ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে নেপাল চৰকাৰে

Story by  atv | Posted by  [email protected] • 18 h ago
ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে নেপাল চৰকাৰে
ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে নেপাল চৰকাৰে
 
কাঠমাণ্ডু
 
হিংসাত্মক প্ৰতিবাদৰ মাজতে অৱশেষত নেপাল চৰকাৰে ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এই নিষেধাজ্ঞা উঠাই লোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে।
 
চুবুৰীয়া দেশখন চলি থকা প্ৰতিবাদ, ক্ষোভৰ জুইৰ ফলত সৃষ্টি হোৱা গভীৰ সংকটৰ মাজতে সোমবাৰে নিশা চৰকাৰে কেবিনেট বৈঠক আহ্বান কৰিছিল। এই কেবিনোট বৈঠকতে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 
উল্লেখযোগ্য যে, দেশখনত ২৬টা সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। দেশৰ ৰাজধানী চহৰৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীক ৰুধিবলৈ নিয়োগ কৰা হৈছিল সেনা বাহিনী। এই প্ৰতিবাদত এই পৰ্যন্ত ২৪ৰ মৃত্যু হোৱাৰ লগতে আগত হৈছে শতাধিক লোক।
 
আনহাতে, কেবিনেট বৈঠকৰ পাছত নেপালৰ যোগাযোগ, তথ্য আৰু প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে ঘোষণা কৰে যে, চৰকাৰে GenZৰ দাবী মানি সামাজিক মাধ্যম পুনৰ খোলাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, তেওঁ স্পষ্ট কৰে যে পূৰ্বৰ নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্তৰ বাবে চৰকাৰে কোনো অনুতাপ নাই।  চৰকাৰে পূৰ্বৰ সিদ্ধান্তৰ বাবে আক্ষেপ নকৰে, কিন্তু আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে। নেপালত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পথ পুনৰ মুকলি কৰা হৈছে। লগতে আন্দোলনৰ অন্ত পেলাবলৈ প্ৰতিবাদকাৰীক আহ্বান জনায়।
 
উল্লেখযোগ্য যে, এই কেবিনেট বৈঠকতে হিংসাত্মক ঘটনা পৰ্যালোচনাৰ বাবে এখন অনুসন্ধান সমিতি গঠন কৰা হৈছে। সমিতিখনে ১৫ দিনৰ ভিতৰত নেপাল চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।
 
তাৰোপৰি চলি থকা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে গ্ৰহণ কৰিছে কে পি শৰ্মা অলিৰ পদত্যাগ পত্ৰ। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে দেশৰ পৰিস্থিতি সুস্থিৰ নহ’ব বুলি সদৰি কৰিছিল সেনাই। সম্প্ৰতি, যিকোনো মুহুৰ্ততে কে পি শৰ্মা অলিয়ে দেশ এৰাৰ সম্ভাৱনাই দেখা দিছে। স্বাস্থ্যজনিত কাৰণৰ দোহাই দি ডুবাইলৈ যোৱাৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীগৰাকীৰ।
 
দেশখনৰ যুৱ প্ৰজন্মৰ নেতৃত্বত চলি থকা হিংসাত্মক প্ৰতিবাদে চুবুৰীয়া দেশখনক জোকাৰি যোৱাৰ ফলত ভাৰতে মঙলবাৰে নেপালত থকা নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰে। এই পৰামৰ্শত নতুন দিল্লীয়ে নেপালত বসবাস কৰা ভাৰতীয়সকলক সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ আগবঢ়াই আৰু কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।
 
এক আনুষ্ঠানিক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালিৰে পৰা নেপালৰ পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি জীৱন হেৰুওৱা যুৱক-যুৱতীসকলৰ বাবে দুখ প্ৰকাশ কৰিছে।
 
বিবৃতিটোত কোৱা হৈছে যে, "আমি কালিৰে পৰা নেপালৰ পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছো আৰু বহু যুৱকৰ প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। মৃতকৰ পৰিয়ালৰ বাবে আমাৰ গভীৰ সমবেদনা আছে। লগতে আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰিছো।"