মধ্যপ্ৰাচ্যৰ পৰা দেশলৈ উভতি অহা ভাৰতীয়ৰ মনত এতিয়াও আতংক

Story by  atv | Posted by  [email protected] • 13 h ago
তেহৰানৰ পৰা ঘূৰি অহা ভাৰতৰ প্ৰথমটো দল
তেহৰানৰ পৰা ঘূৰি অহা ভাৰতৰ প্ৰথমটো দল
 
নতুন দিল্লী
 
ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে ডুবাইৰ পৰা দিল্লীৰ আইজিআই (IGI) বিমানবন্দৰত উপস্থিত হোৱা যাত্ৰীসকলে মধ্যপ্ৰাচ্যৰ ভয়াৱহ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে, স্থানীয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথাসম্ভৱ চেষ্টা কৰিছে যদিও ধাৰাবাহিক বিস্ফোৰণৰ শব্দই সাধাৰণ মানুহৰ মাজত তীব্ৰ অস্বস্তি আৰু শংকাৰ সৃষ্টি কৰিছে।
 
বিমানবন্দৰত উপস্থিত হোৱা এজন যাত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ডুবাইৰ কিছুমান ঠাইত সমস্যাই দেখা দিছে আৰু মাজে মাজে বিস্ফোৰণৰ শব্দ শুনা গৈছে। আন এজন যাত্ৰীৰ মতে, যিসকল লোক ডুবাইলৈ ফুৰিবলৈ বা কামৰ বাবে গৈছিল, তেওঁলোকৰ মাজত আতংক অধিক দেখা গৈছে। স্থানীয় লোকসকলৰ তুলনাত বাহিৰৰ পৰা যোৱা লোকসকল এই অনিশ্চিত পৰিৱেশক লৈ বেছি চিন্তিত হৈ পৰিছে।
ইফালে, যুদ্ধৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীত আৱদ্ধ হৈ থকা বাংলাদেশৰ নাগৰিকসকলক নিৰাপদে ওভতাই নিবলৈ 'ইউএচ-বাংলা এয়াৰলাইনছে' (US-Bangla Airlines) দুখন বিশেষ বিমানৰ ব্যৱস্থা কৰিছে। এই বিমানকেইখনে বুধবাৰ আৰু বৃহস্পতিবাৰে ঢাকা আৰু ডুবাইৰ মাজত চলাচল কৰি আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিব।
উল্লেখযোগ্য যে, ইৰানৰ উচ্চতম নেতা আয়াতুল্লাহ খামেনেইসহ কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যৰ এই সংঘাত চতুৰ্থ দিনত ভৰি দিছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত তেহৰাণে অঞ্চলটোত থকা আমেৰিকাৰ সামৰিক ঘাটি আৰু ইজৰাইলৰ সম্পত্তি লক্ষ্য কৰি ওলোটা আক্ৰমণ চলাইছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে।