ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি ঘোষণা

Story by  atv | Posted by  [email protected] • 1 Months ago
ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি ঘোষণা
ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি ঘোষণা
 
নতুন দিল্লী
 
শনিবাৰে পুৱাই ছিৰিয়া আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি হৈছে। এই চুক্তিৰ কথা আমেৰিকাৰ ৰাষ্ট্ৰদূত টম বেৰেকে ঘোষণা কৰিছে।
 
দক্ষিণ ছিৰিয়াৰ ছুৱায়দা প্ৰদেশত ড্ৰুজ সংখ্যালঘু আৰু বেদুইন জনগোষ্ঠীৰ মাজত চলি থকা হিংসাত্মক সংঘৰ্ষৰ পিছত এই চুক্তি কৰা হৈছে। এই সংঘৰ্ষত শ শ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে।
 
এই চুক্তিখনে তুৰ্কি, জৰ্ডান আৰু অন্যান্য চুবুৰীয়া দেশৰ সমৰ্থন লাভ কৰিছে, যিয়ে অঞ্চলটোত শান্তি আৰু প্ৰগতিৰ আশাৰ সৃষ্টি কৰিছে।
 
টম বেৰেকে ছ’চিয়েল প্লেটফৰ্ম এক্সত কৈছে যে, ‘ড্ৰুজ, বেডুইন আৰু চুন্নী সম্প্ৰদায়ক অস্ত্ৰ-শস্ত্ৰ এৰি আন সংখ্যালঘুৰ সৈতে যোগ দি এখন নতুন, সংযুক্ত ছিৰিয়া নিৰ্মাণ কৰক, যিয়ে ওচৰ-চুবুৰীয়াৰ লগত শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকে।’
 
তেওঁ অৱশ্যে চুক্তিখনৰ সবিশেষ সন্দৰ্ভত বিতংভাৱে কোৱা নাই।দেওবাৰৰ পৰা ছুৱেইদাত ড্ৰুজ মিলিচীয়া আৰু স্থানীয় চুন্নী বেদুইন জনগোষ্ঠীৰ মাজত সংঘৰ্ষ চলি আছিল ইয়াৰ পিছত ছিৰিয়াৰ সেনাই শান্তি পুনৰুদ্ধাৰৰ নামত ইয়াৰ মাজত জপিয়াই পৰে যদিও ইয়াক বেদুইন গোটসমূহক সমৰ্থন কৰা দেখা গ’ল।
 
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ড্ৰুজ সম্প্ৰদায়ক সুৰক্ষা প্ৰদানৰ বাবে ছিৰিয়াৰ সেনাবাহিনীৰ ওপৰত বিমান আক্ৰমণ চলায়।
 
ইজৰাইলৰ ড্ৰুজ সম্প্ৰদায়ক আনুগত্যশীল সংখ্যালঘু বুলি গণ্য কৰা হয়, যিসকলক প্ৰায়ে তাত থকা সেনাবাহিনীত বৃহৎ সংখ্যক অন্তৰ্ভুক্ত কৰা হয়।
 
উল্লেখযোগ্য যে, এই সংঘৰ্ষত শ শ লোকৰ মৃত্যু হয় আৰু চৰকাৰী বাহিনীয়ে ড্ৰুজ সাধাৰণ নাগৰিকক হত্যা, লুটপাত আৰু ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হয়।