধ্য প্ৰাচ্য আৰু ইউক্ৰেইনক লৈ আমেৰিকাই গ্ৰহণ কৰা স্থিতিক পূৰ্ণ সমৰ্থন কৰাৰ কথাও ঘোষণা কৰে পুটিনে।
 
আমেৰিকা আৰু ৰাছিয়াৰ উন্নত ভৱিষ্যতৰ বাবে দুয়োখন দেশে একেলগে কাম কৰাৰ পৰিকল্পনাৰ কথাও সদৰি কৰে পুটিনে। পুটিনৰ এই সুৰ দেখি এতিয়া সকলো আচৰিত। হঠাতে কিয় পুটিন আমেৰিকাৰ প্ৰতি ইমান নৰম হল, তাৰ কাৰণ বিচাৰি পোৱা নাই কোনোৱে।