নতুন দিল্লী
এতিয়াৰে পৰা দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ ২ ঘন্টাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। জাপান চৰকাৰেহে অচিৰেই আনিব এনে এখন আইন।
দৰাচলতে জাপানত অত্যাধিক মোবাইল ব্যৱহাৰৰ বাবে বৃদ্ধি পাইছে ভিন্ন মানসিক সমস্যা। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে জাপান চৰকাৰে কৰিছে এই চিন্তা। প্ৰথমে এখন বিশেষ ব্যস্ত চহৰত প্ৰযোজ্য কৰিব এই নিয়ম। তাৰ পিছতে পৰ্যায়ক্ৰমে সমগ্ৰ দেশত এই নতুন আইনখন কাৰ্যকৰী কৰিব জাপানে।
যোৱা ২৫আগষ্টচ টকিঅ নগৰ নিগমে এই নিয়ম প্ৰযোজ্য কৰাৰ বাবে যাৱতীয় সিদ্ধান্ত আৰু পৰিকল্পনা কৰিছে। টকিঅৰ মেয়ৰ মাছাফুমী কৌকিয়ে সদৰি কৰিছে যে, মানুহৰ মানসিক সমস্যা আৰু কামৰ প্ৰতি আগ্ৰহ অধিক বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱাৰ বাবে আমি আগবাঢ়িছো। আমি আশা কৰিছো আমাৰ এই সিদ্ধান্তই বহু পৰিয়ালক পৰিয়ালৰ সৈতে সচাঁঅৰ্থত সময় কটাবলৈ সুবিধা প্ৰদান কৰিব।
ইফালে এই বিধেয়কক লৈ জাপানৰ সদনত ২২ছেপ্টেম্বৰত মতদান প্ৰক্ৰিয়া সম্পন্ন হয়। যদিহে গৰিষ্ঠ সংখ্যকে সদনত এই বিধেয়কৰ সপক্ষে ভোট প্ৰদান কৰে, তেন্তে এক যুগান্তকাৰী সিদ্ধান্ত লোৱা এখন দেশত পৰিণত হ'ব জাপান।