সামাজিক মাধ্যম নিষিদ্ধ কৰালৈ নেপালত বৃহৎ Gen Z প্ৰতিবাদত ২০ জন নিহত, ২৫০ জন আহত

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
 সংসদৰ সমীপত আৰক্ষীৰ সৈতে বিক্ষোভকাৰীৰ সংঘৰ্ষ
সংসদৰ সমীপত আৰক্ষীৰ সৈতে বিক্ষোভকাৰীৰ সংঘৰ্ষ
কাঠমাণ্ডু

কে পি শৰ্মা অলি চৰকাৰৰ দুৰ্নীতি আৰু শেহতীয়াকৈ ২৬টা সামাজিক মাধ্যমৰ প্লেটফৰ্ম নিষিদ্ধ কৰাৰ বাবে নেপালত সোমবাৰে ব্যাপক প্ৰতিবাদৰ নেতৃত্ব দিয়ে জেন জি (Gen Z)য়ে। অনলাইনযোগে আৰম্ভ হোৱা কথা আছিল যদিও ই ৰাজপথলৈ বিয়পি পৰে, সংসদৰ সমীপত আৰক্ষীৰ সৈতে বিক্ষোভকাৰীৰ সংঘৰ্ষ হয়। নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাৰ ফলত সমগ্ৰ হিমালয় ৰাষ্ট্ৰখনত কমেও ২০ জন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে ২৫০ জনতকৈ অধিক লোক আহত হয়।

‘জেন জি বিপ্লৱ’ বুলি অভিহিত কৰা প্ৰতিবাদত হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰী, বহুতেই স্কুল বা কলেজৰ পোছাক পিন্ধি কাঠমাণ্ডুৰ ৰাজপথলৈ ওলাই আহে। বহুতে নিষিদ্ধ অঞ্চল ভংগ কৰে, আৰক্ষীৰ বেৰিকেড ভাঙে। সংঘৰ্ষ তীব্ৰতৰ হোৱাৰ লগে লগে আৰক্ষীয়ে একাধিক স্থানত গুলীচালনা কৰাৰ ফলত কৰ্তৃপক্ষই ৰাজধানীত সান্ধ্য আইন জাৰি কৰে।

কাঠমাণ্ডুৰ মাজেৰে পদযাত্ৰা কৰি বহুতে ৰাষ্ট্ৰীয় পতাকা আৰু "সামাজিক মাধ্যম নহয় দুৰ্নীতি বন্ধ কৰক", "সামাজিক মাধ্যম মুকলি কৰক", আৰু "দুৰ্নীতিৰ বিৰুদ্ধে যুৱক" আদি শ্লোগানযুক্ত প্লেকাৰ্ড লৈ গৈছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰশাসনে সংসদ এলেকা আৰু ৰাজধানীৰ অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহ সামৰি কাৰ্ফিউৰ নিৰ্দেশ জাৰি কৰে, কাৰণ দিনটোৰ পুৱাৰ পৰা পৰিস্থিতি ক্ৰমান্বয়ে অস্থিৰ হৈ পৰে। ভাৰতৰ সমীপৰ ভৈৰহাৱা সীমান্তত সান্ধ্য আইন জাৰি কৰা হৈছে।

এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে এই প্ৰতিবাদ কেৱল জেন জি নেতৃত্বত চলি থকা ধাৰণাটো ভুল বুলি কয়। তেওঁৰ মতে, এই আন্দোলনত সকলো বয়সৰ লোক, মিলেনিয়েল, আনকি বুমাৰও অন্তৰ্ভুক্ত হৈছে, যিসকলক সামাজিক মাধ্যম নিষেধাজ্ঞাৰ বাহিৰেও বহল উদ্বেগে একত্ৰিত কৰিছে।
দেশখনৰ অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে লুকাই থকা ক্ষোভৰ বাবেই এই প্ৰতিবাদ। এই প্ৰতিবাদ জবাবদিহিতা আৰু পৰিৱৰ্তনৰ দাবীত এক বহল নাগৰিক অধিকাৰ আন্দোলনলৈ বিকশিত হৈছে।

নেপাল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে “সামাজিক মাধ্যম নিষিদ্ধ আৰু ৰাজনৈতিক দুৰ্নীতিৰ বিৰুদ্ধে যুৱক-যুৱতী নেতৃত্বাধীন প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীয়ে অত্যধিক বল প্ৰয়োগ”ৰ বাবে প্ৰতিবাদকাৰীৰ মৃত্যু আৰু আহত হুৱাৰ বাবে গৰিহণা দিছে।

সেনা নিয়োগ কৰা হৈছে


কাঠমাণ্ডুৰ প্ৰতিবাদৰ এলেকাত আইন-শৃংখলা বলবৎ কৰিবলৈ নেপাল সেনাক নিয়োগ কৰা হৈছে বুলি চৰকাৰী মুখপাত্ৰৰ উদ্ধৃতিৰে বাতৰি সংস্থাই প্ৰকাশ কৰিছে।

কাঠমাণ্ডুৰ বালুৱাটাৰত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত নেপালৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত মুখ্য সচিব এক নাৰায়ণ আৰিয়াল, বিত্তমন্ত্ৰী বিষ্ণু পৌডেল, গৃহমন্ত্ৰী ৰমেশ লেখক, বৈদেশিক মন্ত্ৰী অৰ্জু ৰানা দেউবা, প্ৰতিৰক্ষা মন্ত্ৰী মনবীৰ ৰায় আৰু সেনা প্ৰধান অশোক ৰাজ ছিগডেল উপস্থিত থাকে।

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন নকৰাৰ বাবে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউবকে ধৰি ২৬টা সামাজিক মাধ্যম প্লেটফৰ্ম ব্লক কৰাৰ বাবে ৪ ছেপ্টেম্বৰত চৰকাৰে লোৱা সিদ্ধান্তৰ ফলত জেন জি নেতৃত্বত আন্দোলনটো জ্বলি উঠিছিল।

চৰকাৰে এই নিষেধাজ্ঞা নিয়ন্ত্ৰণ অনুসৰণৰ বিষয় বুলি দাবী কৰিলেও প্ৰতিবাদকাৰীসকলে ইয়াক সমালোচনাত্মক কণ্ঠ আৰু সংগঠিত মতানৈক্য দমনৰ লক্ষ্যৰে প্ৰত্যক্ষ চেঞ্চৰশ্বিপৰ কাৰ্য্য হিচাপে লয়।
চৰকাৰে জাৰি কৰা ফোন আৰু ইণ্টাৰনেট ব্লেকআউটৰ পিছতো জেন জিৰ কৰ্মীসকলে সংগঠিত হ’বলৈ টিকটক আৰু ৰেডিটৰ দৰে বিকল্প প্লেটফৰ্মৰ সুবিধা লয়। চৰকাৰ আৰু ইয়াৰ নীতিৰ বিৰুদ্ধে শ্লোগান দি হাজাৰ হাজাৰ যুৱ বিক্ষোভকাৰী সমবেত হয়। মৈতিঘৰ মণ্ডলৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা সংসদ ভৱনৰ দিশে আগবাঢ়ে।

প্ৰতিবাদকাৰীসকলে সংসদৰ কাষ চাপি অহাৰ লগে লগে আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে যদিও ক্ষুব্ধ ভিৰটোৱে ঠাইখিনি ভাঙি পেলায়, যাৰ ফলত বিষয়াসকলে কন্দুৱা গেছ নিক্ষেপ কৰি পানীৰ কামান নিয়োগ কৰে। বিশৃংখলতাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে সংসদ চৌহদ ভংগ কৰি প্রৱেশ কৰিবলৈ সক্ষম হয়।

অনলাইনত প্ৰচাৰিত ভিডিঅ’ আৰু ছবিত দেখা গৈছে যে কন্দুৱা গেছৰ কেনিষ্টাৰ ব্যৱহাৰ কৰা হয়, আনহাতে বিক্ষোভকাৰীয়ে আৰক্ষীৰ ওপৰত গছৰ ডাল আৰু পানীৰ বটল নিক্ষেপ কৰে।

প্ৰতিবাদকাৰীয়ে সংসদৰ এখন গেট ভাঙি জুই লগাই দিয়ে, ভিজুৱেলত দেখা গৈছে যে সেই ঠাইৰ পৰা ডাঠ ক’লা ধোঁৱা ওলাই আহিছে। ধোঁৱা ওলাবলৈ আৰম্ভ কৰাৰ কিছু মুহূৰ্তৰ আগতে গেটৰ ওচৰৰ বেৰৰ পৰা এজন মানুহ জপিয়াই পৰা দেখা গ’ল।

বহু আন্দোলনকাৰীয়ে স্কুল-কলেজৰ পোছাক পিন্ধি পতাকা আৰু "স্বাধীন কণ্ঠ আমাৰ অধিকাৰ" আৰু "কৰদাতাৰ ধন ক'লৈ গ'ল?" শ্লোগানযুক্ত প্লেকাৰ্ড লৈ আহে। 

‘জেন জি বিপ্লৱ’ বুলি অভিহিত কৰা এই আন্দোলনটো দুৰ্নীতি আৰু অৰ্থনৈতিক বৈষম্যক লৈ উতলি থকা ক্ষোভৰ পৰাই উদ্ভৱ হৈছে বুলি বিশ্লেষকসকলে যুক্তি আগবঢ়ায়। সামাজিক মাধ্যমক নিষিদ্ধ কৰাৰ চৰকাৰৰ পদক্ষেপে চূড়ান্ত স্ফুলিংগ হিচাপে কাম কৰে, নেপালৰ ডিজিটেল-চেভি যুৱক-যুৱতীসকলক অনলাইন স্থানৰ পৰা ৰাজপথলৈ ঠেলি দিছিল এক সাহসী আৰু সমন্বিত অৱজ্ঞাৰ প্ৰদৰ্শনত।

সামাজিক মাধ্যম নিষেধাজ্ঞাৰ সমৰ্থন প্ৰধানমন্ত্ৰীৰ


ইফালে, প্রধানমন্ত্রী কে পি শৰ্মা অলীয়ে ৰাষ্ট্ৰৰ পঞ্জীয়নবিহীন সামাজিক মাধ্যম প্লেটফৰ্মসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ সমৰ্থন কৰি কয় যে যদিও যোৱা সময়ছোৱাত কিছুমান গোটে এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে "ৰাষ্ট্ৰক ক্ষতি কৰাৰ যিকোনো প্ৰচেষ্টা সহ্য কৰা নাযাব"।

শাসকীয় নেপাল কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনিষ্ট)ৰ অধিৱেশনত ভাষণ দি অলিয়ে কয় যে দলটোৱে “সদায় বিজুতি আৰু অহংকাৰৰ বিৰুদ্ধে থিয় দিব, আৰু জাতিটোক দুৰ্বল কৰা কোনো কাম কেতিয়াও মানি নলয়।”

তেওঁ কয়, "এমুঠিমান ব্যক্তিৰ চাকৰি হেৰুৱাতকৈ জাতিৰ স্বাধীনতা অধিক আৱশ্যক। আইন অৱজ্ঞা কৰা, সংবিধানক অৱজ্ঞা কৰা, জাতীয় মৰ্যাদা, স্বাধীনতা, সাৰ্বভৌমত্বক অসন্মান কৰাটো কেনেকৈ গ্ৰহণযোগ্য হ’ব পাৰে।"

মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি সামাজিক মাধ্যম কোম্পানীসমূহক ২৮ আগষ্টৰ পৰা পঞ্জীয়ন কৰিবলৈ সাত দিনৰ সময় দিছিল। কিন্তু বুধবাৰে নিশা সময়সীমা শেষ হোৱাৰ পিছতো মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), এলফাবেট (ইউটিউব), এক্স (পূৰ্বৰ টুইটাৰ), ৰেডিট, লিংকডইনকে ধৰি কোনো এটা ডাঙৰ প্লেটফৰ্মে আবেদন দাখিল কৰা নাছিল।

গৃহমন্ত্ৰীৰ পদত্যাগ


কাঠমাণ্ডুৰ বাহিৰলৈ বিক্ষোভ আন আন চহৰলৈ বিয়পি পৰাত প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে নৈতিক দায়বদ্ধতাৰ কথা উল্লেখ কৰি পদত্যাগ কৰে। কাঠমাণ্ডু বাহিৰতো অন্যান্য চহৰৰ মাজেৰে পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় পতাকা আৰু শ্লোগান থকা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।