নতুন দিল্লী
২১ মাহৰ যুদ্ধৰ পিছত যুদ্ধবিৰতিৰ সম্ভাৱনা ইজৰাইল আৰু হামাছৰ মাজত। স্বাস্থ্যকৰ্মীসকলে জনোৱা মতে, ইজৰাইলৰ আক্ৰমণত সমগ্ৰ গাজাত শনিবাৰলৈকে কমেও ৭২ জন লোকৰ মৃত্যু হয়।
দক্ষিণৰ খান ইউনিছ চহৰৰ সমীপৰ মুৱাছিত টেণ্ট কেম্পত ইজৰাইলৰ আক্ৰমণত নিহত হয় পিতৃ-মাতৃকে ধৰি তিনি শিশু। শুই থকা অৱস্থাতে আটাইকেইজন আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল বুলি আত্মীয়ই জনায়।
‘‘এই কণ কণ ল’ৰা-ছোৱালীবোৰে সিহঁতক কি কৰিলে, সিহঁতৰ কি দোষ’’ বুলি কৈ শিশুকেইটাৰ আইতাক ছুৱাদ আবু টেইমাই তেওঁলোকৰ মুখমণ্ডলত চুম্বন যঁচাৰ পিছত হিয়াঢাকুৰি কান্দে। আন একাংশই মৃতদেহকেইটাৰ ওপৰত ৰঙা ফুলেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
মৃত্যু হোৱা আন আন লোকসকলৰ ভিতৰত গাজা চহৰৰ পেলেষ্টাইন ষ্টেডিয়ামৰ সমীপৰ ১২ জন লোক আছে, য’ত স্থানচ্যুত লোকক আশ্ৰয় দিয়া হৈছিল আৰু বাকী ৮ জন স্থানীয় বাসিন্দা বুলি শ্বিফা হাস্পতালৰ কৰ্মচাৰীয়ে জনায়। স্বাস্থ্য বিষয়াই জনোৱা মতে, ২০ টাতকৈ অধিক মৃতদেহ নাছেৰ হাস্পতাললৈ নিয়া হৈছে।
পূব গাজা চহৰৰ এটা পথত দিনৰ ভাগত হোৱা আক্ৰমণত ১১ জন লোকৰ মৃত্যু ঘটে৷ পৰৱৰ্তী সময়ত সেই মৃতদেহবোৰ আল-আহলী চিকিৎসালয়ত ৰখা হয়।
পূব গাজা চহৰত এক সমাৱেশত হোৱা আন এক আক্ৰমণত পাঁচটা শিশুকে ধৰি আঠজন লোকৰ মৃত্যু হোৱা বুলি চিকিৎসালয়খনে জনায়। আল-আউদা হাস্পতালৰ মতে, মধ্য গাজাৰ বুৰেইজ শৰণাৰ্থী শিবিৰৰ প্ৰৱেশদ্বাৰত হোৱা এক সমাৱেশত দুজন লোকৰ মৃত্যু ঘটে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় ‘‘অহা সপ্তাহৰ ভিতৰত যুদ্ধবিৰতি চুক্তি হ’ব পাৰে । আমি গাজাৰ বিষয়ত কাম কৰি আছো আৰু ইয়াৰ যত্ন লোৱাৰ চেষ্টা কৰিছো।’’
শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত এজন বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছৰ আগত এনেদৰে কয়, ‘‘অহা সপ্তাহত ইজৰাইলৰ কৌশলগত পৰিক্ৰমা মন্ত্ৰী ৰন ডাৰ্মাৰে গাজা যুদ্ধবিৰতি, ইৰাণ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনাৰ বাবে ৱাশ্বিংটনত উপস্থিত হ’ব।’’
উল্লেখ্য যে, সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ অনুমতি নথকাৰ বাবেই বিষয়াগৰাকীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত এই কথা কয় ৷ ইজৰাইল আৰু হামাছৰ মাজত পৰোক্ষ আলোচনা পুনৰ অব্যাহত আছে ৷ বিগত মাৰ্চ মাহত ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰাৰ পিছত গাজাত সামৰিক অভিযান অব্যাহত ৰখা হৈছে আৰু ভূখণ্ডটোৰ ভয়াৱহ মানৱীয় সংকটক আৰু আগুৱাই নিয়া হৈছে । গাজাত প্ৰায় ৫০ জন পণবন্দী আছে আৰু তাৰে আধাতকৈও কম লোক এতিয়াও জীয়াই আছে বুলি ধাৰণা কৰা হৈছে।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি যুদ্ধৰ সূচনা কৰাৰ সময়ত পণবন্দী কৰা ২৫১ জন লোকৰ ভিতৰত এইসকলো আছিল। ‘‘গাজাত আৰু কি কৰিবলৈ বাকী আছে, যিটো ইতিমধ্যে কৰা হোৱা নাই ? কাক নিঃশেষ কৰিবলৈ বাকী আছে ?’’ পণবন্দী নিমৰোড কোহেনৰ ভাতৃ যোতাম কোহেনে এনেদৰে কয়।
শেহতীয়াকৈ যুদ্ধবিৰতি শেষ হোৱাৰ পিছত ৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যুদ্ধত ৫৬ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা লোকৰ আধাতকৈ বেছি মহিলা আৰু শিশু।
ইজৰাইলে কেৱল সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ দাবী কৰে আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে হামাছক দোষাৰোপ কৰে৷ সন্ত্ৰাসবাদীয়ে জনবসতিপূৰ্ণ অঞ্চলত কাম কৰাৰ বাবে সাধাৰণ নাগৰিকৰ মাজত লুকাই থকাৰ অভিযোগ উত্থাপন কৰে ইজৰাইলে।
ইজৰাইল-ইৰাণৰ মাজত শেহতীয়াকৈ হোৱা যুদ্ধবিৰতি নিশ্চিত কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ হস্তক্ষেপে গাজা চুক্তিৰ ক্ষেত্ৰতো অধিক চাপ প্ৰয়োগ কৰিব পাৰে বুলি পণবন্দী পৰিয়ালে আশা কৰিছে।
গাজাৰ যুদ্ধৰ অন্ত পৰাৰ বিনিময়ত সকলো পণবন্দীক মুক্ত কৰিবলৈ সাজু বুলি বাৰে বাৰে কৈছে হামাছে । নেতানিয়াহুৱে কয় যে হামাছক নিৰস্ত্ৰ কৰি নিৰ্বাসিত কৰাৰ পিছতহে তেওঁ যুদ্ধৰ অন্ত পেলাব৷
ভোকাতুৰ পেলেষ্টাইনীসকলে গাজাত এক বিপৰ্যয়জনক পৰিস্থিতি সহ্য কৰি আছে। প্ৰায় আঢ়ৈ মাহৰ বাবে সকলো খাদ্যৰ যোগান বন্ধ কৰাৰ পিছত ইজৰাইলে মে’ মাহৰ মাজভাগৰ পৰা এই ভূখণ্ডত খাদ্য যোগানৰ অনুমতি দিছে।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, প্ৰায় এমাহ পূৰ্বে নৱগঠিত গাজা মানৱীয় ফাউণ্ডেশ্যনে এই ভূখণ্ডত সাহায্য বিতৰণ আৰম্ভ কৰাৰ পিছৰে পৰা খাদ্য বিচাৰি ৫০০ ৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱাৰ লগতে শ শ আহত হৈছে।
পেলেষ্টাইনী প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ইজৰাইলী সৈন্যই সেই স্থানসমূহৰ দিশে যোৱা পথত ভিৰ কৰা লোকৰ ওপৰত গুলীচালনা কৰিছে। হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়ি এই স্থানসমূহত উপনীত হয়, ইজৰাইলৰ সামৰিক অঞ্চলৰ মাজেৰে গতি কৰে।
শনিবাৰে উত্তৰ আৰু দক্ষিণ গাজাক পৃথক কৰা পথ নেটজাৰিম কৰিডৰৰ ওচৰত সাহায্য লাভৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত ইজৰাইলী সেনাৰ বন্দুকৰ গুলীত নিহত হৈছিল দুজন লোক ৷ আল-শ্বিফা আৰু আল-আউদা চিকিৎসালয়ৰ প্ৰতিখনতে ৰখা হৈছে এটাকৈ মৃতদেহ ৷ এই সন্দৰ্ভত ইজৰাইলৰ সামৰিক বাহিনীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷