বেংগালুৰু
	 
	ইণ্ডিগ' এয়াৰলাইন্সে শুকুৰবাৰে বেংগালুৰু আৰু ৰিয়াদৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, যি ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।জেদ্দাৰ পিছতে ছৌদি আৰৱৰ  ৰিয়াদ হৈছে ভাৰতৰ প্ৰযুক্তি কেন্দ্ৰৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰা দ্বিতীয়খন চহৰ।
	 
	বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, ইণ্ডিগ'ৱে ভ্ৰমণকাৰীসকলৰ বাবে সুলভ আৰু নিৰৱচ্ছিন্ন সংযোগ প্ৰদানৰ লক্ষ্যৰে এই নতুন পথত নিজৰ এয়াৰবাছ এ৩২০ বিমান চলাব।
	 
	বৰ্তমান ইণ্ডিগ'ই ভাৰতক চৌদি আৰৱৰ চাৰিখন মূল চহৰ - জেদ্দা, ৰিয়াদ, ডাম্মাম, আৰু মদিনাৰ সৈতে সংযোগ কৰাৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান নেটৱৰ্কৰ সৈতে সংযোগ কৰিছে।
	 
	বেংগালুৰু-ৰিয়াদ পথৰ সংযোজনে অঞ্চলটোত ইণ্ডিগ'ৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। এই সম্প্ৰসাৰণে ভাৰত আৰু মধ্যপ্ৰাচ্যৰ মাজত ব্যৱসায়িক ভ্ৰমণ, বাণিজ্য, কৰ্মশক্তিৰ গতিবিধি আৰু পৰ্যটনৰদ্বাৰা পৰিচালিত বৰ্ধিত চাহিদাক সমৰ্থন কৰে বুলি বিবৃতিত লগতে উল্লেখ কৰা হৈছে। 
	 
	ইণ্ডিগ’ৰ বিপনন মুৰব্বী বিনয় মালহোত্ৰাই কয়, "চৌদি আৰৱৰ ৰাজধানী আৰু বাণিজ্য আৰু বিনিয়োগৰ এক মূল কেন্দ্ৰ হিচাপে ভাৰতৰ সৈতে বিমান সংযোগ শক্তিশালী কৰাৰ বাবে ইণ্ডিগ’ৰ বাবে ৰিয়াদ তাৎপৰ্যপূৰ্ণ। বেংগালুৰুৰ পৰা এই নতুন পথটোৱে দিল্লী, মুম্বাই আৰু হায়দৰাবাদৰ পিছত ইণ্ডিগ'ৰ ৰিয়াদলৈ চতুৰ্থটো ননষ্টপ সংযোগ। ই অঞ্চলটোৰ ব্যৱসায় আৰু কৰ্মশক্তিৰ বাবে সুলভতা বৃদ্ধি কৰাৰ লগতে সমগ্ৰ চৌদি আৰব আৰু মধ্যপ্ৰাচ্যত ইণ্ডিগ'ৰ ক্ৰমবৰ্ধমান নেটৱৰ্কক শক্তিশালী কৰিব। এই মুকলিৰ জৰিয়তে আমি আন্তঃৰাষ্ট্ৰীয় সংযোগ সম্প্ৰসাৰণ আৰু ভ্ৰমণক অধিক সুবিধাজনক কৰি তোলাৰ ওপৰত আমাৰ মনোনিৱেশ অব্যাহত ৰাখিছো।"
	 
	বিমান সংস্থাটোৱে প্ৰকাশ কৰা সূচী অনুসৰি ১৬ নৱেম্বৰৰ পৰা ৬ই ০০৫৩ নং বিমানত বেংগালুৰু-ৰিয়াদৰ বিমানখন মঙলবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে  বেংগালুৰুৰ পৰা ২২:০৫ বজাৰ পৰা যাত্ৰা কৰিব। আৰু সোমবাৰ, বুধবাৰ, শুকুৰবাৰ, শনিবাৰ, আৰু দেওবাৰে ৬ই ০০৫৪ ৰিয়াদৰ পৰা ২:০০ বজাত যাত্ৰা কৰি পুৱা ৯:১৫ বজাত বেংগালুৰুত উপস্থিত হ’ব।
	 
	ইণ্ডিগোৰ ৪০০+ বিমানৰ বহৰ আছে আৰু বিমান সংস্থাটোৱে দৈনিক প্ৰায় ২২০০+ বিমান সেৱা চলায়, ৯০+ ঘৰুৱা আৰু ৪০+ আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান সংযোগ কৰে। ২০২৪ চনত ৫৮খন বিমানক অন্তৰ্ভুক্ত কৰিছিল আৰু বিত্তীয় বৰ্ষ ২৫ত ১১৮ মিলিয়নতকৈ অধিক গ্ৰাহকক আদৰণি জনাইছে।